ETV Bharat / bharat

প্ৰত্যাহ্বান নেওচি আজিৰে পৰা পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা - KEDARNATH YATRA RESUMED - KEDARNATH YATRA RESUMED

Kedarnath Yatra Resumed : কেদাৰনাথ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে । ডাৱৰ বিস্ফোৰণ আৰু দুৰ্যোগৰ বাবে বিগত এসপ্তাহে বন্ধ আছিল এই যাত্ৰা । চৰকাৰে এই যাত্ৰাৰ বাবে যাত্ৰীসকলক ২৫ শতাংশ ৰেহাই দিছে ।

Kedarnath Yatra Resumed
কেদাৰনাথ যাত্ৰা আৰম্ভ (ETV Bharat FILE PHOTO)
author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 12:27 PM IST

নেশ্যনেল ডেস্ক, ৭ আগষ্ট: যোৱা ৩১ জুলাইৰ নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথলৈ যোৱা পথটোত ভূমিস্খলন হোৱাত বাতিল কৰা হৈছিল এই যাত্ৰা । আনকি বহু অংশত ১০০ মিটাৰলৈকে পথ পানীয়ে উটুৱাই নিয়াত যাতায়াতৰ বাবে তেনেই অনুপযোগী হৈ পৰে ।

ভূমিস্খলনত কেদাৰনাথ তীৰ্থস্থানৰ লগতে যাত্ৰাপথত বহুতো তীৰ্থযাত্ৰী আৱদ্ধ হৈ পৰে । তেতিয়াৰ পৰা যাত্ৰীসকলক বিগত ছয়দিন ধৰি উদ্ধাৰ কৰি থকা হয় । চৰকাৰে উদ্ধাৰৰ বাবে পাঁচখন হেলিকপ্টাৰ, এম আই-১৭ আৰু চিনুকৰ সহায় লৈছে । সেয়েহে দুৰ্যোগৰ বাবে কেদাৰনাথ যাত্ৰা বাতিল কৰা হয় । কিন্তু চৰকাৰে ৭ আগষ্টৰ পৰা অৰ্থাৎ বুধবাৰে কেদাৰনাথ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই কেদাৰনাথ যাত্ৰা সন্দৰ্ভত জাৰি কৰা ঘোষণাত যাত্ৰীৰ যাত্ৰা যাতে সুগম হয়, সেয়া নিশ্চিত কৰিছে চৰকাৰে । অৱশ্যে এই যাত্ৰা কেৱল হেলিকপ্টাৰেৰেহে কৰিব পাৰিব । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বুধবাৰে ৰুদ্ৰপ্ৰয়াগ ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত এই বিষয়ে সদৰী কৰি কয়, "আমি বিচাৰো যাত্ৰাটো যিমান সম্ভৱ সোনকালে আৰম্ভ হওক" ৷

হেলিকপ্টাৰ সেৱাত ৰেহাই:

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কেদাৰনাথ ভ্ৰমণ কৰা ভক্তসকলৰ বাবে কৰিছে আন এক বৃহৎ ঘোষণা ৷ মুখ্যমন্ত্ৰী ধামীয়ে কয়, "যিসকল ভক্ত কেদাৰনাথ ধামলৈ যাব বা যাবলৈ বিচাৰে, তেওঁলোকক হেলিকপ্টাৰৰ ভাড়াত ২৫ শতাংশ ৰেহাই দিয়া হ'ব । এই ২৫ শতাংশ ৰেহাইৰ ভাড়া ৰাজ্য চৰকাৰে বহন কৰিব । কেৱল এয়াই নহয়, অহা সপ্তাহত আমি ভক্তসকলক কেদাৰনাথ ধামলৈ খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰত চেষ্টা কৰিম" ৷

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে পুনৰ কয়, "আমি ভক্তসকলৰ মনৰ পৰা ভয় আঁতৰাব বিচাৰো যে কেদাৰনাথ যাত্ৰা সুৰক্ষিত নহয় । ইমান বৃহৎ দুৰ্যোগৰ পিছত এনে সফল উদ্ধাৰ সম্ভৱ হৈছে, কিয়নো সকলো সংস্থাই তেওঁলোকৰ কাম ভালদৰে কৰিছে" ৷

ৰুদ্ৰপ্ৰয়াগত স্থল আৰু আকাশীমাৰ্গ পৰিদৰ্শন কৰাৰ পিছত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, "কেদাৰনাথ যাত্ৰাৰ সময়ত ভক্তসকলে কেদাৰনাথ ধামত উপস্থিত হোৱা ঠাইবোৰত এনে ২৯ টা স্থান আছে, য'ত অধিক ভূমিস্খলনৰ ফলত পথটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে । কেৱল এয়াই নহয়, পথটোৰ 150 মিটাৰ অংশ নদীত সম্পূৰ্ণৰূপে ডুব গৈছে" ৷

মুখ্যমন্ত্ৰী ধামীয়ে পুনৰ কয়, "এই দুৰ্যোগৰ সময়ত এই সমগ্ৰ অঞ্চলটোৱে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । এই সমগ্ৰ ঘটনাটোৰ বিষয়ে তথ্য কেন্দ্ৰীয় চৰকাৰক দিয়া হৈছে । এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক সহযোগ কৰি আছে" ৷

লগতে পঢ়ক:উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণত নিহত ১৪; স্থগিত কেদাৰনাথ যাত্ৰা - Uttarakhand flood situation

তীৰ্থযাত্ৰাত প্ৰত্যাহ্বান: ভূমিস্খলনৰ ফলত বন্ধ ঋষিকেশ-বদ্ৰীনাথ-কেদাৰনাথ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ - LANDSLIDE IN UTTARAKHAND

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.