ETV Bharat / bharat

তিনিবছৰীয়া শিশুক হত্যা কৰি ভৰাই থ’লে ৱাছিং মেচিনত - Brutal Murder of Child

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:40 PM IST

Woman killed three year old boy : তিনি বছৰীয়া শিশুক হত্যা কৰি বস্তাত ভৰাই লুকুৱাই থোৱা হ’ল ৱাছিং মেচিনত ৷ প্ৰতিৱেশীৰ লগত হোৱা বিবাদ আৰু নিজ সন্তানক হেৰুৱাই ভোগা হতাশগ্ৰস্ততাৰ বাবেই সংঘটিত হ'ল এই ঘটনা ৷

woman killed three year old boy
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : নিজ সন্তানক হেৰুৱাই অস্থিৰ হৈ পৰা এগৰাকী মহিলাই সংঘটিত কৰিলে শিহৰণকাৰী ঘটনা ৷ সন্তানৰ হাঁহিমুখে আনক দিয়া সুখ সহ্য কৰিব নোৱাৰি হত্যা কৰিলে ৩ বছৰীয়া শিশুক ৷ কেৱল সিমানেই নহয়, শিশুটিক হত্যা কৰি ভৰাই থ’লে ৱাছিং মেচিনত ৷

ঘটনা অনুসৰি 3 বছৰীয়া শিশুটিয়ে সোমবাৰে পুৱা 9 মান বজাত অকলে খেলি আছিল ৷ সেই সুযোগ গ্ৰহণ কৰিলে সন্মুখৰ ঘৰৰ এগৰাকী মহিলাই ৷ যিগৰাকী মহিলাই কিছুদিন পূৰ্বে এক দুৰ্ঘটনাত হেৰুৱাইছিল 15 বছৰীয়া সন্তানক ৷ সেই তেতিয়াৰে পৰা অস্থিৰ হৈ থকা মহিলাগৰাকীয়ে বাহিৰত খেলি থকা 3 বছৰীয়া শিশুটিক নিজৰ ঘৰলৈ ভিতৰলৈ লৈ যায় ৷ ইয়াৰ পিছতে শিশুটিক হত্যা কৰি হাত-ভৰি বান্ধি ভৰাই থয় ৱাছিং মেচিনত ৷

ইফালে শিশুটি খেলি থকা অৱস্থাৰ পৰাই নোহোৱা হোৱাত হুৱাদুৱা লাগিল পৰিয়ালটোৰ মাজত ৷ ওচৰৰ পুখুৰীকে আদি কৰি সকলো স্থানতে বিচাৰ-খোঁচাৰ কৰিও 3 বছৰীয়া শিশুটিৰ কোনো সম্ভেদ নাপালে ৷ ফলত কাষ চাপিল আৰক্ষীৰ ৷ পিতৃ-মাতৃৰ এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী ৷ তাৰ পিছতে আৰম্ভ কৰিলে তদন্ত ৷

একাংশ লোকে শিশুটি সন্মুখৰ ঘৰখনলৈ যোৱা দেখিছিল বুলি আৰক্ষীক জনায় ৷ তাৰ পিছতে আৰক্ষীয়ে সন্মুখৰ ঘৰখনত তদন্ত চলায় ৷ উক্ত তদন্তৰ সময়তে কেতবোৰ কথাত ঘৰখনৰ মহিলাগৰাকীৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজে ৷ অধিক জেৰাৰ অন্তত থাংগাম (৪০) নামৰ মহিলাগৰাকীয়ে স্বীকাৰ কৰে শিশুটিক হত্যা কৰাৰ কথা ৷ শিশুটিক মহিলাগৰাকীয়ে হত্যা কৰি মৃতদেহটো এটা বস্তাত ভৰাই ৱাছিং মেচিনত লুকুৱাই ৰাখে ৷ এই কথা তদন্তৰ জৰিয়তে জানিব পাৰে আৰক্ষীয়ে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে ৱাছিং মেচিনৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । হত্যাকাণ্ডটোত জড়িত থাংগামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

এই ঘটনা সোমবাৰে সংঘটিত হয় তামিলনাডুৰ তিৰুনেলভেলি জিলাৰ ৰাধাপুৰমত ৷ শিশুটিৰ পিতৃ ভিগনেশ এগৰাকী শ্ৰমিক আৰু তেওঁৰ 3 বছৰীয়া পুত্ৰ সন্তানটি ওচৰৰে অংগনৱাড়ী বিদ্যালয়ত পঢ়ি আছিল ৷ ৰাধাপুৰম আৰক্ষী থানাৰ এলেকাত সংঘটিত হয় এই ঘটনা ৷

ইফালে জানিব পৰা মতে ভিগনেশৰ পৰিয়াল আৰু হত্যাকাৰী থাংগামৰ পৰিয়ালৰ মাজত কিছু বিবাদো হৈ আছিল ৷ ফলত থাংগামে প্ৰতিদ্বন্দ্বী পৰিয়ালটো শিশুটোৰ সৈতে সুখেৰে থকাটো সহ্য কৰিব পৰা নাছিল ৷

লগতে পঢ়ক : অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ অপহৃত ট্ৰাক চালকৰ মৃতদেহ, গ্ৰেপ্তাৰ চাৰি

হাৰিয়ানাত প্ৰব্ৰজিত শ্ৰমিকক প্ৰহাৰ কৰি হত্যা, গুৰুতৰভাৱে আহত অসমৰ শ্ৰমিক

ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰ : বেল্লাৰী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হ’ল অভিনেতা দৰ্শনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.