ETV Bharat / bharat

এই সপ্তাহত বহুকেইটা ৰাশিৰ দাম্পত্য জীৱন সুখৰ হ’ব...লাভ কৰিব কৰ্মক্ষেত্ৰত সফলতা...বৃদ্ধি হ’ব ধন-সম্পত্তি...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 12:09 AM IST

Weekly Horoscope: মতানৈক্য-বিবাদ ত্যাগ কৰিলেহে এই সপ্তাহত পাব সমস্যাৰ সমাধান...প্ৰেমিক যুগলৰ বাবে কেনে যাব এই সপ্তাহটো ?...ব্যৱসায়িক দিশত লাভ কৰিব নে সফলতা...এই সকলোবোৰ জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷

Weekly Horoscope For 11th August to 18th August 2024
সপ্তাহটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: এই সপ্তাহটো মেষ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ’ব ৷ পৰিয়ালৰ কোনো সদস্যৰ সৈতে কোনো কথাত বিবাদ হ’ব পাৰে ৷ যদি আপুনি অংশীদাৰী ব্যৱসায় কৰে, তেন্তে এই সময়ছোৱাত আপুনি তেওঁলোকক সম্পূৰ্ণৰূপে বিশ্বাস কৰাৰ পৰা বিৰত থকা উচিত, কাৰণ ইয়াৰ ফলত আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে বৰ বেছি শুভ বা সফল নহয় ৷ এই সপ্তাহত আপুনি নিজৰ প্ৰিয়জনক সাক্ষাৎ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে, যাৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ থাকিব ৷ বৈবাহিক জীৱনত জীৱন সংগীৰ অনুভূতিক আওকাণ কৰাৰ পৰা বিৰত থাকক ৷ অৱশ্যে, আপোনাৰ বাবে কঠিন সময় বেছি দিন নাথাকিব আৰু সপ্তাহৰ শেষৰ ফাললৈ আপুনি নিজৰ বিচক্ষণতা আৰু ভাল মনৰ বন্ধু-বান্ধৱৰ সহায়ত আপোনাৰ জীৱনৰ সকলো সমস্যা সফলতাৰে সমাধান কৰিব ৷ স্বাস্থ্য সম্পৰ্কে সতৰ্ক হওক ৷

বৃষ ৰাশি: এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে গতানুগতিক আৰু লাভজনক দুয়োটা হ’ব ৷ সপ্তাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত উৰ্ধতন আৰু অধঃস্তন সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ পৰিয়ালৰ কোনো সদস্যৰ অসাধাৰণ কৃতিত্ব লাভৰ ফলত আপোনাৰ মান-সন্মান বৃদ্ধি হ’ব ৷ ধাৰ্মিক কাৰ্য্য সম্পন্ন হ’ব আৰু এই সপ্তাহত কোনো আঁচনি বা উদ্যোগত পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিব পাৰিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্কিত সিদ্ধান্তসমূহ সপ্তাহৰ শেষৰ ফালে ল’ব পাৰে ৷ সমাজত মান-সন্মান বৃদ্ধি হ’ব ৷ প্ৰেম সম্পৰ্ক সুদৃঢ় তথা প্ৰগাঢ় হ’ব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে কোনো সুখবৰ পাব পাৰে ৷ সপ্তাহটোৰ শেষৰ ফালে মাটি ক্ৰয়-বিক্ৰয়ৰ হেঁপাহ পূৰণ হ’ব ৷ পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনাও থাকিব ৷ পিতৃ-মাতৃৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোৰ প্ৰথমাৰ্ধতকৈ দ্বিতীয়াৰ্ধটো অধিক ইতিবাচক হ’ব, কাৰণ সপ্তাহটোৰ আৰম্ভণিতে আপোনাৰ ওপৰত কাৰ্য্যালয়ৰ কামৰ অতিৰিক্ত বোজা থাকিব পাৰে ৷ যাত্ৰাৰ সময়ত স্বাস্থ্য আৰু বয়-বস্তুৰ ভালদৰে যত্ন লওক ৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কামবোৰ সপ্তাহৰ শেষৰ ফালে সম্পন্ন হ’ব পাৰে ৷ ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ অৰ্জন কৰিব ৷ প্ৰেম সম্পৰ্কত প্ৰগাঢ়তা থাকিব ৷ প্ৰিয়জনৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব আৰু আপুনি তেওঁৰ সৈতে অধিক সময় কটাব বিচাৰিব ৷ দাম্পত্য জীৱনত মধুৰতা বিৰাজ কৰিব ৷ নিজৰ স্বাস্থ্য আৰু বয়-বস্তুৰ ভালদৰে যত্ন লওক ৷ এই সময়ছোৱাত আপুনি নিজৰ অন্তৰংগ বন্ধু বা পৰিয়ালৰ সৈতে কোনো পৰ্যটনস্থলীলৈ যাত্ৰা কৰাৰ সুযোগ পাব ৷ আপুনি ধৰ্ম-কৰ্ম, দান-পুণ্য আদিৰ প্ৰতি আগ্ৰহী হ’ব ৷

