গুৱাহাটী,১৬ গুৱাহাটী: শুকুৰবাৰে ঘোষিত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-২০২২ ত অসমৰ কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল বঁটা, ড৹ ববী শৰ্মা বৰুৱাৰ ‘ছিকাইছাল’লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা । আনহাতে চুটিছবিৰ শিতানত নৱপম ডেকাৰ ‘শূন্যতা’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ চুটিছবিৰ বঁটা । আৰক্ষী বিষয়া ড৹ পাৰ্থসাৰথি মহন্তৰ ‘Hargila - The Greater Adjutant Stork’ আৰু আইমী বৰুৱাৰ ‘বিৰুবালা’ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে ৷
অসমীয়া ছবিজতৰ এই সাফল্যত উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তেওঁ ফেচবুকযোগে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই দিনটো অসমৰ সাংস্কৃতিক জগত, বিশেষকৈ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে বিশেষ প্ৰাপ্তিৰ দিন বুলি উল্লেখ কৰে ৷ এই শুভ মুহূৰ্তত ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা এই বিশেষ চিনেমাকেইখনৰ প্ৰযোজক-পৰিচালক, সমূহ কলা-কুশলীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
অসমীয়া ছবি এমুঠি পুঠি’লৈ ৰজত কমল
অসমীয়া ছবি 'এমুঠি পুঠি’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা । বঁটা ঘোষণা হোৱাৰ পাছত ছবিখনৰ পৰিচালনক কুলনন্দিনী মহন্তই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁৰ অনুভৱ ব্যক্ত কৰি কয়,"ক’বলৈ গ’লে মোৰ ওচৰত বৰ্তমান একো শব্দই নাই । কি বুলি মই সকলোকে ধন্যবাদ জনাওঁ মোৰ মুখত ভাষা নোহোৱা হৈছে । মই ভবা নাছিলো কেতিয়াও । মই খুবেই আনন্দিত । যদি মোক সমৰ্থন কৰা মানুহ নহ'লহেতেন তেন্তে এই বঁটাটো কেতিয়াও মোৰ বাবে সম্ভৱ নহ'লহেতেন । সকলোৱে ছবিখন আগবঢ়াই নিয়াত সহায় কৰিছে ।"
লগতে ছবিখনৰ সন্দৰ্ভত তেওঁ কয়,"সদায় দর্শকেই মূল । দৰ্শকৰ হাত তালি আৰু দৰ্শকৰ সঁহাৰিত যি প্ৰকাশ পায় । মই ভাবো সেয়াও এটা সফলতা ।"
‘ছিকাইছাল’লৈ শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা
তিৱা ছবি 'ছিকাইছাল’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা । বঁটা ঘোষণা হোৱাৰ পাছত ছবিখনৰ পৰিচালক ড৹ ববী শৰ্মা বৰুৱাই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁৰ অনুভৱ ব্যক্ত কৰি কয়,"খুব ভাল লাগিছে । Imaging Mediaৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল । ছবিখনৰ প্ৰযোজনা বসন্ত কুমাৰ বৰুৱা আৰু মই নিজেই পৰিচালনা কৰিছো । স্বাধীনভাৱে খুব কষ্ট কৰি এটা সৰু টীমেৰে ছবিখন কৰা হৈছিল । ছবিখন সম্পূৰ্ণ কৰোতে আমাৰ প্ৰায় ৭ বছৰ সময় লাগিছিল ।গতিকে খুবেই ভাল লাগিছে ।"
