ETV Bharat / entertainment

এচাম উন্মত্তৰ মাজৰ পৰা সাৰি আহিল ৰবীনা টেণ্ডন ! - raveena tandon car accident

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 12:49 PM IST

Raveena Tandon car accident: মদ্যপান কৰা নাছিল অভিনেত্ৰীয়ে, ৰবীনা টেণ্ডনৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু হোৱাৰ পিচত মুম্বাই আৰক্ষীৰ স্পষ্টীকৰণ ৷

raveena tandon car accident
ৰবীনা টেণ্ডন (etv bharat)

চিটাৰা ডেস্ক, 3 জুন : মুম্বাই আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে অভিনেত্ৰী ৰবীনা টেণ্ডনৰ বিৰুদ্ধে মদ্যপান কৰি গাড়ী চলোৱা আৰু আক্ৰমণৰ ভুৱা অভিযোগ দাখিল কৰা হৈছে । চিচিটিভিৰ ফুটেজত প্ৰকাশ পোৱা অনুসৰি অভিনেত্ৰীগৰাকীৰ গাড়ীখনে কাকো খুন্দা মৰা নাছিল আৰু তেওঁ মদ্যপান কৰা নাছিল ।

মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰে যে অভিনেত্ৰী ৰবীনা টেণ্ডনৰ বিৰুদ্ধে খাৰ আৰক্ষীত ভুৱা অভিযোগ উত্থাপন হৈছিল ৷ তেওঁৰ বিৰুদ্ধে মদ্যপান কৰা, অসাৱধানতাৰে গাড়ী চলোৱা আৰু আক্ৰমণৰ অভিযোগ উত্থাপন কৰা হৈছিল । টেণ্ডনেও এক্সত পাপাৰাজীৰ পৰা এটা পোষ্টৰ স্নেপশ্বট প্ৰকাশ কৰে য'ত উল্লেখ আছে যে অভিযোগকাৰীয়ে বিষয়টোৰ ওপৰত ভুৱা প্ৰতিবেদন দাখিল কৰিছিল ৷ চিচিটিভিৰ ফুটেজ পৰ্যালোচনা কৰাৰ পিচত গম পোৱা যায় যে ৰবীনাৰ গাড়ীখনে কাকো খুন্দা মৰা নাছিল আৰু তেওঁ মদ্যপান কৰা নাছিল । মুম্বাইস্থিত এখন দৈনিক কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি জ’ন ৯ৰ আৰক্ষী উপ আয়ুক্ত ৰাজতিলক ৰোশনে অভিযোগটো ভুৱা বুলি কয় ।

"অভিযোগকাৰীয়ে দাখিল কৰা ভিডিঅ'টোত ভুৱা অভিযোগ দিছিল ।" আমি ছ’চাইটিৰ সমগ্ৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি গম পালোঁ যে অভিযোগ দাখিল কৰা পৰিয়ালটোৱে একেখন লেন পাৰ হৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ চালকজনে গাড়ীখন পথৰ পৰা ছ’চাইটিৰ ভিতৰলৈ ওলোটাই লৈ গৈ আছিল । অভিযোগকাৰী পৰিয়ালটোৱে গাড়ীখন ৰখাই চালকজনক কয় যে গাড়ীৰ পিছফালে মানুহ আছে নে নাই সেইটো ৰিভাৰ্ছ কৰাৰ আগতে পৰীক্ষা কৰিব লাগে আৰু সেই কথাতে তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হয় ।’- দৈনিক কাকতখনৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় ডিচিপিয়ে ।

তৰ্ক-বিতৰ্ক তীব্ৰতৰ হৈ পৰাত ৰবীনাই নিজৰ ড্ৰাইভাৰৰ খবৰ ল’বলৈ সেই স্থানলৈ আহি ভিৰৰ পৰা তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা কৰে । তেওঁলোক দুয়োৱে খাৰ আৰক্ষী থানালৈ গৈ অভিযোগ দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত অভিযোগ প্ৰত্যাহাৰ কৰে ।

লগতে পঢ়ক : মই আজিও তেওঁৰ উপস্থিতি অনুভৱ কৰো; ভাতৃৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে ভগ্নী শ্বেতা সিঙৰ আৱেগিক পোষ্ট - Sushant Singh Rajput

