ETV Bharat / bharat

বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক পুনৰ চিকিৎসালয়ত ভৰ্তি - Lal Krishna Advani hospitalised

author img

By ANI

Published : Aug 6, 2024, 9:16 PM IST

BJP veteran leader LK Advani hospitalised again : ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক পুনৰবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে প্ৰবীণ নেতাগৰাকীক ।

BJP veteran LK Advani hospitalised again
ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানী (ANI)

নিউজ ডেস্ক, ৬ আগষ্ট: প্ৰবীণ বিজেপি নেতা লাল কৃষ্ণ আদৱানীক হাস্পতালৰ পৰা মুকলি হোৱাৰ প্ৰায় এমাহৰ পাচত মঙলবাৰে পুনৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ স্নায়ু বিভাগত ভৰ্তি কৰোৱা হয় । এপ’ল’ হাস্পতালৰ তথ্য অনুসৰি বিজেপি নেতাগৰাকী স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩ জুলাইৰ নিশা ৯ বজাত সৰিতা বিহাৰৰ এপ’ল’ হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসক ডাঃ বিনীত সুৰীৰ পৰ্যবেক্ষণত আছিল ৯৬ বছৰীয়া বিজেপি নেতাগৰাকী । ৪ জুলাইত তেওঁক এপ’ল’ হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছিল ।

লগতে পঢ়ক: ৯৬ বছৰীয়া লাল কৃষ্ণ আদৱানীক পুনৰ চিকিৎসালয়ত ভৰ্তি - Lal Krishna Advani hospitalised

২০০২ চনৰ পৰা ২০০৪ চনলৈ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰত উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আদৱানীক চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিছিল । ইয়াৰ পূৰ্বে ২০১৫ চনত আদৱানীক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণেৰে সন্মানিত কৰা হয় ।

১৯২৭ চনৰ ৮ নৱেম্বৰত কৰাচী (বৰ্তমানৰ পাকিস্তান)ত জন্মগ্ৰহণ কৰা আদৱানীয়ে ১৯৪২ চনত স্বয়ংসেৱক হিচাপে আৰ এছ এছত যোগদান কৰে । ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ, তাৰ পিচত ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ আৰু ২০০৪ চনৰ পৰা ২০০৫ চনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে ৷ ১৯৮০ চনত দলটোৰ আৰম্ভণিৰ পিচত আদবানীয়ে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক: এল কে আদৱানীৰ ব্যক্তিগত আৰু ৰাজনৈতিক কেৰিয়াৰ

প্ৰায় তিনি দশকজোৰা সংসদীয় জীৱনত লাল কৃষ্ণ আদৱানী প্ৰথমে গৃহমন্ত্ৰী আৰু পিচলৈ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাৰ উপ-প্ৰধানমন্ত্ৰী (১৯৯৯-২০০৪) আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.