ETV Bharat / business

ৰেস্তোৰাঁৰ খাদ্য আৰু অধিক ব্যয়বহুল হোৱাৰ সম্ভাৱনা: বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধি - LPG CYLINDER PRICES HIKE

বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৬.৫ টকা বৃদ্ধি ৷ অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত ইয়াৰ মূল্য অপৰিৱৰ্তিত হৈ আছে ৷

LPG cylinder prices hike
বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধি (ANI)
author img

By ANI

Published : Dec 2, 2024, 9:21 AM IST

Updated : Dec 2, 2024, 3:57 PM IST

নতুন দিল্লী : তেল বিপণন কোম্পানীসমূহে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে । দেওবাৰৰ অৰ্থাৎ ২০২৪ চনৰ ১ ডিচেম্বৰৰ পৰা ১৯ কেজি বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ১৬.৫০ টকা বৃদ্ধি কৰা হৈছে । দিল্লীত দেওবাৰৰ পৰা ১৯ কেজি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰী মূল্য হৈছে ১,৮১৮.৫০ টকা ।

৫ কেজি ফ্ৰী ট্ৰেড এল পি জি চিলিণ্ডাৰৰ (Free Trade LPG cylinders) মূল্যও ৪ টকা বৃদ্ধি পাইছে । ১৪.২ কেজি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে । যোৱা মাহত অৰ্থাৎ নৱেম্বৰ মাহতো ১৯ কেজি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৬২ টকা বৃদ্ধি হৈছিল ।

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে বহুজনক ৷ কিয়নো দৈনন্দিন কাম-কাজ অৰ্থাৎ ৰন্ধনৰ বাবে অধিকাংশ লোকেই এল পি জিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ৷ এই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে বাণিজ্যিক প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলকো প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত ঘৰৰ বাহিৰত খাদ্য খোৱা অৰ্থাৎ হোটেল, ধাবা আদিৰ পৰা সঘনে খাদ্য অৰ্ডাৰ কৰা সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।

এতিয়া হোটেল বা ধাবাৰ মালিকে কেতিয়া আৰু কিমান দাম সলনি কৰিব সেয়াহে হ’ব লক্ষ্যণীয় । বাণিজ্যিক এল পি জিৰ মূল্যবৃদ্ধি হোৱাৰ পাছতো অৱশ্যে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই ৷ যাৰ ফলত সাধাৰণ জনসাধাৰণে কিছু সকাহ পোৱা গৈছে ।

লগতে পঢ়ক : সস্তা নে মহঙা; আপোনাৰ চহৰত বৰ্তমান সোণ-ৰূপৰ মূল্য কিমান ?

Last Updated : Dec 2, 2024, 3:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.