ETV Bharat / business

ধনী-দুখীয়া বুলি কথা নাই, মাত্ৰ 100 টকাৰেই কৰিব পাৰিব মিউচুৱেল ফাণ্ডত বিনিয়োগ - LIC Mutual Fund

author img

By ETV Bharat Assamese Team

Published : 23 hours ago

LIC Mutual Fund- এল.আই.চি. মিউচুৱেল ফাণ্ডে 100 টকাৰ পৰা বিনিয়োগ কৰিব পৰা এটা নতুন দৈনিক প্ৰণালীবদ্ধ বিনিয়োগ আঁচনিৰ (SIP) বিকল্প আৰম্ভ কৰিবলৈ গৈ আছে। এই পদক্ষেপটো ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডৰ (ছেবি), মাইক্ৰ'-এছআইপিৰ প্ৰচাৰ আৰু খুচুৰা বিনিয়োগকাৰীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে লোৱা উদ্যোগৰ সৈতে সামঞ্জস্যপূৰ্ণ । সম্পূৰ্ণ পঢ়ক...

Mutual Fund
মিউচুৱেল ফাণ্ড (Getty Images)

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ: যদিহে আপুনি বৰ বেছি বিপদজনক পন্থা নোলোৱাকৈ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ আগ্ৰহী তেনেহ’লে আপোনাক বিত্তীয় পৰামৰ্শদাতাসকলে মিউচুৱেল ফাণ্ডক এক নিৰ্ভৰযোগ্য বিকল্প হিচাপে পৰামৰ্শ আগবঢ়ায় ৷ শ্বেয়াৰ বজাৰত প্ৰত্যক্ষ বিনিয়োগৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু অভিজ্ঞতা নাথাকিলে মিউচুৱেল ফাণ্ডক বিনিয়োগৰ এক উত্তম পথ বুলি কোৱা হয় য’ত বিপদৰ বা লোকচানৰ শংকা কম ৷ তদুপৰি আপুনি খুব সামান্য টকাৰেই মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে ৷

শীঘ্ৰেই ভাৰতীয় জীৱন বীমা নিগমৰ এলআইচি মিউচুৱেল ফাণ্ডে 100 টকাৰ পৰা আৰম্ভ কৰিব পৰা এটা নতুন দৈনিক প্ৰণালীবদ্ধ বিনিয়োগ আঁচনিৰ (এছআইপি) বিকল্প প্ৰৱৰ্তন কৰিব। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই পদক্ষেপ মাইক্ৰ'-এছআইপি আৰু খুচুৰা বিনিয়োগকাৰীৰ অংশগ্ৰহণৰ বাবে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াৰ (ছেবি) উদ্যোগৰ সৈতে সামঞ্জস্যপূৰ্ণ। যদি প্ৰস্তাৱিত পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰা হয়, দৈনিক এছ.আই.পি. বৰ্তমানৰ ন্যুনতম পৰিমাণ 300 টকাৰ পৰা 100 টকালৈ হ্ৰাস কৰা হ'ব আৰু মাহিলী এছ.আই.পিৰ ক্ষেত্ৰত এই নিৰিখ 1,000 টকাৰ পৰা 250 টকালৈ হ্ৰাস কৰা হ'ব।

লগতে পঢ়ক: সঘনাই একাউণ্টৰ পৰা নগদ ধন জমা আৰু উলিয়াই নেকি; এই ক্ষেত্ৰত আয়কৰ নিয়মে কি কয় ? চাও আহক - Cash Transaction

এলআইচি মিউচুৱেল ফাণ্ডৰ দৈনিক ১০০ টকাৰ এছআইপিৰ বিকল্প প্ৰৱৰ্তন কৰাটো বিনিয়োগ প্ৰক্ৰিয়াক সহজ আৰু অধিক সুলভ কৰাৰ দিশত এটা ডাঙৰ পদক্ষেপ। ই বিনিয়োগকাৰীসকলক কম, সীমিত পৰিমাণৰ টকাৰেই এক উপযুক্ত ধনৰাশি অৰ্জনত সহায় কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিবদ্ধতা প্ৰদৰ্শন কৰে। অৱশ্যে, ভাল ৰিটাৰ্ণ পাবলৈ আপুনি দৈনিক বিনিয়োগ কৰাৰ প্ৰয়োজন নাই কিয়নো মাহিলী এছ.আই.পি.-ৰ সৈতেও আপুনি বিত্তীয় অস্থিৰতাৰ ভালদৰে মোকাবিলা কৰিব পাৰে।

  • এল.আই.চি. মিউচুৱেল ফাণ্ডৰ দৈনিক 100 টকাৰ এছ.আই.পি. নিম্ন-উপাৰ্জন বিনিয়োগকাৰী, যুৱ পেছাদাৰী, খুচুৰা দোকানৰ মালিক আৰু বিত্তীয় অনুশাসন বিচৰা ব্যক্তিসকলৰ বাবে ভাল হ'ব।
  • দৈনিক এছ.আই.পি.-য়ে নিয়মীয়া সঞ্চয় আৰু বিনিয়োগৰ অভ্যাস বিকশিত কৰাত সহায় কৰিব পাৰে, যি বিত্তীয় সাক্ষৰতা আৰু দীৰ্ঘম্যাদী ধন সঞ্চয়ৰ বাবে অত্যাৱশ্যকীয়।

লগতে পঢ়ক: কিমান দিন কাম কৰিলে আপুনি গ্ৰেচুইটি পোৱাৰ যোগ্য ? কোম্পানীয়ে পৰিশোধ নকৰিলে কি কৰিব লাগে জানক - GRATUITY CALCULATOR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.