ETV Bharat / bharat

বাংলাদেশীৰ লগতে ভাৰতত সোমাইছে ৰোহিংগীয়াও; আগৰতলাত পাঁচ অনুপ্ৰৱেশকাৰীক আটক

Immigrants at Agartala: বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা পাঁচ অনুপ্ৰৱেশকাৰীক আটক ৷ অনুপ্ৰৱেশকাৰীৰ মাজত আছে ৰোহিংগীয়াও ৷

Immigrants at Agartala
আগৰতলাত পাঁচ অনুপ্ৰৱেশকাৰীক আটক (ANI)
author img

By ANI

Published : 3 hours ago

ত্ৰিপুৰা: ত্ৰিপুৰাত আৰক্ষীৰ জালত পৰিছে 5 গৰাকী অনুপ্ৰৱেশকাৰী ৷ গোপন সূত্ৰৰ পমখেদি এক যুটীয়া অভিযান চলাই আগৰতলা ৰে’ল ষ্টেচনৰ পৰা নিৰাপত্তাৰক্ষীৰ দলে আটক কৰে এই অবৈধ অনুপ্ৰৱেশকাৰী কেইগৰাকীক ৷ ৰে’ল আৰক্ষী, ৰে’লৱে সুৰক্ষা বাহিনী, বি এছ এফ আৰু চোৰাংচোৱা সংস্থাই চলাইছিল এই অভিযান ৷ ত্ৰিপুৰা ৰে’ল আৰক্ষীয়ে নিজৰ বিবৃতিত প্ৰকাশ কৰিছে এই কথা ৷
আটকাধীন অনুপ্ৰৱেশকাৰীসকলৰ দুজগৰাকী বাংলাদেশী আৰু তিনিগৰাকী ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ আটাইকেইজনেই বাংলাদেশ হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷ আগৰতলাৰ পৰা ৰে’লযোগে ভাৰতৰ আন ৰাজ্যলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল এই পাঁচ অনুপ্ৰৱেশকাৰীয়ে ৷

সোধা-পোছাৰ সময়ত তেওঁলোক বিসংগতিপূৰ্ণ উত্তৰ দিয়ে ৷ তেওঁলোকৰ এজনে কৈছে হায়দৰাবাদলৈ যাবলৈ ওলাইছে আৰু আন এজনে কৈছে তেওঁলোকৰ লক্ষ্যস্থান মুম্বাই ৷ কৰ্তৃপক্ষই জনোৱা মতে, এই অনুপ্ৰৱেশকাৰী কেইজনক ইতিমধ্যে আগৰতলা ৰে’লৱে আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷ অনুসন্ধানৰ পিচত আৰু অধিক সন্দেহযুক্ত নাগৰিক ধৰা পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰে’ল আৰক্ষীয়ে ৷

আৰক্ষীৰ বিবৃতিত উল্লেখ কৰা মতে, ‘‘আগৰতলা ৰে’ল আৰক্ষী থানাই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অনুপ্ৰৱেশকাৰী কেইজনক আদালতত হাজিৰ কৰোৱা হ’ব ৷’’

আটকাধীন অনুপ্ৰৱেশকাৰী কেইজন হ’ল ক্ৰমে-

  1. ৰহিম উল্লাহ (26), ম্যানমাৰৰ ৰাচিদাঙৰ বাসিন্দা যদিও বৰ্তমান বাংলাদেশৰ কক্স বাজাৰৰ কুটুপালঙত থকা 1 নং ৰোহিংগীয়া কেম্পত বাস কৰিছিল ৷
  2. মঃ আয়ুব (45), ঘৰ ম্যানমাৰৰ ৰাচিদাং, বাংলাদেশৰ কক্স বাজাৰৰ হাকিমপাৰাত থকা 14 নং ৰোহিংগীয়া কেম্পৰ শৰণাৰ্থী ৷
  3. হাস্নাৰা বেগম (32), ঘৰ ম্যানমাৰৰ ৰাচিদাং, বাংলাদেশৰ কক্স বাজাৰৰ হাকিমপাৰাত থকা 14 নং ৰোহিংগীয়া কেম্পৰ শৰণাৰ্থী ৷ লগত এটি 4 বছৰীয়া পুত্ৰ সন্তানো আছে ৷
  4. মঃ চান মিঞা (24), বগুৰা, বাংলাদেশ
  5. ছাব্বিৰ হোছেইন (24), বগুৰা, বাংলাদেশ

আটাইকেইজনকে অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে ৷ অনুপ্ৰৱেশৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখা বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

লগতে পঢ়ক: অনুপ্ৰৱেশৰ চেষ্টা; কৰিমগঞ্জত আটক বাংলাদেশী নাগৰিক

পুনৰ অসম আৰক্ষীয়ে আটক কৰিলে ১৪ বাংলাদেশী অনুপ্রৱেশকাৰী - Bangladeshi nationals apprehended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.