ETV Bharat / bharat

নিৰ্বাচনৰ মাজতে পশ্চিমবংগত টিএমচি কৰ্মীক হত্যা - Lok Sabha Election 2024

Lok Sabha Election 2024: পশ্চিমবংগৰ বৰ্ধমান পূৰ্ব লোকসভা সমষ্টিৰ অন্তৰ্গত কেতুগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড । তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ টিএমচি কৰ্মীৰ মৃতদেহ । এই ঘটনাত চিপিআই(এম) কৰ্মী জড়িত থকাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ ।

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 2:23 PM IST

Lok Sabha Election 2024
নিৰ্বাচনৰ মাজতে পশ্চিমবংগত টিএমচি কৰ্মীক হত্যা (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৩ মে' : দেশৰ ১০ খন ৰাজ্যত সোমবাৰে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তাৰ ভিতৰত পশ্চিমবংগৰ ৮ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । কিন্তু ভোটগ্ৰহণৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ এজন কৰ্মীৰ মৃতদেহ উদ্ধাৰ হৈছে । মৃত কৰ্মীজন মিণ্টু শ্বেখ বুলি চিনাক্ত হৈছে ।

সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা বৰ্ধমান পূৰ্ব লোকসভা সমষ্টিৰ অন্তৰ্গত কেতুগ্ৰামত এই হত্যাকাণ্ড সংঘটিত হৈছে । জানিব পৰা মতে দুৰ্বৃত্তই লোকজনক প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু পিচত তেওঁলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে । তৃণমূল কংগ্ৰেছে দাবী কৰা মতে দুৰ্বৃত্তৰ আক্ৰমণত নিহত লোকজন দলীয় কৰ্মী আছিল ।

স্থানীয় লোক আৰু আৰক্ষীৰ মতে মিণ্টু শ্বেখ যোৱা নিশা এখন বাইকেৰে ঘৰলৈ গৈ আছিল । কেতুগ্ৰাম বিধানসভা সমষ্টিৰ চেঞ্চুৰী গাঁৱৰ সমীপত একাংশ দুৰ্বৃত্তই তেওঁৰ পথ অৱৰোধ কৰে । তাৰ পিচত তেওঁ মাটিত বগৰাই তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰে । ইয়াৰ পিচত তেজেৰে লুতুৰি-পুতুৰি মিণ্টু শ্বেখৰ ফালে বোমা নিক্ষেপ কৰে । পিচত স্থানীয় লোকে মিণ্ট শ্বেখৰ মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু কেতুগ্ৰাম আৰক্ষীক খবৰ দিয়ে ।

তৃণমূল কংগ্ৰেছে দাবী কৰিছে যে মিন্টু শ্বেখ এগৰাকী দলীয় কৰ্মী আছিল । কেতুগ্ৰামৰ টিএমচি বিধায়ক শ্বেখ শ্বাহনাৱাজেও এই ঘটনাক লৈ শোকপ্ৰকাশ কৰে । টিএমচিয়ে অভিযোগ কৰা মতে এই ঘটনাত চিপিআই(এম) দলৰ কৰ্মী জড়িত আছে । অৱশ্যে কেতুগ্ৰামৰ চিপিআই(এম) নেতৃত্বই টিএমচিৰ দ্বাৰা উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰিছে । তেওঁলোকে দাবী কৰিছে যে ঘটনাটো তৃণমূলৰ দলীয় কৰ্মীৰ মাজৰ বিবাদৰ বাবে সংঘটিত হৈছে ।

লগতে পঢ়ক :বিজাপুৰৰ এনকাউণ্টাৰক ভুৱা আখ্যা গাঁওবাসীৰ; ক’লে- নিহতসকল নক্সালবাদী নহয় - Bijapur Pedia Forest Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.