কর্কট ৰাশি: এই সময়ছোৱাত আনৰ সৈতে লগলাগি কাম কৰাটো লাভজনক হ’ব আৰু আপোনাৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ’ব ৷ আপুনি কেৱল লাভ অৰ্জন কৰাই নহয়, আপোনাৰ ব্যৱসায়ত বৃদ্ধিও দেখিবলৈ পাব ৷ এই সপ্তাহটোক প্ৰেম সম্পৰ্কৰ বাবে ভাল বুলি ক’ব নোৱাৰি, কাৰণ কিবা কথাত প্ৰিয়জনৰ সৈতে হোৱা মতানৈক্য মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈ পৰিব পাৰে ৷ মতানৈক্য আঁতৰ কৰাৰ সময়ত সহানুভূতিশীল হওক, অন্যথা সুপৰিকল্পিত পৰিস্থিতিও নষ্ট হৈ যাব পাৰে ৷ বৈবাহিক জীৱনৰ কথা ক’বলৈ গ’লে, আপুনি আপোনাৰ জীৱন সংগীৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হৈ থাকিব ৷ সপ্তাহৰ শেষাৰ্ধত আপুনি কোনো শুভ বা পৱিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলেও ইতিবাচক খবৰ পাব পাৰে ৷ আকাংক্ষিত সাফল্য লাভে শিক্ষাৰ্থীসকলৰ উৎসাহ বৃদ্ধি কৰিব ৷

সিংহ ৰাশি: সৰু-সুৰা সমস্যাবোৰ বাদ দিলে এই সপ্তাহটো সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে লাভজনক হ’ব ৷ সপ্তাহটোৰ মাজভাগত কোনো ঘৰুৱা সমস্যা সমাধান হোৱাৰ ফলত আপুনি স্বস্তিৰ নিশ্বাস পেলাব ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ’বলৈ সম্পূৰ্ণ মনোযোগসহ তৎপৰ হোৱা দেখা যাব ৷ সপ্তাহৰ মাজভাগত দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ সম্ভাৱনা আছে ৷ যাত্ৰাটো সুখদায়ক আৰু লাভজনক হ’ব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত দৃঢ়তা আহিব ৷ পৰিয়ালৰ সদস্যসকলেও আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বৈধতা প্ৰদান কৰিব পাৰে ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ আপুনি নিজৰ সন্তানৰ ফালৰ পৰা কিছু সুখবৰ পাব পাৰে ৷ এই পৰ্য্যায়ত নতুন তথা ডাঙৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত ঘৰ আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে ৷

কন্যা ৰাশি: এই সপ্তাহ কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে অতি শুভ হ’ব ৷ সপ্তাহটোৰ প্ৰথম ভাগত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায়ৰ সৈতে জড়িত কিছুমান ইতিবাচক খবৰ শুনিবলৈ পাব ৷ এই সময়ছোৱাত আৰ্থিক লেনদেন কৰাৰ সময়ত সাৱধান হওক ৷ এই সময়ছোৱাত ঘৰৰ চোৱাচিতা কৰা বা মনোৰঞ্জনৰ বাবে অতিৰিক্ত ধন ব্যয় কৰিলে আপোনাৰ বাজেট বিঘ্নিত হ’ব পাৰে ৷ এই সময়ছোৱাত যিকোনো কাৰ্য্যসূচীত ধন বিনিয়োগ কৰাৰ সময়ত আপুনি নিজৰ পৰিস্থিতিৰ কথা মনত ৰখা উচিত ৷ আপোনাৰ বাবে এই সপ্তাহটো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অতি সৌভাগ্যপূৰ্ণ হ’ব ৷ জীৱন সংগীৰ সৈতে সময় কটোৱাৰ বহু সুযোগ পাব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ স্বাস্থ্য গতানুগতিক হৈ থাকিব ৷ সপ্তাহটোৰ শেষৰ ফালে আপুনি আপোনাৰ কোম্পানীত জ্যেষ্ঠ আৰু কনিষ্ঠসকলক লগ কৰাটো উচিত হ’ব ৷ এনে কৰিলেহে আপুনি নিজৰ কাম সঠিকভাৱে আৰু সময়মতে সম্পূৰ্ণ কৰিব পাৰিব ৷

