ETV Bharat / bharat

আগৰতলা পৌৰ নিগমৰ উদ্যোগত 15 আগষ্টত মুকলি হ’ব প্ৰথমখন চিকিৎসালয় - Municipal hospital in Agartala

author img

By ANI

Published : May 31, 2024, 10:30 AM IST

Municipal hospital in Agartala: আগৰতলা পৌৰ নিগমৰ উদ্যোগত মুকলিৰ বাবে সাজু প্ৰথমখন চিকিৎসালয় ৷ বিভিন্ন সা-সুবিধা সম্পন্ন চিকিৎসালয়খন 15 আগষ্টত উদ্বোধন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী মাণিক সাহাই উদ্বোধন কৰিব চিকিৎসালয়খন ।

Municipal hospital in Agartala
মুখ্যমন্ত্ৰী মাণিক সাহা (Etv bharat assam)

নিউজ ডেস্ক, 31 মে’: আগৰতলা পৌৰ নিগমে মুকলি কৰিবলৈ সাজু হৈছে প্ৰথমখন চিকিৎসালয় । ত্ৰিপুৰা চৰকাৰে এই পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷ জেকচন গেটৰ সমীপৰ পুৰণি পৌৰসভা ভৱনত এই চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইতিমধ্যে 80 শতাংশ নিৰ্মাণ সম্পূৰ্ণ হোৱা 24 হাজাৰ বৰ্গফুটৰ এই ভৱনটোত 50 খন বিছনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হ’ব ।

চিকিৎসালয়খনত বিনামূলীয়া চিকিৎসা আৰু ঔষধৰ ব্যৱস্থা থাকিব ৷ আগৰতলা পৌৰ নিগমৰ অধীনষ্ঠ 51 টা ৱাৰ্ডতে এম্বুলেন্স সেৱা উপলব্ধ হ’ব । স্বাস্থ্য সচিব কিৰণ গিট্টে, পৌৰ আয়ুক্ত শৈলাশ যাদৱ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালককে ধৰি গুৰুত্বপূৰ্ণ বিষয়াসকলে স্থান পৰিদৰ্শন কৰি এই কথা নিশ্চিত কৰে ।

উল্লেখ্য যে, 15 আগষ্টত অনুষ্ঠিত হ’বলগীয়া চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী মাণিক সাহাই সভাপতিত্ব কৰিব ।

প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰে চিকিৎসক আৰু নাৰ্ছ নিযুক্তিৰ লগতে দুবছৰৰ বাবে অৰ্থনৈতিক সহায় আগবঢ়াব । এই সময়সীমাৰ পাছত এ এম চিয়ে নিজাববীয়াকৈ চিকিৎসালয়খন পৰিচালনা কৰিব । ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে ভৱিষ্যতে চিকিৎসালয়খন সম্প্ৰসাৰণ কৰাৰো সম্ভাৱনা আছে । নতুন চিকিৎসালয়খনে বৰ্তমানৰ প্ৰধান ৰাজ্যিক চিকিৎসালয়সমূহৰ পৰিপূৰক হ’ব, স্থানীয় জনসাধাৰণক আধুনিক চিকিৎসাৰ সুবিধা প্ৰদান কৰিব ।

এ এম চিৰ মেয়ৰ দীপক মজুমদাৰে কয়, "আগৰতলা পৌৰ নিগমে প্ৰথমবাৰৰ বাবে এএমচিৰ অধীনত থকা লোকসকলৰ বাবে এখন চিকিৎসালয় মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৷ আজি আমি সেই স্থানডোখৰ পৰিদৰ্শন কৰিলো । জেকচন গেটৰ ওচৰৰ পৌৰসভাৰ পুৰণি ভৱনটো ইয়াৰ বাবে চূড়ান্ত কৰা হৈছে ৷ 24,000 বৰ্গফুট এলেকাটোত নিৰ্মাণ হৈ থকা চিকিৎসালয়খনৰ 80 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে" ৷

চিকিৎসালয়খনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি মজুমদাৰে কয়, "আমি তাত 50 খন বিচনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰিম । ইয়াত বিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰা হ'ব । 51 টা ৱাৰ্ডৰ বাবে এম্বুলেন্সৰ সুবিধা উপলব্ধ কৰা হ'ব । পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডৰ সৈতে আমি এই চিকিৎসালয়খনক সংযোগ কৰিম" ৷

মেয়ৰগৰাকীয়ে স্বাস্থ্য সচিব কিৰণ গিট্টে, পৌৰ আয়ুক্ত শৈলাশ যাদৱ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক তথা ৰাজ্যৰ স্বাস্থ্য সচিব উপস্থিত হৈ যৌথভাৱে সিদ্ধান্ত লৈছে যে, 15 আগষ্টত চিকিৎসালয়খন উদ্বোধন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী মাণিক সাহাই উদ্বোধন কৰিব চিকিৎসালয়খন ।

সাহাই কয়, "মোৰ মতে, আগৰতলাবাসীৰ বাবে এয়া এক বৃহৎ সুযোগ । আন সকলো সুবিধাৰ লগতে এ এম চিত স্বাস্থ্য সুবিধাও সংযোজন কৰা হ'ব । আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে এ এম চিয়ে এই উদ্যোগ লৈছে আৰু মই আশা কৰিছো যে আগৰতলা পৌৰসভাৰ সকলো জনসাধাৰণে সুবিধাসমূহ গ্ৰহণ কৰি আমাৰ সৈতে সহযোগিতা কৰিব" ৷

সাহাই লগতে কয়, "চিকিৎসালয়খনত আধুনিক সা-সুবিধা থাকিব ৷ প্ৰথম দুবছৰৰ বাবে ৰাজ্য চৰকাৰে আমাক ডাক্তৰ-নাৰ্ছৰ ব্যৱস্থা কৰি আমাক আৰ্থিকভাৱে সহায় কৰিব । দুবছৰৰ পিছত এ এম চিয়ে নিজা প্ৰচেষ্টাৰে চিকিৎসালয়খন চলাব । চাহিদা থাকিলে ভৱিষ্যতে আমি চিকিৎসালয়খনৰ পৰিসৰ বৃদ্ধি কৰিব পাৰো"৷

লগতে পঢ়ক: ত্ৰিপুৰাত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত-সৰ্বাই - Tripura star campaigners list

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.