ETV Bharat / bharat

অজিত ডোভালৰ ঠাইত ভাৰতে পাব নেকি নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা? - National Security Advisor - NATIONAL SECURITY ADVISOR

National Security Advisor: ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে দায়িত্ব অব্যাহত ৰাখিবলৈ অনিচ্ছা প্ৰকাশ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালৰ ৷ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্দৰ্ভত অৱগত কৰাৰ পাচতে চৰকাৰৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে বিষয়টোৱে ৷ কেইবাজনো ব্যক্তিৰ নাম চৰ্চাৰ তালিকাত---

will-india-get-a-new-national-security-advisor
অজিত ডোভালৰ ঠাইত ভাৰতে পাব নেকি নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা? (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 1:54 PM IST

নেশ্যনেল ডেস্ক, 7 জুন: যোৱা 3 জুনত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালে অৱসৰ গ্ৰহণ কৰে ৷ ইয়াৰ পাছতে কেবিনেটৰ নিযুক্তি সমিতিয়ে নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা বিচাৰি উলিওৱাৰ বাবে কাম আৰম্ভ কৰিছে ।

চৰকাৰী প্ৰতিষ্ঠানটোৰ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, ডোভালে ইতিমধ্যে শীৰ্ষ পদটোত অব্যাহত থকাৰ অনিচ্ছা প্ৰকাশ কৰি সেই সন্দৰ্ভত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছে । ডোভালৰ প্ৰস্থানৰ লগে লগে নতুন এন এছ এ হিচাপে কোনে দায়িত্ব ল’ব সেয়া চৰকাৰৰ বাবে এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে ।

শেহতীয়াকৈ চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন সঞ্চালক তথা তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰ’ৰ প্ৰাক্তন মুৰব্বী আলোক যোশীৰ নাম চৰ্চালৈ আহিছে ।

3 জুনত ডোভালে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ সৈতে জড়িত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে 10 বছৰ সম্পূৰ্ণ কৰে । এই কাৰ্যকালত ডোভালক কেবিনেট মন্ত্ৰীৰ পদবী দিয়া হৈছিল ।

এন এছ এৰ ভূমিকা :

ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টাৰ ভূমিকা সদায় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে পালন কৰে । ভাৰতৰ প্ৰতি আভ্যন্তৰীণ আৰু বাহ্যিক ভাবুকি আৰু সুযোগ সম্পৰ্কীয় সকলো বিষয়ত প্ৰধানমন্ত্ৰীক নিয়মীয়াকৈ পৰামৰ্শ দিয়াৰ দায়িত্ব এন এছ এৰ । এন এছ এয়ে চৰকাৰৰ হৈ কৌশলগত আৰু স্পৰ্শকাতৰ বিষয়সমূহো তদাৰক কৰে । এন এছ এয়ে সকলো সংস্থাৰ পৰা (RAW, IB, NTRO, MI, DIA, NIA কে ধৰি) চোৰাংচোৱা তথ্য লাভ কৰি প্ৰধানমন্ত্ৰীৰ সমুখত উপস্থাপন কৰে ।

পটভূমি :

1998 চনৰ 19 ​​নৱেম্বৰত পদটো আৰম্ভ হোৱাৰ পৰা নিযুক্তি পোৱা সকলো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ) বা ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ৰ অন্তৰ্গত, আৰু প্ৰধানমন্ত্ৰীৰ বিবেচনা অনুসৰি কাম কৰে । ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধান সচিব ব্ৰজেশ মিশ্ৰক দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয় ।

মিশ্ৰৰ পিছত তেতিয়াৰ বৈদেশিক সচিব আৰু এজন আই এফ এছ বিষয়া জে এন দীক্ষিত দ্বিতীয়গৰাকী এন এছ এ হয়, তাৰ পিছতে নিযুক্তি দিয়া হয় এম কে নাৰায়ণন আৰু শিৱশংকৰ মেননক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰাৰ সময়ত 2014 চনৰ 30 মে’ত ডোভালক এন এছ এ হিচাপে নিযুক্তি দিয়া হৈছিল ।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে ডোভাল :

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি পোৱাৰ পিছত ডোভালে (কেৰালা কেডাৰৰ 1968 চনৰ আই পি এছ বিষয়াৰ বেটচ ) ইৰাকৰ টিক্ৰিটৰ এখন চিকিৎসালয়ত আৱদ্ধ হৈ থকা 46 গৰাকী ভাৰতীয় নাৰ্ছক ঘূৰাই অনাৰ সুবিধা কৰি দিছিল ৷

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ দায়িত্ব লোৱাৰ পূৰ্বে ডোভাল আই বিৰ সঞ্চালক আছিল । 1988 চনত অপাৰেচন ব্লেক থাণ্ডাৰৰ সময়ত ডোভালে আই এছ আই এজেণ্টৰ ৰূপ লৈ স্বৰ্ণ মন্দিৰত অনুপ্ৰৱেশ কৰি খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য নথি-পত্ৰৰ তথ্য সংগ্ৰহ কৰে । পৰৱৰ্তী সময়ত এই কৌশলে ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীক (NSG) স্বৰ্ণ মন্দিৰক খালিস্তানী বিচ্ছিন্নতাবাদীৰ হাতৰ পৰা মুক্ত কৰাত সহায় কৰিছিল ।

1999 চনত আই চি 814 অপহৰণ কৰাৰ পিছত চাৰিজনীয়া আলোচনাপন্থী দলটোক কান্দাহাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰতো ডোভালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । 2016 চনত ভাৰতে পাকিস্তানৰ ওপৰত কৰা ছাৰ্জিকেল ষ্ট্ৰাইকো ডোভালৰ প্ৰতিৰক্ষা কৌশলৰ অংশ আছিল । 2019 চনৰ বালাকোট বিমান আক্ৰমণৰ সময়তো ডোভালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

লগতে পঢ়ক: দেশৰ অৰ্থনৈতিক বিকাশ সীমান্ত সুৰক্ষাৰ ওপৰতে নিৰ্ভৰশীল - Border Security

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.