তুলা ৰাশি: এই সপ্তাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে শুভ তথা প্ৰগতিশীল হ’ব ৷ কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা আৰু কনিষ্ঠসকলৰ পৰা পোৱা উৎসাহে সপ্তাহৰ আৰম্ভণিতে আপোনাক উদ্যমী কৰি তুলিব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে সৌভাগ্যপূৰ্ণ হ'ব ৷ যদি আপুনি কাৰোবাৰ আগত নিজৰ প্ৰেম প্ৰকাশ কৰাৰ কথা ভাবিছে, তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ’ব পাৰে ৷ চলি থকা প্ৰেম সম্পৰ্ক অধিক সুদৃঢ় হৈ উঠিব ৷ পৰস্পৰৰ ওপৰত বিশ্বাস বৃদ্ধি হ’ব ৷ আপোনাৰ জীৱন সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হ’ব আৰু আপুনি সুখী বৈবাহিক জীৱন উপভোগ কৰিব ৷ সপ্তাহৰ শেষৰ ফালে কোনো সুখবৰ পাব পাৰে ৷ কুদৃষ্টিৰ পৰা হাত সাৰিবলৈ কৰ্মক্ষেত্ৰত নিজৰ কৃতিত্ব সম্পৰ্কে ফিতাহি মৰা তথা নিজৰ লক্ষ্যৰ বিষয়ে কাৰোবাক কোৱাৰ পৰা বিৰত থাকক ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত পৰিয়ালৰ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ৷

বৃশ্চিক ৰাশি: এই সময়ছোৱাত আনৰ সমালোচনা কৰাতকৈ নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ দিয়ক ৷ লগতে কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱন উভয় ক্ষেত্ৰতে থকা গোপন শত্ৰুৰ পৰাও সাৱধান হওক ৷ এই সপ্তাহত আপোনাৰ প্ৰিয়জনৰ সৈতে কিবা কথাত মতভেদ হ’ব পাৰে, এনে পৰিস্থিতিত আপুনি এগৰাকী বান্ধৱীৰ পৰা বহুখিনি উপকৃত হ’ব ৷ প্ৰেম সম্পৰ্ক অটুট ৰাখিবলৈ সংগীৰ অনুভূতিক আওকাণ কৰাৰ পৰা বিৰত থকা উচিত ৷ দাম্পত্য জীৱনত মধুৰতা বজাই থাকিব ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিব পাৰে ৷ এই যাত্ৰা উপভোগ্য আৰু মনোৰঞ্জনমূলক হ’ব বুলি আশা কৰিব পাৰি ৷ এই সময়ছোৱাত আপুনি বিলাসী সামগ্ৰীৰ বাবেও বহুত ধন ব্যয় কৰিব পাৰে ৷

ধনু ৰাশি: সপ্তাহৰ আৰম্ভণিতে আপুনি কোনো ডাঙৰ দায়িত্ব পাব পাৰে ৷ ইয়াক প্ৰাপ্ত কৰিবলৈ আপুনি অতিৰিক্ত প্ৰয়াস কৰিব লাগিব ৷ এই ঋতুত ব্যৱসায়িক ভ্ৰমণ লাভজনক হ’ব ৷ যাত্ৰাৰ সময়ত আপুনি এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ ইয়াৰ ফলত আপুনি ভৱিষ্যতে লাভজনক আঁচনিসমূহত অংশগ্ৰহণ কৰাৰ সুযোগ পাব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো গতানুগতিক হ’ব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক আপোনালোকৰ মৰম আৰু বিশ্বাসৰ উৎস হৈ থাকিব ৷ বৈবাহিক জীৱনত মধুৰতা বজাই থাকিব ৷ সপ্তাহৰ শেষৰ ফালে আপুনি বহুতো ব্যক্তিগত সমস্যাৰ সমাধান দেখা পাব পাৰে ৷ এই সময়ছোৱাতো আগবাঢ়ি যোৱাৰ আগতে সাৱধান হোৱাটো প্ৰয়োজন ৷

