ETV Bharat / bharat

বাঢ়নী পানীয়ে উটুৱাই নিলে বিবাহ যাত্ৰীৰ বাহন, 9 জনৰ মৃত্যু - PUNJAB FLOOD

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 6:51 PM IST

Car Washed away in Hoshiarpur: পঞ্জাৱৰ জেজো খাদত এখন গাড়ী বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। গাড়ীত থকা সকলো লোক এক বিবাহ অনুষ্ঠানলৈ গৈ আছিল । শেহতীয়া তথ্য অনুসৰি ৯ জন লোকৰ মৃত্যু হৈছে ।

Car Washed away in Hoshiarpur
বাঢনী পানীয়ে উটুৱাই লৈ যায় বিবাহ যাত্ৰীৰ বাহন (ETV Bharat)

নেশ্যনেল ডেস্ক, 11 আগষ্ট : পঞ্জাৱৰ জেজো খাদত বাঢ়নী পানীয়ে উটুৱাই নিয়ে বিবাহযাত্ৰীৰ এখন বাহন ৷ এই বিবাহযাত্ৰীসকল হিমাচল প্ৰদেশৰ উনা জিলাৰ ৷ উনা জিলাৰ ডেহালা গাঁৱৰ এই লোকসকলে এখন ইনোভা গাড়ীত উঠি পঞ্জাৱৰ হোছিয়াৰপুৰ জিলাৰ মহলপুৰলৈ গৈ আছিল এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৷ কিন্তু পঞ্জাৱৰ জেজো খাদত পানীৰ প্ৰবল সোঁতে গাড়ীসহ 10 জন লোক উটুৱাই নিয়ে ৷ শেহতীয়া তথ্য অনুসৰি 9 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ একে সময়তে এজন ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে আৰু উদ্ধাৰ অভিযান চলি আছে ৷ দুৰ্ঘটনাৰ সময়ত এজন যুৱক কোনোমতে পানীৰ পৰা পাৰলৈ উঠি আহিবলৈ সক্ষম হয় ৷ বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখু আৰু উপ মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰী সুখুৱে এক্স- (টুইটাৰ)ত পোষ্ট কৰিছে, "জেজো (হিমাচল-পাঞ্জাৱ সীমান্ত)ৰ ওচৰত বাঢ়নী পানীৰ তীব্ৰ সোঁতৰ ফলত উনা জিলাৰ দেহলান গাঁৱৰ প্ৰায় 9 জন লোক দুৰ্ঘটনাৰ বলি হৈছে ৷ মই স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰি আছো ৷ সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে ৷ ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক সকলো সম্ভৱ সহায় প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷ ঈশ্বৰে মৃত লোকসকলৰ বিদেহী আত্মাক শান্তি দিয়ক আৰু এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালক সাহস দিয়ক ৷"

একে সময়তে, উপ মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে ছ'চিয়েল মিডিয়াত দুৰ্ঘটনাটোৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, "ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে বিষয়াসকলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে ৷ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে ৷ ইয়াত হোৱা দুৰ্ঘটনাটো বৰ দুখজনক ৷ আমি এই ঘটনাটোৰ বাবে অত্যন্ত দুঃখিত ৷ বানপানীৰ ফলত বাথু-বাথড়ী অঞ্চলতো ধ্বংসলীলা দেখা গৈছে ৷ প্ৰশাসনক তাৎক্ষণিক প্ৰভাৱৰ সৈতে সতৰ্ক কৰি দিয়া হৈছে ৷"

লগতে পঢ়ক : খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত গেছ লিক : 17 জনক চিকিৎসালয়ত ভৰ্তি - GAS LEAKAGE INCIDENT

বাহনখনত থকা যাত্ৰীৰ তালিকা :

  • মহলপুৰৰ সমীপৰ ডেহলান নিবাসী সুৰজিৎ ​​ভাটিয়াৰ পুত্ৰ দীপক ৷
  • মহলপুৰৰ সমীপৰ ডেহলান নিবাসী গুৰদাস ৰামৰ পুত্ৰ সুৰজিৎ ৷
  • মহলপুৰৰ সমীপৰ ডেহলানৰ নিবাসী পৰমজিৎ কৌৰ ৷
  • মহলপুৰৰ সমীপৰ ডেহলানৰ বাসিন্দা স্বৰূপ চান্দ ৷
  • মহলপুৰৰ সমীপৰ ডেহলানৰ বাসিন্দা বিন্দৰ ৷
  • মহলপুৰৰ সমীপৰ ডেহলানৰ বাসিন্দা শ্বিন্নো ৷
  • ভৱনা (18), মহলপুৰৰ সমীপৰ দেহলানৰ বাসিন্দা ৷
  • মহলপুৰৰ সমীপৰ ডেহলানৰ বাসিন্দা অঞ্জু (20) ৷
  • মহলপুৰৰ সমীপৰ ডেহলানৰ বাসিন্দা হৰমীত (12) ৷

লগতে পঢ়ক : ৱায়ানাডত উপস্থিত হৈ দুৰ্গতসকলক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ - Landslides in Wayanad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.