ETV Bharat / entertainment

৫৪ টা বসন্ত গৰকিলে অভিনেতা যতীন বৰাই - Jatin Bora birthday - JATIN BORA BIRTHDAY

Jatin Bora birthday: আজি অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্মদিন । আজিৰ দিনটোত 54 বছৰ বয়সত ভৰি দিয়ে অভিনেতাগৰাকীয়ে ৷

actor Jatin Bora's birthday Today
৫৪ টা বসন্ত গৰকিলে অভিনেতা যতীন বৰা
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 3:00 PM IST

চিটাৰা ডেস্ক, 25 এপ্ৰিল : অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ আজি ওপজা দিন । 1970 চনত আজিৰ দিনটোতে নগাঁও জিলাত জন্ম হৈছিল জনপ্ৰিয় অভিনেতাগৰাকীৰ । অসমীয়া ছবিজগতত বহুকেইখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয়ৰ দ্বাৰা দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীয়ে 1989 চনত আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলিছিল ।

অভিনেতা যতীন বৰাৰ ওপজা দিন
অভিনেতা যতীন বৰাৰ ওপজা দিন

পৰৱৰ্তী সময়ত 1995 চনত প্ৰদীপ গগৈ পৰিচালিত "আই কিল্‌ড হিম, ছাৰ" নামৰ ছবিখনত এটি মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল বৰাই । 2000 চনত মুক্তি লাভ কৰা অসমীয়া ছবি "হিয়া দিয়া নিয়া"ৰ জৰিয়তে অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে । ছবিখনৰ পৰিচালনা কৰিছিল মুনিন বৰুৱাই । তাৰ পাচতে একাদিক্ৰমে প্ৰায় 45 খনকৈ অসমীয়া ছবি অসমবাসীক উপহাৰ দিবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে ।

যতীন বৰাই অভিনয় কৰা কেইখনমান জনপ্ৰিয় ছবিৰ ভিতৰত হৈছে, কন্যাদান, দাগ, নায়ক, কইনা মোৰ ধুনীয়া, মিঠা মিঠা লগনত, জুমন-সুমন, ৰত্নাকৰ আদি । যতীন বৰা সুদক্ষ অভিনেতাৰ লগতে এগৰাকী ভাল পৰিচালকো । শেহতীয়াকৈ তেওঁ পৰিচালনা কৰা দুখন ছবি ৰত্নাকৰ আৰু ৰাঘৱে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি তেওঁ ৰূপালী পৰ্দাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয়ৰ সুযোগ লাভ কৰিছে ।

আজি ওপজা দিনটোত দিনা এক ফেচবুক পোষ্ট যোগে সকলোকে ধন্যবাদ জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে । তেওঁ উল্লেখ কৰে, "মোৰ জন্মদিনৰ দিনা প্ৰভুৰ শ্ৰীচৰণত এভাগি সেৱা আগবঢ়ালো । মন্দিৰৰ এই প্ৰশান্তিৰ সময়ে জীৱনলৈ যথেষ্ট উদ্যম আনে । লগতে, জন্মদিন বুলি অলেখজনে শুভকামনা জনাই মোৰ দিনটো যথেষ্ট বিশেষ কৰি তুলিলে । তেওঁলোক সকলোলৈকে অশেষ ধন্যবাদ । প্ৰভুৱে সকলোকে কৃপা কৰক, তাৰেই কামনা ।"

লগতে পঢ়ক: অসমৰ মোহত পৰা কোৰিয়ান পপ তাৰকা Aoora ই অসমতে বিচাৰি পালে নাচনী ! - assamese korean song collaboration

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.