ETV Bharat / entertainment

উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক আক্ৰমণ - Singer Akash Nibir Buragohain

author img

By ETV Bharat Entertainment Team

Published : Aug 5, 2024, 4:20 PM IST

Singer Akash Nibir Buragohain: সামান্য কথাতে তৰ্কাতৰ্কি কৰি শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক ৰূমমেটে হত্যা কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে ৷ গুণ্ডা লগাই সংঘটিত কৰা হ’ল মাৰপিট ৷

a group of goons attack singer Akash Nibir Buragohain with sharp weapon
শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাই (ETV Bharat Assam)

গুৱাহাটী, ৫ আগষ্ট : মহানগৰীৰ ৰূক্মিণী গাঁৱত চাঞ্চল্যকৰ ঘটনা । নিশা উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ অপচেষ্টা গুণ্ডাবাহিনীৰ । ৰূক্মিণী গাঁৱৰ তেওঁলোক ভাৰা থকা ঘৰটোতে সংঘটিত হৈছে এই নৃশংস ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি যোৱানিশা 8/10 জনীয়া এটা গুণ্ডাবাহিনীয়ে হত্যাৰ অপচেষ্টা চলাই উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক । নিবিড় খাউণ্ড নামৰ এজন যুৱকৰ নেতৃত্বত এই গুণ্ডাবাহিনী আহিছিল বুলি আৰক্ষীক জনাইছে শিল্পীগৰাকীয়ে ৷ গুণ্ডাবাহিনীৰ দলটোৱে উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, পূৰ্বে ৰুক্মিণীগাঁৱৰ ভাৰাঘৰটোতে ৰূমমেট হিচাপে আছিল আকাশ নিবিড় বুঢ়াগোঁহাই আৰু নিবিড় খাউণ্ড । ঘৰৰ ভাৰা দিয়াক লৈ দুয়োৰে মাজত প্ৰায়ে সৃষ্টি হৈছিল কাজিয়াৰ । জানিবলৈ পোৱা অনুসৰি নিবিড় খাউণ্ডে প্ৰায় 8/10 জনকৈ লগৰীয়া আনি প্ৰতিদিনে কৰিছিল সুৰাৰ পাৰ্টী । যাৰ বাবে সংগীত সাধনাত অসুবিধা পাইছিল আকাশ নিবিড়ে । কিন্তু দেওবাৰে নিশা সীমা চেৰাই গৈ উৎপাত কৰে নিবিড় খাউণ্ডে । নিশা প্ৰায় 10 জনীয়া এটা গুণ্ডাবাহিনীৰ সহায়ত আকাশ নিবিড়ক ৰডেৰে প্ৰহাৰ কৰাৰ লগতে নিবিড় খাউণ্ডে আকাশক হত্যা কৰাৰ ভাবুকিও দিয়াৰ বিষয়ে আৰক্ষীক জনাইছে শিল্পীগৰাকীয়ে । নিশা আকাশৰ সৈতে পিতৃও আছিল ভাৰাঘৰটোত । পিতৃৰ সন্মুখতে আকাশ নিবিড়ক বেয়াকৈ প্ৰহাৰ কৰে গুণ্ডাবাহিনীয়ে । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ কাষ চাপিছে উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাই ।

লগতে পঢ়ক : চামগুৰিৰ ৰঙাগড়াত সংগীত শিল্পীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত - Anupam Saikia car accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.