ETV Bharat / business

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ; পূজাৰ পূৰ্বে বৃদ্ধি হ'ব ডিএ - 7th Pay Commission

7th Pay Commission : প্ৰতিবছৰে দুৰ্গা পূজাৰ ওচৰে পাজৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰা হয় । এইবাৰো পূজাৰ পূৰ্বে চৰকাৰে কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধিৰ পৰিকল্পনা কৰিছে । ২৫ ছেপ্টেম্বৰত কেবিনেট বৈঠকত লোৱা হ'ব সিদ্ধান্ত ।

7th Pay Commission
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ; পূজাৰ পূৰ্বে বৃদ্ধি হ'ব ডিএ (Getty image)
author img

By ETV Bharat Business Team

Published : Sep 22, 2024, 1:02 PM IST

নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ : সমাগত দুৰ্গা পূজা । দেশৰ বিভিন্ন প্ৰান্তত পূজাক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ । ছেপ্টেম্বৰ মাহৰ শেষৰফালে বা অক্টোবৰৰ প্ৰথম সপ্তাহত আহিব পাৰে ভাল খবৰটো ।

সূত্ৰৰ মতে, দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডিএ) বৃদ্ধি কৰিব পাৰে । যোৱা বছৰ অক্টোবৰৰ প্ৰথম সপ্তাহত ডিএ বৃদ্ধিৰ ঘোষণা কৰা হৈছিল ।

অৱশ্যে, ২০২৪ চনৰ ১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৩-৪ শতাংশ ডিএ বৃদ্ধি ঘোষণা কৰিব পাৰে । ২০২৪ চনৰ মাৰ্চ মাহত যোৱা ডিএ বৃদ্ধিত, কেন্দ্ৰীয় চৰকাৰে ডিএ মৌলিক দৰমহাৰ ৪ শতাংশ বৃদ্ধি কৰি ৫০ শতাংশলৈ বৃদ্ধি কৰিছিল । চৰকাৰে ডিআৰ ৪ শতাংশ বৃদ্ধি কৰিছিল । সপ্তম দৰমহা আয়োগৰ অধীনত, এই বৃদ্ধি বছৰত দুবাৰ কৰা হয় । এইবাৰ এই বৃদ্ধিয়ে লাখ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰক লাভান্বিত কৰিব ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ডিএ প্ৰদান কৰা হয় । আনহাতে পেঞ্চনাৰসকলক ডিআৰ প্ৰদান কৰা হয় । ডিএ আৰু ডিআৰ বছৰত দুবাৰকৈ বৃদ্ধি কৰা হয় । জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী হ'ব ।

কেতিয়া আহিব ভাল খবৰ ?

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ডিএ ৩ৰ পৰা ৪ শতাংশ বৃদ্ধি হ'ব পাৰে । এই বৃদ্ধিৰ পিচত ডিএ হ'ব ৫৩ শতাংশ । প্ৰতিবেদন অনুসৰি ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ কাৰ্যসূচীত এই ডিএ বৃদ্ধিৰ বিষয় অন্তৰ্ভুক্ত কৰা হ'ব ।

লগতে পঢ়ক :২০২৪-২৫ বিত্তীয় বৰ্ষৰ মূলধনী ব্যয়ৰ লক্ষ্য সময়মতে পূৰণৰ আহ্বান বিত্তমন্ত্ৰীৰ - Capital Expenditure Targets

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.