ETV Bharat / bharat

লুটেৰী দুল্হন হিচাপে পৰিচিত কইনাৰ দেহত ধৰা পৰিল এইডছৰ বীজাণু - ROBBER BRIDE HIV POSITIVE - ROBBER BRIDE HIV POSITIVE

Looteri Dulhan : ইখনৰ পিছত সিখন বিবাহথলীত কইনাৰ ভাও লোৱা এগৰাকী মহিলাৰ এক ভয়ংকৰ সত্য আহিছে পোহৰলৈ ৷ এইগৰাকী কইনা কোনো ঘৰ-সংসাৰ পতাৰ প্ৰতি আগ্ৰহী নহয়, বৰং তেওঁ জড়িত ডকাইতি কাৰ্যতহে ৷ সম্প্ৰতি মহিলাগৰাকী হৈ আছে কাৰাগাৰৰ আলহী ৷ পঢ়ক বিতং খবৰ...

ROBBER BRIDE HIV POSITIVE
কইনাৰ দেহত ধৰা পৰিল এইডছৰ বীজাণু (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:53 PM IST

নেশ্যনেল ডেস্ক, 23 জুন: এগৰাকী বিশেষ কইনা, যি সকলোৰে মাজত পৰিচিত লুটেৰী দুল্হন হিচাপে ৷ কইনা হিচাপে সাজি-কাচি বিবাহ মণ্ডপত বহি অৱশেষত দৰাক লুটপাত কৰাটোৱে এই বিশেষ কইনাগৰাকীৰ মূল লক্ষ্য ৷ এনেদৰে একাধিক লোকক প্ৰৱঞ্চনা কৰাৰ পিছত শেহতীয়াকৈ কইনাগৰাকী পৰিছে আৰক্ষীৰ জালত ৷ সেয়ে এতিয়া তেওঁৰ ঠিকনা হৈছে কাৰাগাৰৰ কুঠৰী ৷

পিছে ইমানতে আৰক্ষীয়ে লাভ কৰা নাই সকাহ ৷ বৰং বাঢ়িছেহে চিন্তা ৷ কিয়নো প্ৰৱঞ্চকৰূপী মহিলাগৰাকীক কাৰাগাৰলৈ অনাৰ পিছতে আৰক্ষীয়ে কৰোৱায় স্বাস্থ্য পৰীক্ষা ৷ এই পৰীক্ষাত মহিলাগৰাকীৰ দেহত মাৰাত্মক এইচ আই ভি এইডছৰ বীজাণু ধৰা পৰে ৷ যাৰ বাবে উদ্বেগ সৃষ্টি হৈছে আৰক্ষীৰ লগতে সাধাৰণ লোকৰ মাজত ৷

লগতে পঢ়ক: নক্সালৰ আক্ৰমণ: সুকমাত আই ই ডি বিস্ফোৰণত ছহিদ দুজন জোৱান - Naxalite attack

স্বাস্থ্য বিভাগে মহিলাগৰাকীৰ জৰিয়তে এইচ আই ভি-ৰ সংক্ৰমণ ঘটা ব্যক্তিসকলক বিচাৰি উলিয়াই স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে ৷ এইক্ষেত্ৰত ৰাজ্যখনৰ স্বাস্থ্য বিভাগে যাৱতীয় সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে ৷

এইডছ নিয়ন্ত্ৰণৰ দায়িত্বত থকা স্বাস্থ্য বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি, মহিলাগৰাকীক তেওঁলোকে পূৰ্বতে এইচ আই ভি এইডছত আক্ৰান্ত বুলি চিনাক্ত কৰিছিল যদিও চিকিৎসা সেৱা প্ৰদানৰ পূৰ্বে তেওঁ সন্ধানহীন হৈ পৰিছিল ৷ এতিয়া যিহেতু তেওঁ কাৰাগাৰত আছে, গতিকে প্ৰয়োজনীয় সকলো চিকিৎসা সেৱা প্ৰদান কৰিবলৈ স্বাস্থ্য বিভাগে বদ্ধপৰিকৰ হৈছে ৷

উল্লেখ্য যে, স্বাস্থ্য বিভাগে মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত প্ৰয়োজন হ’লে পৰ্যাপ্ত ঔষধ যোগান ধৰিব ৷ অৱশ্যে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশj ৰুদ্ৰপুৰ জিলাত ৷

লগতে পঢ়ক: NEET-UG পৰীক্ষাত অনিয়মৰ অভিযোগ: গোচৰ ৰুজু চি বি আইৰ - NEET UG exam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.