ETV Bharat / bharat

ৰাৱণ দহনৰ পূৰ্বেই অঘটন; স্থাপন কৰিব লওঁতেই বাগৰি পৰিল ৰাৱণৰ পুত্তলিকা

Accident While Erecting Ravan : শুকুৰবাৰে নিশা কোটাৰ দশেৰাস্থলীত ক্ৰেণৰ বেল্টৰ ফিটা ছিঙি ৰাৱণৰ পুত্তলিকা ২০ ফুট উচ্চতাৰ পৰা তললৈ সৰি পৰে ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 12:55 PM IST

Accident While Erecting Ravan
ৰাৱণ দহনৰ পূৰ্বেই অঘটন (ETV Bharat)

নিউজ ডেস্ক, ১২ অক্টোবৰ : শুকুৰবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে দশেৰা বা বিজয়াদশমী । এই দশেৰাত ৰাৱণৰ পুত্তলিকা দাহ কৰি অশুভ শক্তিক নাশ কৰাৰ এক প্ৰতীকী পৰম্পৰা পালন কৰা হয় । ইয়াৰ বাবে ঠাই বিশেষে ৰাৱণৰ বৃহদাকাৰ পুত্তলিকা নিৰ্মাণ কৰা হয় । এই সুউচ্চ পুত্তলিকা স্থাপন কৰি তাত অগ্নিসংযোগ কৰা হয় । কিন্তু তেনে এক ৰাৱণৰ পুত্তলিকা স্থাপন কৰিব ওলাওঁতেই অঘটন সংঘটিত হয় ৰাজস্থানৰ কোটাত ।

কোটাৰ দশেৰাস্থলীত বিজয় শ্ৰীৰাং মঞ্চৰ কাষৰতে ৰাৱণৰ পুত্তলিকা নিৰ্মাণৰ কাম চলি আছিল । শুকুৰবাৰে নিশা হাইড্ৰ'লিক ক্ৰেণৰ ওপৰত থকা ৱেবিং শ্লিং (বেল্টৰ ফিটা) ছিঙি যায় । এই দুৰ্ঘটনাটোত ৰাৱণৰ পুত্তলিকাৰ আধা অংশ বহুখিনি উচ্চতাৰ পৰা তললৈ সৰি পৰে । অৱশ্যে ৰাৱণৰ পুত্তলিকাটো থিয় কৰিবলৈ তলত এটা কাঠৰ ফ্ৰেম স্থাপন কৰা হৈছিল । তাৰ ওপৰতে ই বাগৰি পৰে । যাৰ ফলত ৰাৱণৰ পুত্তলিকাটোৰ ডিঙি আৰু কঁকালৰ কিছু অংশ ভাঙি যায় । এই আকস্মিক দুৰ্ঘটনাটোৰ বাবে মুহূৰ্ততে অঞ্চলটোত এক আলোড়নৰ সৃষ্টি হয় ।

ৰাৱণ দহনৰ পূৰ্বেই অঘটন (ETV Bharat)

অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তা কুৰেছিয়ে কয় যে ৰাৱণৰ পুত্তলিকাটোৰ বিশেষ ক্ষতি হোৱা নাই । এই পুত্তলিকাটো বাঁহ আৰু ৰছীৰে তৈয়াৰ কৰা হৈছিল । ফলত কিছু বাঁহ ভাঙি আৰু ৰছী ছিঙি যায় । পিচত পুত্তলিকাটো নিৰ্মাণ কৰা শিল্পীসকলে ইয়াৰ মেৰামতি কৰে । শনিবাৰে পুনৰ ৰাৱণৰ এই পুত্তলিকাটো সময়মতে দশেৰাস্থলীত থিয় কৰোৱা হ'ব ।

উল্লেখ্য যে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তাত বহুসংখ্যক লোক ৰাৱণক চাবলৈ উপস্থিত হৈছিল আৰু ভিডিঅ' কৰি আছিল । যাৰ ফলত এই দুৰ্ঘটনাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে । আনহাতে, এই বিষয়ে তথ্য লাভ কৰাৰ পিচত পৌৰ নিগম আৰু মেলাৰ সৈতে জড়িত উচ্চপদস্থ বিষয়া আৰু জনপ্ৰতিনিধিসকল ঘটনাস্থলীত উপস্থিত হয় । লগতে দুৰ্ঘটনাগ্ৰস্ত ৰাৱণৰ পুত্তলিকাটো মেৰামতি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

ইয়াৰ পিচতে ৰাৱণৰ পুত্তলিকাটো পুনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আৰম্ভ কৰা হয় । অৱশ্যে সৌভাগ্যৰ বিষয় যে দুৰ্ঘটনাটোৰ সময়ত ঘটনাস্থলীত কোনো শ্ৰমিক উপস্থিত নাছিল । আনহাতে, পুত্তলিকাটো অস্থায়ীভাৱে নিৰ্মাণ কৰা চাঙৰ ওপৰত পৰাত বিশেষ ক্ষতিৰ পৰা ৰক্ষা পৰে ।

লগতে পঢ়ক :বিজয়াদশমী উপলক্ষে আৰ এছ এছ মুৰব্বী মোহন ভাগৱতৰ 'শস্ত্ৰ পূজা'
লগতে পঢ়ক :২২ বছৰ ধৰি ৰাৱণক পূজা কৰা এজন ব্যক্তি; ৰাৱণেই তেওঁৰ আৰাধ্য দেৱতা, ৰাৱণেই তেওঁৰ গুৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.