ETV Bharat / bharat

ৱায়নাড় ভূমিস্খলন : সন্ধানহীন লোকৰ চিনাক্তকৰণৰ বাবে কৰা হ'ব ডিএনএ বিশ্লেষণ - Wayanad landslides

author img

By PTI

Published : Aug 5, 2024, 12:13 PM IST

Wayanad landslides: কেৰালাৰ ৱায়নাড়ৰ ভূমিস্খলনত ২২১ টা মৃতদেহ উদ্ধাৰ । মৃতদেহৰ ১৬৬ টা অংশও উদ্ধাৰ কৰা হৈছে । অচিনাক্ত মৃতদেহ চিনাক্তকৰণৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে । আত্মীয়ৰ ডিএনএ বিশ্লেষণ কৰা হ'ব ।

Wayanad landslide
ৱায়নাড় ভূমিস্খলন:সন্ধানহীন লোকৰ চিনাক্তকৰণৰ বাবে কৰা হ'ব ডিএনএ বিশ্লেষণ (ANI Photo)

নেশ্যনেল ডেস্ক,৫ আগষ্ট : ভূমিস্খলনৰ ফলত কেৰালাৰ ৱায়নাড়ত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । চৰকাৰী তথ্য অনুসৰি এতিয়ালৈ ২২১ টা মৃতদেহ উদ্ধাৰ হৈছে আৰু ১৬৬ টা শৰীৰৰ অংশ উদ্ধাৰ কৰা হৈছে । এতিয়াও ১৮০ গৰাকী লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে । এনে পৰিস্থিতিত কেৰালা চৰকাৰে সন্ধানহীন লোক আৰু অচিনাক্ত মৃতদেহ চিনাক্ত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

সন্ধানহীনৰ চিনাক্তকৰণ প্ৰক্ৰিয়া :

কেৰালা চৰকাৰে সন্ধানহীন লোকসকলক চিনাক্ত কৰিবলৈ ডিএনএ বিশ্লেষণৰ বাবে জীৱিত আৰু আত্মীয়ৰ তেজৰ নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছে । এফালে স্বাস্থ্য বিভাগে ডিএনএ বিশ্লেষণৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছে । একেদৰে যোগান বিভাগে সন্ধানহীন লোকসকলক চিনাক্ত কৰিবলৈ ৰেচন কাৰ্ড, আধাৰ নম্বৰ আৰু লিংক হৈ থকা ফোন নম্বৰৰ বিৱৰণ সংগ্ৰহ কৰা আৰম্ভ কৰিছে ।

আত্মীয়ৰ পৰা তেজৰ নমুনা ডিএনএ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে । যাতে মৃতদেহ আৰু শৰীৰৰ অংশবোৰ চিনাক্ত কৰিব পৰা যায় যিবোৰ এতিয়াও চিনাক্ত কৰা হোৱা নাই ।

চৰকাৰে এই সন্দৰ্ভত এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে । বিজ্ঞপ্তিটোত কৈছে, "প্ৰথম পৰ্যায়ত অচিনাক্ত মৃতদেহৰ পৰা ডিএনএ নমুনা সংগ্ৰহ কৰা হৈছিল । জীৱিত আৰু আত্মীয়ৰ নমুনাবোৰ অচিনাক্ত মৃতদেহৰ পৰা সংগ্ৰহ কৰা নমুনাৰ সৈতে তুলনা কৰা হ'ব । ইফালে জীৱিত আৰু আত্মীয়ই দিয়া নমুনাবোৰ তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিত সংগ্ৰহ কৰা হৈছে ।"

যোগান বিভাগে সন্ধানহীন লোকসকলক চিনাক্ত কৰিবলৈ পঞ্চায়তৰ বিষয়াসকলক বিৱৰণ প্ৰদান কৰিছে । ৰাজহ মন্ত্ৰীয়ে জনোৱা মতে কৰ্তৃপক্ষই কিছুমানৰ সৈতে ফোনযোগে যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ পিচত সন্ধানহীন লোকৰ সংখ্যা ২০৬ ৰ পৰা ১৮০ লৈ হ্ৰাস পাইছে ।

ইফালে ৱায়নাড়, মালাপ্পুৰম আৰু কোজিকোডৰ মাজেৰে বৈ যোৱা চলিয়াৰ নদীৰ কাষতো অনুসন্ধান অভিযান অব্যাহত আছে । চলিয়াৰ নদীত পোৱা মুঠ মৃতদেহৰ সংখ্যা হৈছে ৭৫ টা আৰু শৰীৰৰ অংশ হৈছে ১৪২ টা ।

শিবিৰত আশ্ৰয় :

জানিব পৰা মতে ৫৯৯ টা শিশু আৰু ৬ গৰাকী গৰ্ভৱতী মহিলাকে ধৰি ২,৫০০ ৰো অধিক লোক কেৰালাৰ ৱায়নাড়ৰ বিভিন্ন শিবিৰত আছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া চৰকাৰী পৰিসংখ্যা অনুসৰি, পাহাৰীয়া জিলা মেপ্পাডি আৰু অন্যান্য গাওঁ পঞ্চায়তত মুঠ ১৬ টা শিবিৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :ভূমিস্খলনত বিধ্বস্ত ৱায়নাড়ত শিশুসহ জনজাতীয় পৰিয়ালক উদ্ধাৰ : মুখ্যমন্ত্ৰীৰ প্ৰশংসা - Kerala landslide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.