"তৰ্ক পিছলৈ গৈ গালি-গালাজলৈ পৰিণত হয় আৰু অভিনেত্ৰী ৰবীনা টেণ্ডন তেওঁৰ ড্ৰাইভাৰৰ লগত কি হৈছে পৰীক্ষা কৰিবলৈ সেই স্থানত উপস্থিত হয় ।" অভিনেত্ৰীগৰাকীয়ে চালকজনক ভিৰৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে; অৱশ্যে উপস্থিত থকা দলটোৱে অভিনেত্ৰীগৰাকীক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে । চালকসহ ৰবীনা টণ্ডন আৰু পৰিয়ালটোৱে খাৰ থানালৈ গৈ লিখিত অভিযোগ দিয়ে । পিচত দুয়োপক্ষই কোনো অভিযোগ পঞ্জীয়ন কৰিব নিবিচাৰে বুলি পত্ৰও দাখিল কৰে ।’-ডিচিপি ৰাজতিলক ৰোশনে এইদৰে ব্যাখ্যা কৰে ।

ডিচিপি ৰাজতিলক ৰোশনে লগতে কয়, "এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই । আমি চিচিটিভি ফুটেজ পৰীক্ষা কৰিলোঁ আৰু গাড়ীখনে কাকো খুন্দা মৰা নাছিল । অভিনেত্ৰীগৰাকীয়ে সুৰাপান কৰা নাছিল ।" একেটা পোষ্টত ৰবীনাই শ্বেয়াৰ কৰা আন এটা স্ক্ৰীণশ্বটত মুম্বাই আৰক্ষীক উদ্ধৃত কৰি কোৱা হৈছিল যে দুয়োপক্ষই অভিযোগ কৰাৰ কথা অস্বীকাৰ কৰিছে ।

"টেণ্ডনৰ চালকে গাড়ীখন পাৰ্ক কৰিবলৈ চেষ্টা কৰি আছিল আৰু এটা পৰিয়ালৰ তিনিজন লোকে অনুভৱ কৰিছিল যে গাড়ীখনে তেওঁলোকক খুন্দা মাৰিব ।" তেতিয়াই আৰম্ভ হয় তৰ্কৰ ৷ তৰ্কৰ পিচত দুয়োপক্ষ গুচি যায় আৰু পিচত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ টেণ্ডনৰ চালকক সোধা-পোছা কৰে । আনটো পক্ষকো থানালৈ মাতি অনা হয় । দুয়োপক্ষই কোনো ধৰণৰ অভিযোগ কৰা বুলি অস্বীকাৰ কৰে’, মুম্বাই আৰক্ষীয়ে এইদৰে কয় ।

পোষ্টটোত উল্লেখ কৰা হৈছে যে আৰক্ষীৰ এই বিবৃতিটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কাণ্ডৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত দিয়া হৈছে য’ত ৰবীনা টেণ্ডনে মানুহক শান্ত হ’বলৈ অনুৰোধ জনাইছে আৰু তেওঁ ‘মোক আঘাত নকৰিবা’ বুলি কোৱাও শুনা গৈছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত মানুহে অভিনেত্ৰীগৰাকীক ঠেলি দিয়া আৰু তেওঁৰ চালকক মাৰিব বিচৰা সময়ত ৰবীনাৰ সংগ্ৰাম দেখিবলৈ পোৱা গৈছে ৷

অভিনেত্ৰীগৰাকীৰ চালকজনে মদ্যপান কৰা অভিযোগ উত্থাপন হৈছিল যিবোৰ আৰক্ষীয়ে মিছা অভিযোগ বুলি স্পষ্ট কৰিছে । এই ঘটনাত কোনো লোক আহত হোৱা নাই আৰু কোনো বাহনৰ সংঘৰ্ষ হোৱা নাই বুলি আৰক্ষীয়ে জনায় ৷

লগতে পঢ়ক : ছলমান খানৰ বাহনত AK-47ৰে আক্ৰমণৰ পৰিকল্পনা, কিন্তু… - Salman Khan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.