ETV Bharat / bharat

এটা হোৱাটছএপ মেছেজ; যুদ্ধংদেহী ৰূপত সহস্ত্ৰতালত উদ্ধাৰ অভিযান - Sahastra Tal Trek Accident - SAHASTRA TAL TREK ACCIDENT

10 Trekkers Dead After Losing Way In High Altitude Bad Weather : কেৱল এটা হোৱাটছএপ মেছেজ ৷ সহস্ত্ৰতালৰ ১৪০০০ ফুট উচ্চতাৰ পৰা আহিছে এই হোৱাটছএপ মেছেজটো ৷ এই মেছেজৰ বাবেই প্ৰাণৰক্ষা পৰিল ১৩ জন আৰোহণকাৰীৰ ৷ এটা হোৱাটছএপ মেছেজ আৰু ১৩ জন আৰোহণকাৰীৰ জীৱন যুঁজৰ সবিশেষ...

Sahastra Tal Trek Accident
হোৱাটছএপ মেছেজ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:05 AM IST

নেশ্যনেল ডেস্ক, ৬ জুন : ক্ৰমাৎ উত্তৰকাশীত বৃদ্ধি পাইছে বৰষুণৰ মাত্ৰা ৷ যাৰ বাবে উত্তৰকাশী জিলাৰ উচ্চ হিমালয়ৰ সহস্ত্ৰতাল ট্ৰেকিঙৰ উদ্ধাৰ অভিযান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । উদ্ধাৰ অভিযানত বাৰে বাৰে বতৰে প্ৰত্যাহ্বান ৰূপত থিয় দিছে ।

৫ জুন, বুধবাৰে বিয়লি ৩ বজাৰ পৰা উচ্চ হিমালয় অঞ্চলত ধাৰাষাৰ বৰষুণ হয় ৷ যাৰ ফলত এছডিআৰএফ আৰু বায়ুসেনাই উদ্ধাৰ অভিযান সাময়িকভাৱে বন্ধ কৰিবলগীয়া হয় । সহস্ত্ৰতালত এতিয়াও আৱদ্ধ হৈ আছে তিনিটা মৃতদেহ ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, সহস্ত্ৰতাল ট্ৰেকত প্ৰতিকূল বতৰৰ বাবে ১০ জন লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছিল । ইয়াৰে এতিয়ালৈকে মাত্ৰ পাঁচটা মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । একে সময়তে এছডিআৰএফ আৰু বায়ুসেনাই ১৩ জন আৰোহণকাৰীৰ নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

সহস্ত্ৰতাল ট্ৰেকৰ উদ্ধাৰ অভিযানৰ সৈতে জড়িত সকলো তথ্য দি উত্তৰাখণ্ড মাউণ্টেইনিং অৰ্গেনাইজেশ্যনৰ সভাপতি বিষ্ণু প্ৰসাদ ছেমৱালে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘প্ৰশাসনে সহস্ত্ৰতালত আবদ্ধ হৈ থকা আৰোহণকাৰীৰ সকলো তথ্য পোৱাৰ লগে লগে কেইঘণ্টামানৰ ভিতৰতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । সেয়ে হয়তো ২২ জনীয়া আৰোহণকাৰীৰ দলটোৰ ১৩ জনকে লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷’’

‘‘ইতিমধ্যে ৯ জন লোকৰ মৃত্যু হয় ৷ ইয়াৰে পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, কিন্তু চাৰিটা মৃতদেহ এতিয়াও তাতে আবদ্ধ হৈ আছে ৷ মৃতদেহ কেইটা উদ্ধাৰৰ বাবে অভিযান চলি আছে ৷ কিন্তু বুধবাৰে বিয়লি ৩ বজাৰ পাচত বতৰ বেয়া হোৱা বাবে উদ্ধাৰ অভিযান বন্ধ কৰিব লগা হয় ।’’ তেওঁ কয় ৷

কেনেকৈ গম পোৱা গ’ল যে আৰোহনকাৰী সহস্ত্ৰতালত আবদ্ধ হৈ পৰাৰ কথা :

বিষ্ণু প্ৰসাদ ছেমৱালে প্ৰায় ২৫ বছৰ ধৰি মাউণ্টেইনাৰৰ ক্ষেত্ৰখনত কাম কৰি আহিছে । তেওঁ কয় যে যোৱা ৪ জুন তাৰিখে বিয়লি প্ৰায় ৩ বজাত তেওঁৰ হোৱাটছএপ গ্ৰুপত এখন চিঠি আহিছিল । তাত কোনো বিশেষ ব্যক্তিৰ নাম লিখা নাছিল যদিও তাত লিখা কথাবোৰ পঢ়ি অনুমান কৰিব পৰা গ’ল যে ট্ৰেকিং কৰিবলৈ যোৱা কেবাজনো লোক কোনোবা ডাঙৰ বিপদত পৰিছে । তেওঁলোকক যিমান পাৰি অতি সোনকালে সহায়ৰ প্ৰয়োজন ।

10 Trekkers Dead After Losing Way In High Altitude Bad Weather
হোৱাটছএপ মেছেজ (ETV Bharat)

তাৰ পাচতে বিষ্ণুপ্ৰসাদ ছেমৱালে ততাতৈয়াকৈ এই পত্ৰখন সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে । প্ৰশাসনৰ কাম-কাজৰ প্ৰশংসা কৰি বিষ্ণুপ্ৰসাদ ছেমৱালে কয় যে তেওঁৰ চিঠি প্ৰেৰণ কৰাৰ কিছু সময়ৰ পাচতে উদ্ধাৰ ব্যৱস্থাটো সক্ৰিয় হৈ পৰে ।

