ETV Bharat / business

মঙলবাৰে অভিলেখ সৃষ্টিৰ পিচত বুধবাৰে কিয় নিস্তব্ধ ভাৰতৰ শ্বেয়াৰ বজাৰ ? - Indian stock market - INDIAN STOCK MARKET

Stock Exchange of India: মঙলবাৰে ভাৰতীয় ষ্টক সূচকাংক ছেনছেক্স আৰু নিফটিয়ে নতুন অভিলেখ সৃষ্টি কৰাৰ পিছত বুধবাৰে দালাল ষ্ট্ৰীটত বজায় থাকিব এক নিস্তব্ধতা ৷ পিছে কি কাৰণে এই পৰিৱেশ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Indian stock markets closed for Muharram holiday; trading to resume Thursday
বুধবাৰে বন্ধ ভাৰতীয় শ্বেয়াৰ বজাৰ (ANI)
author img

By ANI

Published : Jul 17, 2024, 10:58 AM IST

নেশ্যনেল ডেস্ক, 17 জুলাই: বুধবাৰে নিতাল-নিস্তব্ধ হৈ আছে ভাৰতৰ শ্বেয়াৰ বজাৰ ৷ মঙলবাৰে ছেনছেক্স আৰু নিফটিয়ে অভিলেখ সৃষ্টি কৰাৰ পিচত বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম ধৰ্মীয় উৎসৱ মহৰম উপলক্ষে নিস্তব্ধ হৈ আছে মুম্বাইৰ দালাল ষ্ট্ৰীটৰ শ্বেয়াৰ বজাৰ ৷ বৃহস্পতিবাৰৰ পৰা পুনৰ ব্যৱসায় আৰম্ভ হ’ব ।

মঙলবাৰে এছিয়াৰ অন্যান্য বজাৰত জাপানৰ নিকেই 225 ৰ সামান্য বৃদ্ধি পাই 40 পইণ্ট বৃদ্ধি পাই 41,310.70 পইণ্টত উপনীত হয় । ইফালে হংকঙৰ হাং চেঙে 9 পইণ্ট বৃদ্ধি পাই 17,737.27 পইণ্টত পায় । টাইৱানৰ টাইৱান সূচকাংক 56 পইণ্ট হ্ৰাস পাই 23,940.87 পইণ্টত উপনীত হয় । চীনৰ বজাৰসমূহেও বিক্ৰীৰ চাপৰ সন্মুখীন হৈছিল, এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত চাংহাই কম্পোজিট 13 পইণ্ট হ্ৰাস পাই 2963.89 পইণ্টত উপনীত হৈছিল ।

মঙলবাৰে ভাৰতীয় ষ্টক সূচকাংক ছেনছেক্স আৰু নিফটিয়ে নতুন অভিলেখ সৃষ্টি কৰে । ছেনছেক্স 0.1% বৃদ্ধিৰে 80,716.55 পইণ্টত থিতাপি লোৱাৰ বিপৰীতে নিফটি 24,613.00 পইণ্টত স্থিৰ হয়, যিটো 0.1% বৃদ্ধি । বহল সূচকাংকসমূহ প্ৰান্তীয়ভাৱে উচ্চ পইন্টত শেষ হোৱাৰ বিপৰীতে বেছিভাগ খণ্ডগত সূচকাংকই ৰেড লাইনত স্থিতি লয় ।

এন এছ ইৰ তথ্য অনুসৰি নিফটি মিডিয়াৰ সৰ্বাধিক 1.03% হ্ৰাস পাইছে, আনহাতে নিফ্টি ৰিয়েলটিয়ে সৰ্বাধিক 1.66% বৃদ্ধি পাইছে । যোৱা সপ্তাহত ভাৰতীয় শ্বেয়াৰ বজাৰে সৰ্বকালৰ শেহতীয়া শীৰ্ষ স্তৰ স্পৰ্শ কৰিছিল ।

2024-25 চনত এতিয়ালৈকে ছেনছেক্স আৰু নিফ্টিয়ে 11-13% বৃদ্ধি পাইছে । বিদেশী আৰু ঘৰুৱা উভয় প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ শক্তিশালী ক্ৰয়েও শ্বেয়াৰ বজাৰক সমৰ্থন কৰিছে ।

কোটক ছিকিউৰিটিজৰ ইকুইটি ৰিচাৰ্চৰ মুৰব্বী শ্ৰীকান্ত চৌহানে কয় যে, "কাৰিকৰীভাৱে পুৱাৰ ভাগত ইন্ট্ৰাডে ৰেলীৰ পিছত মঙলবাৰে বজাৰখনত উচ্চ পৰ্যায়ত কিছু লাভৰ বুকিং দেখা গৈছিল । অৱশ্যে বজাৰখনৰ হ্ৰস্বম্যাদী টেক্সচাৰ এতিয়াও ইতিবাচক ।"

লগতে পঢ়ক: ষ্টক ট্রেডিং প্ৰৱঞ্চকৰ পৰা কিদৰে বচাই ৰাখিব নিজক ? - Stock market fraud

শ্বেয়াৰ বজাৰত নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ কি হ'ব ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.