ETV Bharat / bharat

ঘৰত কীটনাশক দ্ৰব্য ছটিওৱাৰ পূৰ্বে সাৱধান ! - CHENNAI RAT POISON CASE

এন্দুৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ ঘৰত কীটনাশক দ্ৰব্য ছটিয়াই দুই সন্তানক হেৰুৱালে এটা পৰিয়ালে । পিতৃ-মাতৃও অসুস্থ হৈ পৰিছে ।

Kundrathur Police
ঘৰত কীটনাশক দ্ৰব্য ছটিওৱাৰ পূৰ্বে সাৱধান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 3:28 PM IST

চেন্নাই: সচৰাচৰ ঘৰত থকা পঁইতাচোৰা, নিগনি, এন্দুৰ আদিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় । কিন্তু এই কীটনাশক দ্ৰব্য মানুহৰ বাবে কিমান ভয়ংকৰ হ'ব পাৰে আপুনি জানেনে ? চেন্নাইৰ এক ঘটনাই আপোনাকো শংকিত কৰি তুলিব !

এন্দুৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ কীটনাশক দ্ৰব্য ছটিয়াই বিপদত এটা পৰিয়াল । পৰিয়ালটোৱে অকালতে হেৰুৱালে দুটাকৈ সন্তান । কুন্দ্ৰাথুৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো । শুকুৰবাৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে কীট নিয়ন্ত্ৰণ কোম্পানীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । কিয়নো উক্ত প্ৰতিষ্ঠানটোৱে ছটিওৱা কীটনাশক ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ পিছতে ১ আৰু ৬ বছৰীয়া দুটি শিশুৱে মৃত্যুক আঁকোৱালি লয় । আৰক্ষীয়ে শিশুকেইটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী ক্ৰোমপেট চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । মৃত শিশুকেইটা ক্ৰমে বৈষ্ণৱী আৰু সাই সুদৰ্শন বুলি জানিব পৰা গৈছে ।

ইফালে কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ পিছত শিশুকেইটাৰ পিতৃ-মাতৃ ক্ৰমে গিৰিথৰণ আৰু পবিত্ৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰে । বুধবাৰে নিশা সংকটজনক অৱস্থাত তেওঁলোকক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । গ্ৰেপ্তাৰ হোৱা কীট নিয়ন্ত্ৰণ এজেণ্টজনক দীনাকৰণ বুলি জানিব পৰা গৈছে । তেওঁ কোঠাটোত কীটনাশক স্প্ৰে কৰিছিল ।

কেনেকৈ সংঘটিত হ'ল ঘটনাটো ?

জানিব পৰা মতে কুন্দ্ৰাথুৰত পৰিয়ালটোৰ বাসগৃহত এন্দুৰৰ উপদ্ৰৱ আছিল । যাৰ বাবে ইতিমধ্যে বহু ক্ষতিৰ সন্মুখীন হৈছিল পৰিয়ালটো । এই সমস্যা সমাধান কৰিবলৈ তেওঁলোকে এটা ব্যক্তিগত কীট নিয়ন্ত্ৰণ কোম্পানীৰ সৈতে যোগাযোগ কৰিছিল । তাৰ পিছতে কোম্পানীটোৰ এজেণ্ট দীনাকৰণ ঘৰত উপস্থিত হৈ এন্দুৰ খেদিবলৈ কীটনাশক দ্ৰব্য স্প্ৰে কৰিছিল ।

কিন্তু কোঠাটোৰ দুৱাৰ খিৰিকী বন্ধ আছিল, যাৰ বাবে কীটনাশক দ্ৰব্যবোৰ কোঠাটোৰ ভিতৰতে আৱদ্ধ হৈ আছিল । যেতিয়া পৰিয়ালটোৱে ঘৰৰ এয়াৰ কণ্ডিচনাৰ অন কৰিছিল তেতিয়া কীটনাশক দ্ৰব্যবোৰ কোঠাৰ ভিতৰত সিচঁৰিত হৈ পৰে । কীট নিয়ন্ত্ৰণ স্প্ৰে ছটিওৱাৰ এদিন পিছতে পৰিয়ালটো অসুস্থ হৈ পৰে । ফলত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয় । পিছত চুবুৰীয়াই ৪ জনীয়া পৰিয়ালটোক এখন চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু দুৰ্ভাগ্যবশতঃ শিশুকেইটাক ৰক্ষা কৰিব পৰা নগ'ল ।

এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে কীটনাশক বা ইয়াৰ অপব্যৱহাৰ কিমান ভয়ংকৰ হ'ব পাৰে । এনে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ । বিশেষকৈ শিশু থকা ঘৰত ।

আইনী পদক্ষেপ

কুন্দ্ৰাথুৰ আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ ৩ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । কীট নিয়ন্ত্ৰণ এজেণ্ট দীনাকৰণক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ পলাতক আন দুজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । আৰক্ষী আৰু ফৰেনচিকৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি নমুনা সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :পত্নী-কন্যাক হত্যা: এফালৰ পৰা ঘপিয়াই গ'ল ৯ জনকৈ লোকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.