ETV Bharat / entertainment

পুনৰ ভাইৰেল আলিয়া-ৰণবীৰৰ সৈতে কন্যা ৰাহাৰ এটি মৰমলগা ভিডিঅ’

author img

By ANI

Published : Mar 4, 2024, 12:58 PM IST

Ranbir-Alia With Daughter Raha: বৰ্তমান চৰ্চাত মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান ৷ এই অনুষ্ঠানত চলচ্চিত্ৰ, ক্ৰিকেট আৰু ব্যৱসায়িক জগতৰ বহু বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰে । ৰণবীৰ কাপুৰ, আলিয়া ভাটৰ নামো এই তালিকাত অন্তৰ্ভুক্ত । দুয়োগৰাকীয়ে কন্যা ৰাহা কাপুৰকো লৈ গৈছিল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিংলৈ । চাওক ভিডিঅ’ ৷

after Anant-Radhika's pre wedding Ranbir-Alia with daughter Raha leave from Jamnagar, watch
ৰাহাৰ এটি মৰমলগা ভিডিঅ’

চিটাৰা ডেস্ক, ৪ মাৰ্চ: অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ বিষয়ে বৰ্তমান সমগ্ৰ দেশতে চৰ্চা চলিছে । তিনিদিন ধৰি চলি থকা এই উদযাপনত সমগ্ৰ বিশ্বৰ চেলিব্ৰিটিসকলে অংশগ্ৰহণ কৰে । ইফালে প্ৰায় সমগ্ৰ বলীউডেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ অন্যান্য চেলিব্ৰিটিৰ ভিতৰত আছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ মৰমলগা কন্যা ৰাহা কাপুৰৰ নাম ৷ অৱশ্যে ৰাহাই একো নোকোৱাকৈয়ে এই অনুষ্ঠানটোত লাইমলাইট দখল কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, শেহতীয়াকৈ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিঙৰ পৰা ৰাহাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল ৷ য’ত তেওঁক মাকৰ কোলাত অনন্ত আম্বানীক চাই ইফাল সিফাল কৰি থকা দেখা গৈছিল ৷ এই ভিডিঅ’টো অতি কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ অৱশ্যে ৰাহা এনেকুৱা এগৰাকী ষ্টাৰকিড, যাৰ প্ৰথম দৰ্শনতেই সকলো অনুৰাগী হৈ পৰিছিল ৷

ঘৰলৈ ৰাওনা হ’ল কাপুৰ পৰিয়াল

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ চলিছিল । একে সময়তে এতিয়া সকলো চেলিব্ৰিটি জামনগৰৰ পৰা নিজ নিজ ঘৰলৈ ৰাওনা হৈছে । ইয়াৰ ভিতৰত সোমবাৰে জামনগৰৰ পৰা মুম্বাইলৈ উভতি অহাৰ সময়ত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটকো দেখা গৈছিল ।

ভাইৰেল হৈ পৰিল ৰাহাৰ নতুন ভিডিঅ’

ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীৰ প্ৰি-ৱেডিং অনুষ্ঠানত মাতৃ আলিয়া ভাটৰ কোলাত ঘূৰি ফুৰা দেখা গৈছিল ৰাহা কাপুৰক । এতিয়া এই অনুষ্ঠান শেষ হোৱাৰ পিচত পিতৃ ৰণবীৰ কাপুৰৰ কোলাত ঘৰলৈ ৰাওনা হৈছে ৰাহা । সদায়ৰ দৰে এইবাৰো ৰাহাক কেমেৰালৈ চাই মুখখনেৰে বিভিন্ন ভংগীমা কৰা দেখা যায় ৷ একে সময়তে জীয়েকৰ এই কাণ্ড দেখি আলিয়াই হাঁহিবলৈ ধৰে । এতিয়া এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

আম্বানীৰ ভিভিআইপি অতিথিৰ তালিকা

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিঙৰ তালিকাত শ্বাহৰুখ খান, অমিতাভ বচ্চন, আমিৰ খান, অনিল কাপুৰ, ৰণবীৰ সিং, দীপিকা পাডুকন, জাহ্নৱী কাপুৰ, অনন্যা পাণ্ডেকে ধৰি বহু তাৰকাৰ নাম অন্তৰ্ভুক্ত আছে । একে সময়তে ক্ৰিকেট জগতৰ মহেন্দ্ৰ সিং ধোনী আৰু শচীন তেণ্ডুলকাৰো পৰিয়ালসহ প্ৰি-ৱেডিঙত অংশগ্ৰহণ কৰিছিল ।

ইয়াৰ উপৰিও মেটা চেয়াৰমেনৰ মাৰ্ক জুকাৰবাৰ্গ, মাইক্ৰ’ছফ্টৰ মালিক বিল গেটছ আৰু ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: অনন্ত আম্বানীৰ সৈতে ৰাহাৰ এই মৰমলগা ভিডিঅ’ই মন জয় কৰিব আপোনাৰো; চাওক সম্পূৰ্ণ ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.