গুৱাহাটী, 19 আগষ্ট : চলিত বৰ্ষত মুক্তি পাবলগীয়া প্ৰত্যাশিত ছবিসমূহৰ ভিতৰত এখন অন্যতম ছবি হৈছে "ৰুদ্ৰ"। পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম ৷ ছবিখনৰ পৰিচালকে জানিবলৈ দিয়া অনুসৰি ছবিখনৰ ইতিমধ্যে 65% কাম সম্পন্ন হৈছে । মহানগৰীৰ কেবাটাও প্ৰান্তত শ্বুটিং সমাপন কৰাৰ পাচত দেওবাৰে মহানগৰীৰ বশিষ্ঠত ছবিখনৰ কেইবাটাও দৃশ্যৰ দৃশগ্ৰহণ কৰা হয় । মুঠতে নিৰ্মাতাই ছবিখন সময়মতে মুক্তি দিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছে ৷
দেওবাৰৰ শ্বুটিংত ছবিখনৰ মুখ্য অভিনেতা ৰবি শৰ্মাৰ লগত দেখা গ’ল বিশিষ্ট অভিনেতা আদিল হুছেইনকো । একলগে স্ক্ৰীণ শ্বেয়াৰ কৰিবলৈ ওলোৱা দুই জনপ্ৰিয় অভিনেতাৰ যুটিয়ে নিশ্চয় আমোদ দিব দৰ্শকক ৷ উল্লেখ্য যে, অলপতে ৰুদ্ৰৰ শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈছিল অভিনেতা ৰবি শৰ্মা । তৎক্ষণাত বন্ধ কৰি দিয়া হৈছিল শ্বুটিং ৷ এতিয়া পুনৰ এবাৰ তেওঁ সাজু হৈ উঠিছে নিজৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিবলৈ ।
লগতে পঢ়ক : ৰুদ্ৰখন হৈছে আমাৰ অসমীয়া থলুৱা চিনেমা: ৰূপক গগৈ - Assamese Film Rudra
শ্যাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবিখনৰ প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰ । ইফালে পৰিচালনা কৰিছে ৰূপক বৈশ্যই । অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়বস্তুক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই । তেওঁৰ লগতে অভিনয় কৰিছে আদিল হুছেইন, জয় কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অর্শীতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কাকতি আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
ছবি সংগীত দিগন্ত ভাৰতী আৰু ইবশ্বন লাল বৰুৱাৰ । প্ৰায় 2 কোটি টকাতকৈয়ো অধিক ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ ঘোষণাৰ পৰা আৰম্ভ কৰি নিৰ্মাতাই ছবিখনক লৈ যিমান আপডেট দিছে আটাইবোৰেই দৰ্শকক আকৰ্ষিত কৰাৰ লগতে ছবিখন উপভোগ কৰিবলৈ উৎসাহিত কৰা পৰিলক্ষিত হৈছে ।