ETV Bharat / entertainment

৫ ডিচেম্বৰৰ পৰা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ - BRAHMAPUTRA VALLEY FILM FESTIVAL

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ৫ ডিচেম্বৰৰ পৰা চাৰিদিনীয় কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ । প্ৰদৰ্শন হ'ব মুঠ ৩০ খন ছবি ।

9th Brahmaputra Valley Film Festival from December 5 in Guwahati
৫ ডিচেম্বৰৰ পৰা নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 21, 2024, 9:48 PM IST

Updated : Nov 21, 2024, 10:12 PM IST

গুৱাহাটী: ৫ ডিচেম্বৰৰ পৰা চাৰিদিনীয় কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ । ৫ ডিচেম্বৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱ ৮ ডিচেম্বৰলৈকে চলিব । বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত এখনি সংবাদমেলৰ আয়োজন কৰি মহোৎসৱৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰে মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাই ।

উক্ত সংবাদমেলত তনুশ্ৰী হাজৰিকাই কয়,"মহোৎসৱৰ অষ্টম সংস্কৰণ সফলতাৰে আয়োজন কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে জ্যোতি চিত্ৰবনত আয়োজন কৰিবলৈ ওলাইছোঁ এই মহোৎসৱ । নৱম বাৰ্ষিকৰ বাবে এই মহোৎসৱ আয়োজন কৰিবলৈ পাই আমি খুবেই উৎফুল্লিত । মহোৎসৱত মুঠ ৩০ খন ছবি প্ৰদৰ্শন কৰা হ'ব । ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শন কৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট বক্তা উপস্থিত থাকিব ।"

৫ ডিচেম্বৰৰ পৰা নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)

হাজৰিকাই উল্লেখ কৰে,"লগতে এইবাৰ এই মহোৎসৱত দুখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হ'ব । পৰিচালনাক টিংমাঞ্চু দুলীয়া, নীতিন বেদ, দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীকে ধৰি প্ৰায় ৫০ ৰো অধিক বাহিৰৰ পৰিচালক, লেখক, এডিটৰ এই মহোৎসৱত উপস্থিত থাকিব । লগতে এই মহোৎসৱত ৫ টা শিতানত বঁটা প্ৰদান কৰা হ'ব । শিতানকেইটা হৈছে- শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ চুটি ছবি, শ্ৰেষ্ঠ তথ্যচিত্ৰ, শ্ৰেষ্ঠ পৰিচালক আৰু জীৱনজোৰা সাধনা বঁটা । লগতে মই দৰ্শককসকলক আহি এই মহোৎসৱখন উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ ।"

এই মহোৎসৱত জুৰীৰ বিশিষ্ট পেনেলে বিভিন্ন শাখাৰ ছবিসমূহৰ মূল্যায়ন কৰিব । তথ্যচিত্ৰ আৰু চুটি ছবিৰ জুৰীৰ ভিতৰত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ অধ্যাপিকা তথা বোলছবি সমালোচক আশা কোথাৰী চৌধুৰী, মুৰ্তাজা আলী খান (সমালোচক/কিউৰেটৰ/ সাংবাদিক)আৰু আই এম ডি বি ইণ্ডিয়াৰ উদ্যোগ সম্পৰ্ক নেতৃত্বাকাৰী কল্পনা নায়াৰ ।

ছবিৰ জুৰীত আছে নীতিন বেইদ, (মাছান, গালি বয়, আৰু ৰাজী ছবিৰ কামৰ বাবে পৰিচিত চলচ্চিত্ৰ সম্পাদক), অন্বিতা দত্ত, (বুলবুল আৰু কালাৰ পৰিচালক), অভিষেক চৌবে, (উড়টা পাঞ্জাৱ আৰু সোণচিৰিয়াৰ পৰিচালক), শ্ৰেয়া দেৱ ডুবে, (এ চুইটেবল বয় আৰু থাৰৰ চিনেমাট’গ্ৰাফাৰ), আৰু ঐশ্বৰ্য লক্ষ্মী, (ঞ্জাণ্ডুকালুদে নাট্টিল অৰিডাভেলা আৰু পনিয়িন চেলভানত অভিনয়ৰ বাবে পৰিচিত অভিনেতা) ।

লগতে পঢ়ক: সংগীতশিল্পী-সন্ন্যাসীৰ সংযোগে কি বতৰা আনিব দৰ্শকলৈ ?

এগৰাকী সংগীতপ্ৰেমীক সুঁৱৰি প্ৰথমবাৰৰ বাবে যোৰহাট সংগীত মহোৎসৱ-২০২৪ ৰ আয়োজন

Last Updated : Nov 21, 2024, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.