ETV Bharat / entertainment

কেৰিয়াৰক লৈ পুত্ৰৰ স্বতন্ত্ৰ যাত্ৰাৰ সফলতাত সুখী পিতৃ - Aamir Khan on Son Junaid

author img

By ETV Bharat Entertainment Team

Published : Aug 1, 2024, 6:05 PM IST

Aamir Khan on Junaid Khan: কুৰিয়ে শীৰ্ষক এটি গীত মুকলিৰ সময়ত পুত্ৰ জুনেইদৰ কেৰিয়াৰৰ স্বতন্ত্ৰ যাত্ৰাক শলাগ লয় আমিৰ খানে ৷

Aamir Khan Applauds Son Junaid's Independent Journey In His Career During Kooriye Song Launch - WATCH
পুত্ৰ জুনেইদৰ সৈতে আমিৰ (ANI photo)

চিটাৰা ডেস্ক, 1 আগষ্ট : জুনেইদ খানৰ বলীউডৰ প্ৰথম ছবি মহাৰাজৰ জৰিয়তে জুনেইদে অৰ্জন কৰা স্বতন্ত্ৰ সফলতাৰ বাবে গৌৰৱ প্ৰকাশ কৰে আমিৰে । আমিৰে জুনেইদক তেওঁৰ দেউতাকৰ ওপৰত নিৰ্ভৰ নকৰাৰ বাবে প্ৰশংসা কৰে । কাশ্মীৰৰ সাংস্কৃতিক পটভূমিৰ ওপৰত নিৰ্মিত এক ৰোমাণ্টিক গান কুৰিয়েত কৰা কামৰ বাবে ৰাজ পণ্ডিতৰ প্ৰশংসা কৰে তেওঁ ।

সুখী পিতৃ (Video source: ANI)

গীত আৰু অভিনয়ত নতুনকৈ অভিষেক ঘটোৱা ৰাজ পণ্ডিতৰ গীত কুৰিয়েৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ছুপাৰষ্টাৰ আমিৰ খান ৷ উক্ত অনুষ্ঠানত নিজৰ পুত্ৰ জুনেইদ খানৰ সাফল্য সন্দৰ্ভত নিজৰ মনোভাৱ ব্যক্ত কৰে আমিৰে ৷ পুত্ৰৰ যাত্ৰাত তেওঁ গৌৰাৱান্বিত বুলি উল্লেখ কৰে ৷

আমিৰে প্ৰকাশ কৰে যে জুনেইদৰ বলীউডৰ প্ৰথমখন ছবি মহাৰাজৰ মুক্তিৰ পূৰ্বে তেওঁ চিন্তিত আছিল যে তেওঁৰ পুত্ৰৰ কাম দৰ্শকে কেনেদৰে গ্ৰহণ কৰিব । অৱশ্যে, পিতৃৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে উদ্যোগটোত নিজৰ পৰিচয় সফলতাৰে প্ৰতিষ্ঠা কৰাৰ বাবে জুনেইদক প্ৰশংসা কৰে আমিৰ খানে ।

লগতে পঢ়ক : গৌৰী খানৰ ৰেস্তোঁৰাত ৰঙা সাজেৰে উপস্থিত পুত্ৰৰ প্ৰেমিকা - Aryan Khan dating Larissa

কুৰিয়ে গান মুকলিৰ সময়ত আমিৰে প্ৰকাশ কৰে, "যেতিয়া জুনেইদৰ ছবি মহাৰাজ মুক্তি পাইছিল, মই খুব চিন্তিত আছিলো যে মানুহে তেওঁৰ কাম ভাল পাবনে নাই । জুনেইদে নিজৰ বাবে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে আৰু তেওঁ কেতিয়াও মোৰ পৰা কোনো ধৰণৰ সহায় গ্ৰহণ কৰা নাই । গতিকে মই অত্যন্ত গৌৰৱান্বিত আৰু সুখী যে তেওঁ নিজৰ চৰ্তাৱলীত, নিজৰ ধৰণে এই সফলতা অৰ্জন কৰিছে আৰু আপোনালোকে জানে যে মই সেইটো দেখিবলৈ পাওঁ ।"

আমিৰে কুৰিয়ে গানটো আৰু ইয়াৰ দলটোক প্ৰশংসা কৰে । তেওঁ কয়, "ৰাজ পণ্ডিতে কুৰিয়েৰ সৈতে এক উল্লেখযোগ্য কাম কৰিছে । এই গীতটোৰ সংগীত, ভিজুৱেল আৰু আৱেগ সঁচাকৈয়ে প্ৰশংসনীয় । এনে অবিশ্বাস্য প্ৰতিভাক সমৰ্থন কৰিবলৈ ইয়াত উপস্থিত হৈ মই ৰোমাঞ্চিত হৈছো ।"

কুৰিয়েৰ কথা ক'বলৈ গ’লে, ই হৈছে এক মনোমোহা ৰোমাণ্টিক গান যি কাশ্মীৰৰ সাংস্কৃতিক পটভূমিত নিমজ্জিত প্ৰেম ফুটাই তুলিছে । ইয়াৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে 'কুৰ' শব্দটো, যাৰ অৰ্থ কাশ্মীৰী ভাষাত 'ছোৱালী' । আই.পি. সিঙৰ দ্বাৰা লিখা, এই গানটো বাৰিষা ঋতুত যিকোনো লোকৰ প্লেলিষ্টত এক আদৰ্শ সংযোজন ।

লগতে পঢ়ক : পেৰিছ পালেগৈ ন দৰা-কইনা - Anant Radhika Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.