নেশ্যনেল ডেস্ক, ২ জুন : জম্মুৰ আখনুৰত তীৰ্থযাত্ৰীৰ এখন বাছ দুৰ্ঘটনাত পতিত হয় । ভয়ংকৰ দুৰ্ঘটনাটোত শিশু-মহিলাসহ ২২ গৰাকী লোক নিহত হয় । আনহাতে ৬০ ৰো অধিক লোক আহত হয় । জানিব পৰা মতে বাছখনত প্ৰায় ৯০ গৰাকী লোক আছিল । বাছখন উত্তৰ প্ৰদেশৰ হাথৰছৰ পৰা জম্মুৰ শিৱখোদিলৈ গৈ আছিল ।
ইতিমধ্যে মৃতদেহবোৰ পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হৈছে । শনিবাৰে নিশা ৰে'লৰ জৰিয়তে মৃতদেহবোৰ হাথৰছৰ মাঝোলা গাঁও আৰু নাগলা উদয় সিং গাঁৱলৈ অনা হয় । একেলগে ১১ টা মৃতদেহ দেখি হতবাক দুয়োখন গাঁৱৰে ৰাইজ । শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ লোকসকল ।
জানিব পৰা মতে দুৰ্ঘটনাত নিহত ১২ গৰাকীৰ মৃতদেহ শনিবাৰে নিশা ৯ বজাত মথুৰা জংচনৰ পৰা এম্বুলেন্সযোগে গাঁৱলৈ অনা হয় । ইফালে গাঁওখনৰ সমীপতে থকা এডোখৰ খালী ঠাইত মৃতদেহবোৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । নিশা আন্দামান এক্সপ্ৰেছ আৰু ঝিলাম এক্সপ্ৰেছৰ দ্বাৰা মথুৰালৈ মৃতদেহবোৰ অনা হয় আৰু তাৰ পৰা এম্বুলেন্সেৰে মৃতদেহবোৰ গাঁৱলৈ অনা হয় ।
উল্লেখ্য যে, হাথৰছ জিলাৰ পৰা তীৰ্থযাত্ৰীসকল বাছখনেৰে জম্মুৰ শিৱখোদিলৈ গৈ আছিল । বাছখনত আলিগড়, মথুৰা আৰু ভৰতপুৰ (ৰাজস্থান)ৰ মহিলা আৰু শিশুসহ প্ৰায় ৯০ গৰাকী লোক আছিল । জম্মু-কাশ্মীৰৰ আখনুৰত বাছখন নিয়ন্ত্ৰণহীন হৈ প্ৰায় ১৫০ ফুট দ খাদত বাগৰি পৰে । এই ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰায় ২২ গৰাকী লোকৰ মৃত্যু হয় । আনহাতে গুৰুতৰভাৱে আহত বহুতৰে অৱস্থা এতিয়াও সংকটজনক হৈ আছে ।
মুৰ্চান আৰক্ষী থানাৰ অন্তৰ্গত মাঝোলা গাঁও আৰু হাথৰছ জিলাৰ নাগলা উদয় সিং গাঁৱৰ ৪ গৰাকী মহিলাসহ ১০ গৰাকী লোক এই দুৰ্ঘটনাত নিহত হয় । আলিগড় জিলাৰ ইগ্লাছ তহচিলৰ নয়া গাঁৱৰ ১২ গৰাকী তীৰ্থযাত্ৰীও দুৰ্ঘটনাটোৰ চিকাৰ হয় । শনিবাৰে নিশা প্ৰশাসনে ১১ টা মৃতদেহ জম্মুৰ পৰা আন্দামান এক্সপ্ৰেছেৰে মথুৰালৈ আনে ।
ঘটনাস্থলীত উপস্থিত হৈ আলিগড়ৰ উপায়ুক্ত বিশাখজীয়ে কয় যে এয়া অতি শোকাৱহ ঘটনা । আলিগড় জিলাৰ ইগ্লাছ তহচিলৰ নয়া গাঁৱৰ মুঠ ১২ গৰাকী লোকৰ দুৰ্ঘটনাত মৃত্যু হয় বুলি তেওঁ উল্লেখ কৰে । সন্ধিয়া প্ৰায় ৫:৩০ মান বজাত ১১ টা মৃতদেহ আৰু ১১ জন আহত লোক মথুৰা জংচনত উপস্থিত হয় ।
ইফালে মৃতদেহবোৰ গাঁৱলৈ লৈ যোৱা হয় আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । ইফালে ঝিলাম এক্সপ্ৰেছৰ জৰিয়তেও ২৬ গৰাকী আহত আৰু এটা মৃতদেহ অনা হয় ।