ETV Bharat / business

VIয়েও বৃদ্ধি কৰিলে ৰিচাৰ্জ প্লেনৰ দাম : ২১ শতাংশ পৰ্যন্ত বৃদ্ধি সেৱা কৰ - VI hikes recharge plan

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 3:52 PM IST

Recharge plan price hike : জিঅ’, এয়াৰটেলৰ পিচত ভোডাফোন-আইডিয়াইও বৃদ্ধি কৰিলে প্লেনৰ দাম ৷ বৃদ্ধি কৰা হৈছে ২১ শতাংশ পৰ্যন্ত ৷ ৪ জুলাইৰ পৰা বলৱৎ হ’ব নতুন নিৰিখ ৷

VI HIKES RECHARGE PLAN
VIয়েও বৃদ্ধি কৰিলে ৰিচাৰ্জ প্লেনৰ দাম (IANS)

নিউজ ডেস্ক, 29 জুন : প্ৰথমে জিঅ’ আৰু তাৰ পিচতে এয়াৰটেলে ৰিচাৰ্জৰ শুল্ক বৃদ্ধিৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল ৷ সেই খবৰে গ্ৰাহকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে ভোডাফোন-আইডিয়াইও শুল্ক বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কোম্পানীটোৱে বৃদ্ধি কৰিছে ৰিচাৰ্জৰ দাম ৷ ৪ জুলাইৰ পৰা এই নতুন নিৰিখ প্ৰযোজ্য হ’ব ৷ এক বিবৃতিৰ জৰিয়তে টেলিকম কোম্পানীটোৱে কয় যে ৪ জুলাইৰ পৰা কোম্পানীটোৰ সকলো সেৱা কৰ বৃদ্ধি পাব ৷

জানিব পৰা মতে কোম্পানীটোৰ গ্ৰাহকসকলে বৰ্তমান বহন কৰি থকা খৰচতকৈ ১০ৰ পৰা ২৪ শতাংশ বৃদ্ধি পাব ৷ উল্লেখ্য যে স্পেকট্ৰাম নিলামৰ পিচতে সেৱা কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

গ্ৰাহকক স্তম্ভিত কৰি বৃহস্পতিবাৰে ৰিলায়েন্স জিঅ’ই ৰিচাৰ্জৰ শুল্ক ১২ শতাংশৰ পৰা ২৭ শতাংশপৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । সেই ঘোষণাই চৰ্চা লাভ কৰাৰ এদিন পিচতে শুকুৰবাৰে ভাৰতী এয়াৰটেলেও শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷ একে সময়তে শনিবাৰে ভোডাফোন-আইডিয়ায়ো একে পথেৰেই বাট বুলিলে । কোম্পানীটোৰ তৰফৰ পৰা জানিব পৰা মতে অতিশীঘ্ৰে ৫G সেৱাও আৰম্ভ কৰিব ৷

VIৰ নতুন নিৰিখৰ তালিকা:

চলিত দামনতুন দামভেলিডিটী (দিন)সুবিধা
179199282GB ডাটা, 300 SMS
459509846GB ডাটা, 300 SMS
1799199936524GB ডাটা, 300 SMS
269299281GB প্ৰতিদিনে
299349281.5GB প্ৰতিদিনে
319379302GB প্ৰতিদিনে
479579561.5GB প্ৰতিদিনে
539649562GB প্ৰতিদিনে
719859841.5GB প্ৰতিদিনে
839979842GB প্ৰতিদিনে
289934993651.5GB প্ৰতিদিনে
192211GB
394816GB

নতুন সেৱা কৰৰ অধীনত গ্ৰাহকে এতিয়াৰে পৰা ২৮ দিনৰ ৰিচাৰ্জৰ বাবে ১৯৯ টকা ভৰিব লাগিব ৷ যিটো প্লেন এইপৰ্যন্ত ১৭৯ টকাত উপলব্ধ আছিল ৷ কেৱল ২৮ দিনীয়া প্লেনৰে নহয়, ৮৪ দিনীয়া প্লেনৰ দামো বৃদ্ধি কৰিছে কোম্পানীটোৱে ৷

৮৪ দিনৰ ভেলিডিটীৰ প্লেনৰ বাবে ভি আইৰ গ্ৰাহকসকলে এতিয়াৰে পৰা ১৪০ টকা অধিক ব্যয় কৰিব লাগিব ৷ প্ৰতিটো দিনৰ বাবে ১.৫ জিবি উপলব্ধ প্লেনৰ মূল্য ৭১৯ টকাৰ পৰা ৮৫৯ টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে ২ জিবি প্ৰতিটো দিনৰ প্লেনৰ মূল্য ৮৩৯ টকাৰ পৰা ৯৭৯ টকালৈ বৃদ্ধি কৰিছে কোম্পানীটোৱে ৷ আনহাতে ইতিমধ্যে চলি থকা ৭১৯ টকাৰ প্লেনটোৰ বাবে দিব লাগিব ৮৫৯ টকা ৷

কোম্পানীটোৰ আনলিমিটেড প্লেনো ২৮৯৯ টকাৰ পৰা ৩৪৯৯ টকালৈ বৃদ্ধি কৰা হৈছে ৷ অৱশ্যে ভোডাফোন আইডিয়াই ৩৬৫ দিনৰ বৈধতা আৰু ডাটা পেক থকা ১,৭৯৯ আৰু ৩,০৯৯ টকীয়া প্লেন দুটাৰ কোনো সালসলনি কৰা নাই । উল্লেখ্য যে ৰিচাৰ্জ প্লেনসমূহৰ দাম প্ৰায় ২১ শতাংশ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: JIO ৰ পাচতে Airtel-এ ৰ গ্ৰাহকক মাধমাৰ; ব্যয়বহুল হৈ পৰিছে ৰিচাৰ্জিং সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.