ETV Bharat / business

গুৱাহাটীত ভাৰত ষ্টীম বয়লাৰ এক্সপ' ২০২৪ উদ্বোধন

Bharat steam boiler expo 2024: প্ৰথমবাৰৰ বাবে ভাৰত ষ্টীম বয়লাৰ এক্সপ' ২০২৪ৰ আয়োজন কৰা হৈছে । এই ঔদ্যোগিক প্রদর্শনী উদ্বোধন কৰে মন্ত্ৰী সঞ্জয় কিষাণে ।

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:45 PM IST

Bharat steam boiler expo 2024
গুৱাহাটীত ভাৰত ষ্টীম বয়লাৰ এক্সপ' ২০২৪ৰ উদ্বোধন

গুৱাহাটী ৫ মার্চ: গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে বহু প্রত্যাশিত ঔদ্যোগিক প্রদর্শনী ভাৰত ষ্টীম বয়লাৰ এক্সপ' ২০২৪ । ৫ মাৰ্চৰ পৰা ৭ মার্চলৈকে অনুষ্ঠিত হ'বলগীয়া এই গুৰুত্বপূর্ণ এক্সপ'ৰ প্রথম সংস্কৰণৰ উদ্বোধন কৰে অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্রী সঞ্জয় কিষাণ আৰু অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ মুখ্য সচিব ড৹ বি কল্যাণ চক্রবর্তীয়ে ।

এই এক্সপ'ত সমগ্ৰ দেশৰ আগশাৰীৰ নির্মাতা, সুপৰিচিত বিশেষজ্ঞ আৰু উদ্যোগ উৎসাহীসকলে অংশগ্রহণ কৰিছে । গুৱাহাটীত অনুষ্ঠিত হোৱা এই প্রথম ভাৰত ষ্টীম বয়লাৰ এক্সপ' উদ্বোধনৰ পৰিপ্ৰেক্ষিতত এক ভিডিঅ' বার্তাযোগে অভিনন্দন জ্ঞাপন কৰি এক্সপ'ৰ সফলতা কামনা কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ।

এক্সপ'ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি মন্ত্রী সঞ্জয় কিষাণে কয় যে অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱর্তন আনিব পৰা এনে এক অনুষ্ঠানৰ উদ্বোধন কৰি তেওঁ গৌৰৱান্বিত অনুভৱ কৰিছে । ভাৰত ষ্টীম বয়লাৰ এক্সপ' ২০২৪-য়ে সর্বাংগীন, বহনক্ষম আৰু ভৱিষ্যতমুখী উন্নয়নৰ প্ৰতি থকা প্ৰতিশ্রুতিক সার্থকতা প্রদান কৰিছে বুলিও তেওঁ উল্লেখ কৰে । অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ এই যুগান্তকাৰী যাত্ৰাত সকলোকে চৰকাৰৰ সৈতে অংশগ্রহণ কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে ড০ বি কল্যাণ চক্রবর্তীয়ে কয় যে এই এক্সপ'ই ঔদ্যোগিক খণ্ডটোৰ সৈতে জড়িত পেছাদাৰী আৰু কৰ্মচাৰীসকলৰ বাবে এক ঐক্য-বার্তা হিচাপে কাম কৰিছে । ইয়াৰ লক্ষ্য হৈছে অসমৰ কৰ্মশক্তিক শক্তিশালী কৰাৰ বাবে দক্ষ কৰা আৰু বিকাশশীল ঔদ্যোগিক পৰিৱেশত উন্মোচিত হোৱা অভিলাষী সুযোগসমূহৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা ।

লগতে পঢ়ক :অসমত উপস্থিত নিৰ্বাচন আয়োগৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.