অৱশ্যে প্ৰশ্ন হয় যে সহস্ত্ৰতালত ম’বাইলৰ নেটৱৰ্কে কাম কৰে নেকি ? এই সন্দৰ্ভত বিষ্ণুপ্ৰসাদ ছেমৱালে কয় যে আৰোহণকাৰী দলটোৰ কোনোবা নিশ্চয় ১১০০০ ফুট উচ্চতাত অৱস্থিত কুশু কল্যাণী ট্ৰেকলৈ আহিছিল আৰু তাৰ পৰাই তেওঁ কাৰোবাৰ ম’বাইলৰ জৰিয়তে এই চিঠিখন চহৰলৈ প্ৰেৰণ কৰিছে ।

তেওঁ আৰু কয় যে এই পত্ৰখন লাভ কৰাৰ পাচতহে এছডিআৰএফৰ দলটোৱে দায়িত্ব গ্ৰহণ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে । কেৱল এয়াই নহয়, এই অভিযানৰ বাবে বায়ুসেনাৰো সহায়ো লোৱা হয় । বায়ুসেনাই নিজৰ দুখন হেলিকপ্টাৰ চেটক আৰু চীতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে । যাৰ ফলত সময় মতে ১৩ জন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।তথাপিও ৯ জন আৰোহণকাৰীয়ে প্ৰাণ হেৰুৱাব লগাত পৰে ।

চিঠিখনত কি লিখা আছিল :

বিষ্ণুপ্ৰসাদ ছেমৱালৰ হোৱাটছএপ গ্ৰুপত অহা চিঠিখনত লিখা আছিল - ‘‘২৯ মে’ৰ পৰা ৭ জুনলৈ আমাৰ ২২ জনেই ট্ৰেকিং পাৰ্মিট লৈছিলো ৷ কিন্তু বতৰ বেয়াৰ বাবে ইয়াৰ পৰিস্থিতি বহুত বেয়াৰ দিশলৈ গৈছে ।’’ পত্ৰখনত লগতে লিখা আছিল - ‘‘৩ জুনৰ দুপৰীয়া ১২:০০ বজালৈকে বহু আৰোহণকাৰীৰ মৃত্যু হৈছে । আমাক অতি সোনকালে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক ৷ সকলো আৰোহণকাৰী আবদ্ধ হৈ থকা ঠাইখনৰ উচ্চতা ১৪০০০ ফুট ।’’

এনে পৰিস্থিতিত স্বাভাৱিক উদ্ধাৰ অভিযান সম্ভৱ নহয় । সেয়ে এই অভিযান সম্ভৱ হ’ব কেৱল পাহাৰৰ পাদদেশৰ পৰা ২০ ৰ পৰা ২৫ হাজাৰ ফুট উচ্চতাত বায়ুসেনাৰ চেটক আৰু চীতা চপাৰৰ জৰিয়তেহে । বিষ্ণুপ্ৰসাদ ছেমৱালে কয় ৷

ছেমৱালে লগতে কয় যে বৰ্তমান উদ্ধাৰ অভিযান বন্ধ হৈ আছে । অৱশ্যে উদ্ধাৰকাৰী এটা দলক সেই স্থানত ৰখোৱা হৈছে ৷ যদি তাত বতৰ বেয়া হয় তেন্তে অভিজ্ঞ দলটোৱে কোনো অভিযান নকৰে ৷ আনকি দলটোৱে ৰাতিও তাত কোনো সফলতা লাভ কৰিব নোৱাৰিব । সেইবাবেই পুৱাৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হ’ব । এতিয়াও চাৰিটা মৃতদেহ সেই স্থানত আৱদ্ধ হৈ আছে ৷ উক্ত স্থানৰ পৰা মৃতদেহ কেইটা বিচাৰি উলিওৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান ।

উদ্ধাৰ কৰা আৰোহণকাৰীৰ মুখেৰে কিছু কথা :

সহস্ত্ৰতাল ট্ৰেকৰ পৰা উদ্ধাৰ কৰি ডেৰাডুনলৈ অনা ট্ৰেকাৰসকলে জনোৱা মতে, ৩ জুনত সহস্ত্ৰতালত মাত্ৰাধিক বৰফ পৰাৰ লগতে ঘণ্টাত ৯০ কিলোমিটাৰ বেগত বতাহো বলিছিল ৷ যাৰ বাবে তেওঁলোকে বাট হেৰুৱাছিল ৷ এই বৰফৰ ধুমুহাৰ ফলতে তেওঁলোকৰ সংগী ৯ জন আৰোহণকাৰীয়ে প্ৰাণ হেৰুৱা লগাত পৰিছিল ৷

দ্ৰৌপদী কা দণ্ডাত ২৯ জন লোকে প্ৰাণ হেৰুৱালে :

২০২২ চনৰ ৪ অক্টোবৰত উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দণ্ডা ট্ৰেকত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয় । ইয়াত হিমস্খলনৰ ফলত ২৯ জন পৰ্বতাৰোহীয়ে প্ৰাণ হেৰুৱ লগাত পৰিছিল । ইয়াতো প্ৰায় সাত দিন ধৰি উদ্ধাৰ অভিযান চলিছিল । এই সময়ছোৱাত উদ্ধাৰকাৰী দলটোৱে মাত্ৰ ১৪ জন লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ এই হিমস্খলনত পোত যোৱাৰ ফলত ২৯ জন লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক : উত্তৰাখণ্ডত সহস্ত্ৰতাল ট্ৰেকত 8 ট্ৰেকাৰ নিহত, উদ্ধাৰ অভিযান অব্যাহত - Sahastra Tal Trek Accident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.