ETV Bharat / entertainment

কিয় অচিনাকী ব্যক্তিয়ে পৰিশোধ কৰিলে চনু ছুদৰ ৰেষ্টুৰেণ্টৰ বিল ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:46 PM IST

Sonu Sood: শেহতীয়াকৈ চনু ছুদে কিছু লোকৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল । য’ত এজন অচিনাকি ব্যক্তিয়ে তেওঁৰ সম্পূৰ্ণ বিল পৰিশোধ কৰিছিল আৰু এখন মৰমলগা টোকাও লিখিছিল । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

A Stranger pays Sonu Sood's dinner bill and leaves A sweet note
অচিনাকী ব্যক্তিয়ে পৰিশোধ কৰিলে চনু ছুদৰ ৰেষ্টুৰেণ্টৰ বিল

চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: ৰিল লাইফত ভিলেইন, ৰিয়েল লাইফত হিৰো বলীউডৰ অভিনেতা চনু ছুদ ৷ Covid-19 মহামাৰীৰ সময়ত অভিনেতা চনু ছুদে দেখুৱাইছিল মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৷ মহামাৰীৰ সময়ত অন্য ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক নিজ নিজ ঘৰলৈ যাবলৈ সকলো ব্যৱস্থা কৰি দিছিল চনুৱে, কেৱল ইমানেই নহয়, বিভিন্ন ক্ষেত্ৰত যিমান পাৰে ৰাইজক সহায় কৰি আহিছে অভিনেতাগৰাকীয়ে । যাৰ বাবে চনুক অনুৰাগীয়ে খুব ভাল কাম পায় ৷

চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা চনু ছুদ। নিজৰ উদাৰতাৰে সকলোৰে হৃদয় জয় কৰা চনু ছুদ আকৌ এবাৰ বাতৰিৰ শিৰোনামত ৷ দৰাচলতে এজন অচিনাকি ব্যক্তিয়ে চনু ছুদৰ মহানুভৱতাত আপ্লুত হৈ তেওঁৰ বাবে কৰিলে এটা বিশেষ কাম, যিয়ে অভিনেতাগৰাকীক সুখী কৰি তুলিছে আৰু শ্বেয়াৰ কৰিছে এটা মৰমলগা নোট ।

চনুৱে শ্বেয়াৰ কৰিলে অচিনাকী ব্যক্তিজনে দিয়া এটা নোট

চলচ্চিত্ৰ জগতৰ লগত জড়িত লোকেও চনু ছুদে কৰা কামৰ শলাগ লয় ৷ এই কামৰ পিচত লাখ লাখ লোক চনুৰ অনুৰাগী হৈ পৰে আৰু তেওঁৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ থাকে ৷ শেহতীয়াকৈ চনু ছুদে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ বাবে এজন অচিনাকি ব্যক্তিয়ে লিখা এটি টোকাৰ আভাস দেখুৱাইছে । চনু ছুদৰ এই পোষ্টটো ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

অচিনাকি ব্যক্তিয়ে পৰিশোধ কৰিলে চনু ছুদৰ বিল

ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্টটো শ্বেয়াৰ কৰি চনু ছুদে লিখিছে যে কোনোবা অচিনাকি ব্যক্তিয়ে ৰেষ্টুৰেণ্টখনত তেওঁলোকৰ নিশাৰ আহাৰ গ্ৰহণৰ বিল পৰিশোধ কৰি, তেওঁৰ বাবে এখন মৰমলগা নোট এৰি থৈ গৈছে । এই টোকাটোত চনুৱে কৰা ভাল কামৰ শলাগ লোৱা হৈছিল । চনুৱে এই টোকাটো আৰু ৰেষ্টুৰেণ্টখনৰ আভাস পোষ্টটোত শ্বেয়াৰ কৰিছে । ছবিখন শ্বেয়াৰ কৰি চনু ছুদে লিখিছে, ‘‘কোনে কৰিলে নাজানো... কিন্তু কোনোবাই ৰেষ্টুৰেণ্টত আমাৰ নিশাৰ আহাৰ খোৱাৰ বিল পৰিশোধ কৰি এটা নোট এৰি থৈ গ’ল... মোৰ প্ৰতি ইমান মৰম দেখি বৰ ভাল লাগিল . ধন্যবাদ বন্ধু... মোৰ বাবে এই সকলোবোৰৰ অৰ্থ বহুত ।’’

লগতে পঢ়ক: দ্য ক্ৰুৰ পৰা মুকলি কৰীণা, টাবু, কৃতিৰ ফাৰ্ষ্ট লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.