লগতে তেওঁ কয়,"তিৱা জনজাতি অসমৰ এটা উল্লেখযোগ্য জনজাতি । গতিকে ছবিখনে ৰজত কমল বঁটা পোৱাৰ বাবে খুবেই ভাল লাগিছে । ছবিখনত অভিনয় কৰা ৯৯ শতাংশই প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত অভিনয় কৰিছে । তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সফলতা । তেওঁলোকেও ছবিখনৰ এই সফলতাত খুবেই আনন্দিত ।"
আইমী বৰুৱাৰ ‘বিৰুবালা’ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ বঁটা
ইতিমধ্যে দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আইমী বৰুৱাৰ ‘বিৰুবালা’ তথ্যচিত্ৰলৈ আগবঢ়োৱা হৈছে জুৰীৰ বিশেষ বঁটা । বঁটা ঘোষণা হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁৰ অনুভৱ ব্যক্ত কৰি কয়,"ভাল লাগিছে । ৰাষ্ট্ৰীয় বঁটাটোৰ বাবে আচলতে আমাৰ সকলোৰে সপোন থাকে । ভগৱান তথা সকলোৰে আশীৰ্বাদত ইতিমধ্যে দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছো ।"
লগতে তেওঁ কয়,"এই তথ্যচিত্ৰখন আচলতে আছিল ডাইনী হত্যাৰ ওপৰত । এই বস্তুটো আমাৰ সমাজত চলি থকা কিছুমান ব্যাধি বুলিয়ে ক’ব লাগিব । বিৰুবালা বাইদেউক নিজেই বহু বাৰ লগ পাইছো । সহজ-সৰল মানুহগৰাকীয়ে আচলতে ইয়াৰ বিৰুদ্ধে যুঁজি যিখিনি কৰিছে, সেইখিনি কষ্ট তেওঁৰ লগতে যিখিনি মানুহে ভুগি আছে সেই গোটেই সমস্যাটো মই ৰাষ্ট্ৰীয় মাধ্যমত দেখুৱাব খুজিছিলো । বঁটা এটাই আচলতে আমাক বহুত বেছি উৎসাহিত কৰে । অনুভৱ হৈছে যিখিনি জুৰী আছিল তেওঁলোকৰো চাগে অন্তৰ চুই গৈছে এই কথাখিনিয়ে । যাৰ বাবে তেওঁলোকে এইখনক যোগ্য বুলি বিবেচিত কৰিলে । মই মোৰ সকলো কলা-কুশলীকে ধন্যবাদ জনাওঁ ।"
অভিনেত্ৰীগৰাকীয়ে কয়,"সকলোৰে অবিহনে এইখিনি কেতিয়াও সম্ভৱ নহয় । বিৰু বাইদেউ আজি আমাৰ মাজত নাই, তেওঁৰ শেষৰ মুহূৰ্তকেইটাত মই তেওঁৰ লগত আছিলো । মোৰ এনেকুৱা লাগিছে আজি যেন তেওঁ কৰবাৰ পৰা মোক আশীৰ্বাদ দিছে । তেওঁ চলাই যোৱা সংগ্ৰামখনে ৰাষ্ট্ৰীয় মাধ্যমত কৰবাত অন্তত তেওঁৰ কষ্টখিনি স্বীকৃতি পাইছে বুলি মোৰ অনুভৱ হৈছে ।"
Hargila - The Greater Adjutant Stork’ লৈ জুৰীৰ বিশেষ বঁটা
আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ 'Hargila - The Greater Adjutant Stork’ তথ্যচিত্ৰলৈ আগবঢ়োৱা হৈছে জুৰীৰ বিশেষ বঁটা । এই সন্দৰ্ভত মহন্তই কয়,"হাড়গিলা এটা বিপন্ন পাখি । এই হাড়গিলাৰ প্ৰধান বসতি আমাৰ দদৰাৰ পচৰিয়া অঞ্চল । কিন্তু এটা সময় আছিল হাড়গিলা বিলুপ্তিৰ পথত গৈ আছিল । ঠিক সেই সময়তে পূৰ্ণিমা দেৱী বৰ্মনে সেই অঞ্চলত হাড়গিলা সংৰক্ষণৰ কাম কৰে আৰু তেওঁক সহায় কৰে সেই অঞ্চলৰ মহিলাখিনিয়ে । ২০১০ চনৰ পৰাই মই আৰু কামৰূপ জিলা আৰক্ষীয়ে হাড়গিলা সংৰক্ষণৰ যি প্ৰচেষ্টা তাৰ লগত জড়িত হৈ আছো । কেইবাবছৰ জুৰি এই প্ৰচেষ্টাৰ যি ফুটেজ মই সংৰক্ষণ কৰি আহিছিলো । তেনেদৰেই এই তথ্যচিত্ৰখন নির্মাণ কৰা হ'ল । আজি আমি এই সফলতাত অতি আনন্দিত ।"