ETV Bharat / bharat

কিয় নাপিতৰ নৃশংসতাৰ বলি হ’ল দুটাকৈ শিশু!

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 1:12 PM IST

Barber murders 2 children in UP's Budaun: নিজ বাসগৃহতে ডিঙি কাটি হত্যা দুটাকৈ শিশুক ৷ আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত ৷ হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷ পলাতক অৱস্থাত এজন অভিযুক্ত ৷

two-children-were-murdered-by-slitting-their-throats-in-badaun-another-child-injured-in-the-incident-angry-mob-surrounded-the-police-post
5 হাজাৰ টকাৰ বাবেই ডিঙি কাটি হত্যা দুটাকৈ শিশুক!

নেশ্যনেল ডেস্ক, 20 মাৰ্চ: উত্তৰ প্ৰদেশৰ বদায়ুঁত নৃশংস ঘটনা ৷ দুটাকৈ শিশুক ডিঙি কাটি হত্যা ৷ শিশু দুটিক নিজ বাসগৃহতে হত্যা কৰা হয় ৷ ইতিমধ্যে হত্যাৰ অভিযোগত অভিযুক্ত লোকজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

মঙলবাৰৰ সন্ধিয়া উত্তৰ প্ৰদেশৰ বদায়ুঁত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাৰ ঘটনাটো ৷ উত্থাপিত অভিযোগ অনুসৰি দুটি শিশুক এটা নাপিতে নিৰ্মমভাৱে হত্যা কৰে । বাবা ক’লনীত এটা আৱাসিক গৃহৰ চাদত খেলা-ধূলা কৰি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয় ।

ঘটনা সন্দৰ্ভত বৰেলীৰ আৰক্ষী প্ৰধান পৰিদৰ্শক ৰাকেশ কুমাৰে কয়, "আজি সন্ধিয়া এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় য'ত দুটা শিশুৰ মৃত্যু ঘটে । আৰক্ষী সেই স্থানত উপস্থিত হোৱাৰ পাচতে অভিযুক্তই পলাবলৈ চেষ্টা কৰে । আমি অভিযুক্তক গুলীয়ালো ৷ আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে । শিশুকেইটাই ছাদত খেলি থকাৰ সময়তে অভিযুক্তই শিশুকেইটাক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে । আৰক্ষী থানা অসামৰিক লাইন এলেকাৰ চৌকী মাণ্ডি কমিটিৰ পৰা প্ৰায় 150 মিটাৰ দূৰত্বত এখন চেলুন চলাইছিল 25-30 বছৰীয়া অভিযুক্ত সাজিদে ।"

এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় ৰাইজৰ মনত ক্ষোভৰ সৃষ্টি হয় আৰু ক্ষোভিত ৰাইজে অভিযুক্তৰ দোকানত জুই লগাই দিয়ে । প্ৰাথমিক তদন্ত চলাই আৰক্ষীয়ে অভিযুক্ত পূৰ্বে প্ৰায়ে ভুক্তভোগীৰ ঘৰলৈ গৈছিল বুলি অৱগত হয় । ঘটনা সংঘটিত কৰাৰ দিনা মূৰৰ বিষ বুলি কৈ ভুক্তভোগীৰ ঘৰলৈ চাহ খাবলৈ আহিছিল অভিযুক্তই । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ভুক্তভোগীৰ ঘৰলৈ গৈ পত্নীৰ প্ৰসৱৰ বাবে ভুক্তভোগী শিশুৰ মাতৃৰ পৰা 5 হাজাৰ টকা বিচাৰিছিল ৷

অভিযুক্তই ছাদলৈ গৈ দুটা শিশুক হত্যা কৰাৰ লগতে তৃতীয়টোক আহত কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । শিশুকেইটাৰ মাতৃয়ে জনোৱা মতে, ঘটনাৰ সময়ত অভিযুক্তৰ ভাতৃ জাভেদ তেওঁলোকৰ ঘৰৰ বাহিৰত আছিল । আইতাকে পৰিস্থিতি সন্দৰ্ভত অৱগত হৈ যেতিয়া হুলস্থুল লগায় তেতিয়া অভিযুক্ত পলাই গৈছিল বুলি আৰক্ষীয়ে জনায় ।

আৰক্ষীয়ে এই গোচৰত অভিযুক্ত হিচাপে জাভেদৰ নামো উল্লেখ কৰিছে, যিজন বৰ্তমান পলাতক হৈ আছে ।

মৃত শিশু দুটিৰ বয়স প্ৰায় 11 আৰু 6 বছৰ বুলি জানিবলৈ পৰা গৈছে । হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি জানিবলৈ দিয়ে বদায়ুঁৰ জিলা দণ্ডাধীশ মনোজ কুমাৰে ৷

লগতে পঢ়ক: 9 বছৰীয়া সন্তানক মৰিয়াই মৰিয়াই হত্যা কৰিলে মাহী মাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.