ETV Bharat / business

অসমৰ তিনিটা ঔদ্যোগিক প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন - Industrial project in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:57 PM IST

Assam Industry : ঔদ্যোগিক ক্ষেত্ৰৰ এক বিশেষ খবৰ ৷ টিংখং, তামুলপুৰ আৰু কৰিমগঞ্জত হ'ব তিনিখন নতুন ঔদ্যোগিক পাৰ্ক ৷ বিনিয়োগ হ’ব মুঠ ৬৫.৫৫ কোটি টকা ৷

Assam Industry
অসমৰ তিনিটা ঔদ্যোগিক প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন (ETV Bharat)

গুৱাহাটী, ১৮ জুলাই : উত্তৰ পূৰ্বাঞ্চল আৰু ছিকিমত কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এছ এম ই)আঁচনিৰ অধীনত উদ্যোগিক ক্ষেত্ৰখনৰ প্ৰসাৰ সাধনৰ লক্ষ্যৰে প্ৰকল্প অনুমোদন নীৰিক্ষণ সমিতি (পিএ এম চি)য়ে ১২ টা প্ৰকল্প প্ৰস্তাৱত অনুমোদন দিছে ।

নতুন দিল্লীত যোৱা ২৬ জুনত অনুষ্ঠিত পি এ এম চিৰ বৈঠকত এই প্ৰকল্পসমূহত অনুমোদন দিয়া হয় । এম এছ এম ইৰ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত অসমৰ তিনিটা, নাগালেণ্ডৰ পাঁচটা আৰু ছিকিমৰ চাৰিটা প্ৰকল্প স্থাপনত অনুমোদন দিয়ে ।

অসমৰ ক’ত কিমান টকাৰ প্ৰকল্প স্থাপন হ’ব ?

অসমত স্থাপন হ'ব লগা প্ৰকল্প কেইটা হৈছে -

  • ডিব্ৰুগড় জিলাৰ টিংখং
  • তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰু
  • কৰিমগঞ্জ জিলাৰ ছেফিঞ্জুৰি ঔদ্যোগিক পাৰ্ক

এই তিনিওখন পাৰ্কত মুঠ ৬৫.৫৫ কোটি টকা বিনিয়োগ কৰা হ’ব ৷

ইয়াৰে টিংখঙৰ ঔদ্যোগিক পাৰ্কখনৰ মুঠ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ২৫.১ কোটি টকা । এই ধনৰ ১৩.৫০ কোটি কেন্দ্ৰীয় চৰকাৰে আৰু ১১.৫১ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব লাগিব ।

মুঠ ২১.৬৫ কোটি টকা ব্যয়ৰে তামুলপুৰৰ কুমাৰীকাটা মৌজাৰ বৰি আঙাৰকাটা গাঁৱত স্থাপন হ'ব লগা ঔদ্যোগিক পাৰ্ক খনৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহন কৰিব ক্ৰমে ১৩.৫০ কোটি আৰু ৮.১৫ কোটিকৈ টকা ।

ইপিনে কৰিমগঞ্জৰ ছেফিঞ্জুৰিৰ প্ৰকল্পটিত মুঠ ব্যয় হ'ব ১৮.৭৪ কোটি টকা । ইয়াত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অংশ হৈছে ক্ৰমে ১৩. ৫০ আৰু ৫.২৪ কোটি টকা ।

উল্লেখ্য যে, এম এছ এম ইৰ উত্তৰ পূবৰ বাবে থকা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া মতে উত্তৰ পূৰ্বাঞ্চলত স্থাপন হ'ব লগা এই ১২ টা ঔদ্যোগিক প্ৰকল্পৰ বাবদ মুঠ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ১৭৮.২৪ কোটি টকা ৷

লগতে পঢ়ক : বিশ্ব ঔদ্যোগিক ডিজাইন দিৱস : ইতিহাস আৰু তাৎপৰ্য - World Industrial Design Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.