মকৰ ৰাশি: সপ্তাহটোৰ আৰম্ভণিতে পাৰিবাৰিক সমস্যসমূহ সমাধান হোৱাৰ ফলত আপুনি এটা স্বস্তিৰ নিশ্বাস পেলাব ৷ এই সময়ত কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিলে সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ অৱশ্যে, কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব ৷ এই সপ্তাহটো প্ৰেম সম্পৰ্কৰ বাবে শুভ হ’ব ৷ আপুনি নিজৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত দৃঢ়তা অনুভৱ কৰিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ আপুনি জীৱন সংগীৰ সৈতে সুখপূৰ্ণ সময় কটোৱাৰ সুযোগ পাব ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে কোনো সুখবৰ পাব পাৰে ৷ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষা লাভৰ বাবে ইচ্ছাশক্তি বৃদ্ধি হ’ব ৷ সপ্তাহটোৰ শেষৰ ফালে যিকোনো ব্যৱসায়িক যাত্ৰা সুখদায়ক আৰু লাভজনক হ’ব ৷ পিতৃ-মাতৃয়ে আপোনাক সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰি থাকিব ৷

কুম্ভ ৰাশি: আপোনাৰ জ্যেষ্ঠ তথা কনিষ্ঠ সহকৰ্মীক লগত লৈ কামলৈ যাওক ৷ সপ্তাহৰ মাজভাগত কামৰ সন্দৰ্ভত দীৰ্ঘ বা কম দূৰত্বৰ ভ্ৰমণৰ সুযোগ আহিব পাৰে ৷ স্বাস্থ্যৰ দিশৰ পৰা এই সময়খিনি আপোনাৰ বাবে অস্বস্তিকৰ হ’ব পাৰে ৷ এই সময়ছোৱাত ঋতুজনিত ৰোগ সম্পৰ্কে সচেতন হওক আৰু সৰু-সুৰা স্বাস্থ্যজনিত সমস্যাক আওকাণ নকৰিব, অন্যথা চিকিৎসালয়লৈ যাবলগীয়া হ’ব পাৰে ৷ এই সময়ছোৱাত প্ৰিয়জনক লগ পাই পুৰণি স্মৃতিবোৰ সতেজ হৈ উঠিব ৷ প্ৰেম সম্পৰ্ক সুদৃঢ় হ’ব আৰু প্ৰিয়জনৰ সৈতে পাৰস্পৰিক বিশ্বাস বাঢ়িব ৷ আপোনাৰ জীৱন সংগী সদায় আপোনাৰ কাষত থাকিব আৰু কঠিন পৰিস্থিতিত আপোনাক সহায় কৰিব ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থী আৰু গৱেষণামূলক কামৰ সৈতে জড়িত লোকসকলৰ বাবে সপ্তাহটোৰ শেষ অংশটো লাভজনক হ’ব ৷ কিছু ডাঙৰ সুখবৰ পোৱাৰ পাছত আপোনাৰ মনটো সুখী হ’ব ৷

মীন ৰাশি: সপ্তাহৰ আৰম্ভণিতে কামৰ সন্দৰ্ভত বহু দূৰলৈ যাত্ৰা কৰাৰ সুযোগ আহিব ৷ দীৰ্ঘদিন ধৰি নতুন চাকৰি এটা আৰম্ভ কৰাৰ কথা ভাবি থকা লোকসকলে কোনো ব্যক্তি বা সংগঠনৰ পৰা উৎকৃষ্ট উৎসাহ পাব পাৰে ৷ ইতিমধ্যে ব্যৱসায় কৰি থকা লোকসকলে আশানুৰূপ লাভ প্ৰাপ্ত কৰিব ৷ ঘৰ-মাটি ক্ৰয়-বিক্ৰয়ৰ হেঁপাহ পূৰণ হ’ব আৰু লাভ অৰ্জন হ’ব ৷ যুৱক-যুৱতীসকলে অধিকাংশ সময় ফূৰ্তি কৰি কটাব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত থকা বাধা-বিঘিনিসমূহ দূৰ হ’ব আৰু আপুনি নিজৰ ৰোমান্টিক সংগীৰ সৈতে ঘনিষ্ঠ সময় কটাব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ এই সপ্তাহত আপুনি পৰিয়ালৰ সৈতে কোনো পৰ্যটনস্থলীও ভ্ৰমণ কৰিব পাৰে ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত ভাল বন্ধুৰ পৰা সুবিধা লাভ কৰিব ৷ চাকৰিয়াল লোকসকলে উপাৰ্জনৰ অতিৰিক্ত উৎস প্ৰাপ্ত কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.