ETV Bharat / entertainment

শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিব বুলি ভবাই নাছিল ঋষভ শ্বেট্টীয়ে - Rishab Shetty best actor Kantara

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 2:18 PM IST

70th National Awards 2022: 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছে আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কান্তাৰা অভিনেতা ঋষভ শ্বেট্টীয়ে লাভ কৰিছে । তেওঁ সামাজিক মাধ্যমত কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

70th National Films Awards:  Rishab Shetty feels grateful as he won best actor Award for Kantara
ঋষভ শ্বেট্টীৰ প্ৰতিক্ৰিয়া (ANI/Film Poster/ETV Bharat)

চিটাৰা ডেস্ক, 17 আগষ্ট : 16 আগষ্টত নতুন দিল্লীত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয় ৷ য'ত কৰ্ণাটকৰ চলচ্চিত্ৰ কান্তাৰাই শ্ৰেষ্ঠ মনোৰঞ্জনমূলক চলচ্চিত্ৰ আৰু ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ঋষভ শ্বেট্টীয়ে । এই সাফল্য আৰু অনুৰাগীসকলৰ মৰমৰ বাবে ঋষভে ছ'চিয়েল মিডিয়াত এক বিশেষ পোষ্টৰ জৰিয়তে অনুৰাগীসকলক ধন্যবাদ জনাইছে । ঋষভৰ কান্তাৰাই 2022 চনত মুক্তি লাভ কৰিছিল, যাৰ প্ৰিকুৱেল কান্তাৰা অধ্যায় 1 শীঘ্ৰেই মুক্তি পাব । ছবিখনে পান ইণ্ডিয়াৰ অনুৰাগী আৰু সমালোচকসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল ।

ঋষভে অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে

70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ পিচত অতি সুখী ঋষভ শ্বেট্টী আৰু তেওঁ ছ’চিয়েল মিডিয়াত সুখ প্ৰকাশ কৰিছে । এই ছবিখনত তেওঁ কেৱল মুখ্য চৰিত্ৰত অভিনয় কৰাই নহয়, পৰিচালনাও কৰিছে । বিকল্প ছবিৰ শাখাতো এই বঁটা লাভ কৰিছে ছবিখনে । বঁটা ঘোষণাৰ পিচতে ঋষভে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলক ধন্যবাদ জনাই লিখিছে, ‘কান্তৰাৰ এই ৰাষ্ট্ৰীয় বঁটাৰ সন্মানত মই সঁচাকৈয়ে অতিশয় সুখী । এই ছবিখনৰ অংশ হিচাপে থকা সকলো ব্যক্তি, শিল্পী, কাৰিকৰী আৰু বিশেষকৈ হম্বল ফিল্মছৰ দলটোৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ।’

ঋষভ শ্বেট্টীয়ে আৰু কয়, ‘দৰ্শকে এই ছবিখনক ইমানেই মৰম আৰু সমৰ্থন আগবঢ়াইছে যে এয়া মোৰ হৃদয় ভৰি পৰিছিল । আমাৰ দৰ্শকৰ মাজলৈ আৰু ভাল ছবি আনিবলৈ আৰু অধিক কষ্ট কৰিবলৈ মই অনুপ্ৰাণিত হৈছো । এই বঁটাটো আমাৰ কানাড়া দৰ্শক, দৈৱ নৃত্যশিল্পী আৰু আপ্পু ছাৰৰ প্ৰতি উৎসৰ্গা কৰিছো । ভগৱানক ধন্যবাদ জনাইছো কাৰণ আমি দেৱতাৰ আশীৰ্বাদত এই পৰ্যায়ত উপনীত হৈছো ।’

মিডিয়াৰ সৈতে বাৰ্তালাপ

বঁটা লাভ কৰাৰ পিচত ঋষভে সংবাদ মাধ্যমৰ আগত কয়, 'মই ভবা নাছিলো যে মই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিম । মই জানিছিলো যে আমাৰ চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় বঁটা সমিতিৰ দ্বাৰা স্বীকৃত হৈছিল । এইটো সামাজিক মাধ্যমত পোষ্ট কৰা হৈছিল যে মই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিম । যেতিয়া মই ৰাষ্ট্ৰীয় বঁটা পাইছিলো তেতিয়া মই বিশ্বাস কৰা নাছিলো ।"

লগতে পঢ়ক : অসমীয়া ছবিলৈ ৫ টাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ: জুৰীৰ বিশেষ সন্মান আজুৰিলে আইমী বৰুৱাই - National Film Awards 2022

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.