ETV Bharat / entertainment

স্বীকৃতিৰ প্ৰমাণপত্ৰ ড৹ পাৰ্থ সাৰথি মহন্ত-আইমী বৰুৱালৈ

70th national film awards: 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অসমবাসীক গৌৰৱান্বিত কৰি ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা ল’লে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই ৷

author img

By ETV Bharat Entertainment Team

Published : 4 hours ago

70th national film awards partha sarathi mahanta aimee baruah conferred with certificate of recognition
জিলিকিল অসম সন্তান (ETV Bharat)

চিটাৰা ডেস্ক, 8 অক্টোবৰ : 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠান মঙলবাৰে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈছে । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে চলচ্চিত্ৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা অভিনেত্ৰীসকলক সন্মানিত কৰিছে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰ 16 আগষ্ট 2024 তাৰিখে ঘোষণা কৰা হয় । এই বঁটাসমূহ 2022 বৰ্ষৰ চলচ্চিত্ৰসমূহৰ বাবে প্ৰদান কৰা হৈছে কিয়নো ক’ভিড 19 ৰ কাৰণে এই অনুষ্ঠান পিছুৱাই দিয়া হৈছিল ।

70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিৰল বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাখাত অসমীয়া ছবিয়ে নিজৰ নাম অক্ষুণ্ণ ৰাখে ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থাকে অসমীয়া চলচ্চিত্ৰ ৷ আইমী বৰুৱা প্ৰডাকশ্যন ছ’চাইটিৰ বেনাৰত Birubala Witch to Padmashri এ এই বঁটা লাভ কৰে ৷ ছবিখনৰ নিৰ্দেশক হ’ল আইমী বৰুৱা ৷ আনখন হ’ল Hargila The Greater Adjutant Stork ৷ পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনাত পি আই এণ্টাৰটেইনমেণ্টৰ বেনাৰত এই ছবিখন নিৰ্মাণ হৈছে ৷ ইয়াৰ লগতে অসমৰ কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল বঁটা, ড৹ ববী শৰ্মা বৰুৱাৰ ‘ছিকাইছাল’লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা । আনহাতে চুটিছবিৰ শিতানত নৱপম ডেকাৰ ‘শূন্যতা’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ চুটিছবিৰ বঁটা ।

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকি হাড়গিলাৰ প্ৰযোজক মীনা মহন্তই স্বীকৃতিৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ পৰা ৷ লগতে ছবিখনৰ পৰিচালক ড৹ পাৰ্থ সাৰথি মহন্তয়ো গ্ৰহণ কৰে প্ৰমাণপত্ৰ ৷

ইয়াৰ পিছতে আইমী বৰুৱা প্ৰডাকশ্যন ছ’চাইটিৰ বেনাৰত নিৰ্মাণ কৰা Birubala Witch to Padmashri ৰ বাবে মালা বৰুৱাই বঁটা গ্ৰহণ কৰে ৷ ছবিখনৰ নিৰ্দেশক আইমী বৰুৱাইয়ো উক্ত অনুষ্ঠানত উপস্থিত থাকি বিশেষ প্ৰমাণপত্ৰ গ্ৰহণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.