গুৱাহাটী, 17 ছেপ্টেম্বৰ : ৰবি শৰ্মা, যাৰ চিনেমা চাবলৈ প্ৰতিজন অসমীয়াই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে, তেওঁলোকলৈ সুখবৰ ৷ অভিনেতাজনে ঘোষণা কৰিছে এখন নতুন ছবিৰ কথা ৷ অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লিখিত কাহিনীৰে নিৰ্মাণ হ’বলগীয়া এইখন হৈছে দ্বিতীয়খন ছবি । অভিনেতা গৰাকীৰ লিখিত কাহিনীৰে মুক্তি পোৱা প্ৰথমখন অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’ৰ অপাৰ সফলতাৰ পাছত অসমীয়া ছবিজগতত অভিনেতা ৰবি শৰ্মাৰ আন এক সংযোজন ‘মোক্ষ’ ।
অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব মোক্ষৰ শ্বুটিং। সকলো ঠিকেই থাকিলে আগন্তুক বৰ্ষত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । শুকুৰবাৰে এক ভিডিঅ’ বাৰ্তা যোগে এই খবৰ শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । ভিডিঅ’ বাৰ্তাটোত অভিনেতাগৰাকীয়ে উল্লেখ কৰে, “প্ৰথমে আপোনালোকক শ্ৰী ৰঘুপতিৰ অপাৰ সফলতাৰ বাবে মই পুনৰবাৰ নতশিৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই ভিডিঅ’টোৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এতিয়া মই পুনৰ এখন নতুন স্ক্ৰীপ্ট লিখি আছো । এই স্ক্ৰীপ্টখনৰ নাম হৈছে 'মোক্ষ' । এটা সংস্কৃত শব্দ । এই ছবিখনৰ শ্বুটিং আমি নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম । ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে 2025 বৰ্ষত আমি ছবিগৃহত আপোনালোকৰ বাবে ছবিখন উপলব্ধ কৰিম ।”
2000 চনৰে পৰা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ সৈতে জড়িত থাকি নিৰলসভাৱে এই উদ্যোগটোৰ উত্থানৰ বাবে প্ৰয়াস কৰি যোৱা অভিনেতা ৰবি শৰ্মাই অসমবাসীলৈ ‘শ্ৰী ৰঘুপতি’ উপহাৰ দি অসমীয়া ছবি উদ্যোগটোলৈ যি টাৰ্নিং পইণ্ট আনিলে সেয়া সকলোৰে অৱগত । তেওঁৰ ছবি ‘শ্ৰী ৰঘুপতি’ৰ বক্স অফিচ কালেকশ্যন আছিল 13.81 কোটি টকা । তাৰ পাছতে তেওঁৰ দ্বিতীয়খন ছবিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শকে ।
বহু সময়ত এই সম্পৰ্কে বহু কথা ওলাইছিল যদিও অভিনেতাগৰাকীৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো কথা স্পষ্টভাৱে প্ৰকাশ হোৱা নাছিল । অৱশ্যে শেহতীয়াকৈ ‘শ্ৰী ৰঘুপতি’ৰ জনসম্পৰ্ক আৰু মিডিয়া মেনেজাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰা শুভাংকৰ বেনাৰ্জীয়ে ৰবি শৰ্মাৰ জন্মদিনৰ দিনা এক ফেচবুক পোষ্ট যোগে নতুন ছবিখনৰ আভাস প্ৰদান কৰে জনসাধাৰণক । তাৰ পাছৰে পৰা অধীৰ আগ্ৰহেৰে ৰৈ আছিল অনুৰাগীও । ৰবি শৰ্মাৰ তৰফৰ পৰা অহা এই ইতিবাচক খবৰে এতিয়া উৎসাহিত কৰিছে অনুৰাগীক ।
লগতে পঢ়ক : নতুন এখন একশ্যন থ্ৰিলাৰ ছবিত একেলগে দেখা যাব ৰবি শৰ্মা-আদিল হুছেইনক - RAVI SARMA UPCOMING MOVIE