ETV Bharat / bharat

দুই নাবালিকাক দলবদ্ধ ধৰ্ষণ; 11 অভিযুক্ত আটক

Gang rape in Lohardaga: 11 জন লোকৰ কামনাৰ বলি দুগৰাকী নাবালিকা ৷ নিশা আত্মীয়ৰ ঘৰত আশ্ৰয় লওঁতেই সংঘটিত হয় এই ঘটনা ৷ আটাইকেইটা অভিযুক্তক আটক ৷

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:16 PM IST

Gang rape in Lohardaga
minor girls raped

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: ঝাৰখণ্ডৰ লোহাৰদগা জিলাত দলবদ্ধ ধৰ্ষণৰ এটা গোচৰ পোহৰলৈ আহিছে । জিলাখনৰ বাগডু থানা এলেকাত সংঘটিত হৈছে এই ঘটনা । ১১ জন লোকৰ কামনাৰ বলি হ’ল দুগৰাকী নাবালিকা । আৰক্ষীয়ে ইতিমধ্যে ১১ টা অভিযুক্তকে জিম্মাত লৈছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

শনিবাৰে বাগডু থানাৰ অন্তৰ্গত তিনিগৰাকী নাবালিকা সেন্হা থানাৰ অধীনৰ কন্দ্ৰলৈ গৈছিল তেওঁলোকৰ এগৰাকী বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ । তাৰ পৰা শনিবাৰে সন্ধিয়া দেৰিকৈ তিনিও ঘৰলৈ উভতি আহিছিল । নাবালিকা তিনিগৰাকীৰ ভিতৰত এগৰাকী নাবালিকা নিজৰ ঘৰলৈ যোৱাৰ বিপৰীতে বাগডু থানা এলেকাৰ এখন গাঁৱত চিনাকি মানুহৰ ঘৰত আন দুগৰাকী নাবালিকাই আশ্ৰয় গ্ৰহণ কৰে । ইফালে শনিবাৰে গভীৰ নিশা ১১জন লোক তেওঁৰ ঘৰত উপস্থিত হয়, ইয়াৰে তিনিজন নাবালক ।

১১ জন লোকে মিলি দুয়ো নাবালিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰে । ইয়াৰ পিছতে দেওবাৰে নাবালিকা দুগৰাকীয়ে বাগডু থানাত উপস্থিত হৈ আৰক্ষীক এই বিষয়ে অৱগত কৰে । তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে ৷

মহকুমা আৰক্ষী বিষয়া শ্ৰদ্ধা কেৰকেটাৰ নিৰ্দেশমৰ্মে বাগডু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি ১১ জন অভিযুক্তৰ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে । ইয়াৰে তিনিটা নাবালক বুলি জানিব পৰা হৈছে । ধৃত অভিযুক্ত কেইটা বাগডু, ভূষদ আৰু গংগুপাৰ গাঁৱৰ বাসিন্দা ৷ আৰক্ষীয়ে আটাইকেইজনক জেৰা অব্যাহত ৰাখিছে । দুই নাবালিকাৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বগাডু থানা পালে গাঁৱত এই ঘটনাক লৈ উত্তেজনা দেখা গৈছে । এই ঘটনা ধৰ্ষণ বুলি নিশ্চিত কৰিছে মহকুমা আৰক্ষী বিষয়া শ্ৰদ্ধা কেৰকেটাই । এছডিপিঅ’ই এই সন্দৰ্ভত আৰক্ষীয়ে অধিক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; সাতজন শ্ৰমিকৰ থিতাতে মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.