চিটাৰা ডেস্ক, ১২ মাৰ্চ: লোকসভা নিৰ্বাচন সমাগত ৷ কিন্তু ভাৰত চৰকাৰে লোকসভা নিৰ্বাচনৰ ঠিক আগতে বহুদিনৰ পৰা চৰ্চিত নাগৰিকত্ব সংশোধনী আইন (CAA) বলৱৎ কৰিছে ৷ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি নিজৰ ভোট বেংকক বিভাজিত কৰাৰ কাম কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । অৱশ্যে এয়া আমি কোৱা কথা নহয়, সকলো বিৰোধী ৰাজনৈতিক দলে এই কথা কৈছে ।
সমগ্ৰ বিৰোধী দলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে । একে সময়তে শেহতীয়াকৈ ৰাজনীতিত প্ৰৱেশ কৰা দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতী বিজয়েও এই নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰিছে ৷ অভিনেতাগৰাকীয়ে এই বিধেয়কখনক অসাৰ বুলি অভিহিত কৰিছে । আনকি অভিনেতাগৰাকীয়ে তামিলনাডু চৰকাৰক নিজৰ ৰাজ্যত ইয়াক কাৰ্যকৰী নকৰিবলৈ অনুৰোধ জনাইছে ।
থালাপতী বিজয়ে কয়, ‘‘নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু এনে কোনো আইন দেশত কাৰ্যকৰী কৰিব নোৱাৰি ৷ কাৰণ দেশত ইতিমধ্যে ভাতৃত্ববোধ আছে ৷ তেন্তে এনে অসাৰ আইনৰ কি প্ৰয়োজন ? কোনো মূল্যৰ বিনিময়ত এই বিধেয়কখন কাৰ্যকৰী নকৰিবলৈ অভিনেতাগৰাকীয়ে নিজৰ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ।’’
কোনে কোনে CAA ৰ বিৰোধিতা কৰিছে ?
বৰ্তমান ভাৰত চৰকাৰে অনা এই আইনখনক ৰাজনৈতিক বুলি অভিহিত কৰাসকলৰ ভিতৰত আছে এআইএমআইএম ৷ আছাদুদ্দিন ওৱেচিয়ে ইয়াক চৰকাৰৰ নিৰ্বাচনী ষ্টাণ্ট আৰু অবৈধ বৈদ্যুতিক বণ্ডৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ এক নতুন কৌশল বুলি অভিহিত কৰিছে । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে স্পষ্টকৈ কৈছে যে এয়া বিভাজনৰ ৰাজনীতি । একে সময়তে ইয়াৰ বিৰোধিতা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
বিজয়ৰ ৱৰ্কফ্ৰন্ট
উল্লেখ্য যে, বিজয়ক শেষবাৰৰ বাবে দেখা গৈছিল লিঅ’ ছবিখনত, যিখন ছবি বক্স অফিচত হিট বুলি প্ৰমাণিত হৈছিল । ছবিখনৰ পৰিচালক লোকেশ কানাগৰাজে । ছবিখনত সঞ্জয় দত্তকো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল ।
লগতে পঢ়ক: ৰাজনীতিত প্ৰৱেশ থালাপতী বিজয়ৰ, ঘোষণা কৰিলে দলৰ নাম