ETV Bharat / bharat

মুম্বাইত ভাঙি পৰিল দশক পুৰণি অট্টালিকা : উদ্ধাৰ অভিযান অব্যাহত - Mumbai building collapses

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 9:46 AM IST

Three-storey building collapses in Navi Mumbai : নতুন মুম্বাইত প্ৰচণ্ড বৰষুণৰ ফলত খহি পৰিল তিনি মহলীয়া অট্টালিকা ৷ অট্টালিকাটোত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Three-storey building collapses in Navi Mumbai's Shahbaz village, many feared trapped
ভাঙি পৰিল তিনি মহলীয়া অট্টালিকা (ETV Bharat)

নেশ্যনেল ডেস্ক, 27 জুলাই : মুম্বাইত প্ৰচণ্ড বৰষুণ ৷ এই বৰষুণৰ ফলত ভাঙি পৰিল তিনি মহলীয়া অকৰ্তৃত্বশীলভাৱে নিৰ্মিত এটা অট্টালিকা । নৱী মুম্বাই অৰ্থাৎ নতুন মুম্বাইৰ বেলাপুৰৰ সমীপৰ চাহাবাজ গাঁৱত শনিবাৰৰ পুৱাৰ ভাগত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ।

মুম্বাইত ভাঙি পৰিল দশক পুৰণি অট্টালিকা : উদ্ধাৰ অভিযান অব্যাহত (ETV Bharat)

বিল্ডিঙটোত মুঠ আৱাসীৰ সংখ্যা

নৱী মুম্বাই পৌৰ নিগমে জনোৱা মতে অট্টালিকাটোত দুজন নাগৰিক আৱদ্ধ হৈ আছে । নাগৰিক দুজনক উদ্ধাৰৰ কাম চলি আছে । অট্টালিকাটোত 26 টা পৰিয়ালে বাস কৰে আৰু অট্টালিকাটো ভাঙি পৰাৰ সময়ত একাংশ লোক ঘৰৰ ভিতৰত আছিল বুলি আশংকা কৰা হৈছে । 15/16 বছৰ পূৰ্বে অকৰ্তৃত্বশীলভাৱে নিৰ্মিত অট্টালিকাটো ভাঙি পৰাত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে ।

Rescue Operation

তৎপৰ প্ৰশাসন

নৱী মুম্বাইৰ উপ-অগ্নিনিৰ্বাপক বিষয়া পুৰুষোত্তম যাদৱে জনোৱা মতে, জৰুৰীকালীন সেৱাই পুৱা 4.50 বজাত এই ঘটনাৰ বিষয়ে অৱগত হয় । ততাতৈয়াকৈ ঘটনাস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু নৱী মুম্বাই পৌৰ নিগমৰ অগ্নিনিৰ্বাপক বাহিনীক মোতায়েন কৰা হয় ।

অব্যাহত উদ্ধাৰ অভিযান

ধ্বংসাৱশেষৰ পৰা দুজন ব্যক্তিক সফলতাৰে উদ্ধাৰ কৰাৰ বিপৰীতে আৱদ্ধ হৈ পৰা বুলি আশংকা প্ৰকাশ কৰা আন এজন লোকক বিচাৰি উলিয়াবলৈ উদ্ধাৰ অভিযান চলি আছে ।

উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি থকা বুলি উল্লেখ কৰি আৰক্ষী বিষয়াসকলে পৰিস্থিতি নিশ্চিত কৰে । বিষয়াসকলে জনোৱা মতে, এন ডি আৰ এফে বাকী থকা ব্যক্তিসকলক নিৰাপদ স্থানলৈ অনাৰ প্ৰচেষ্টা চলি আছে ।

ধাৰাবাহিক বৰষুণত বিস্তৰ ক্ষয়-ক্ষতি মহাৰাষ্ট্ৰত

মহাৰাষ্ট্ৰত হোৱা ধাৰাবাহিক প্ৰচণ্ড বৰষুণৰ ফলত জনজীৱনৰ লগতে সা-সম্পত্তিৰো যথেষ্ট ক্ষয়-ক্ষতি হৈছে । শনিবাৰৰ ঘটনাটোৰ পূৰ্বে 20 জুলাইত মুম্বাইৰ গ্ৰেণ্ড ৰোড এলেকাত আন এটা অট্টালিকা ভাঙি যোৱাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 13 জন লোক আহত হৈছিল । ধাৰাষাৰ বৰষুণৰ ফলত ৰাজহুৱা পৰিবহণ ব্যৱস্থা ভয়াৱহভাৱে প্ৰভাৱিত হৈছে ৷ ৰাজ্যত বানৰ সৃষ্টি হোৱাৰ ফলত যাতায়তৰ সমস্যাই দেখা দিছে ।

আই এম ডিয়ে 28 জুলাই দিনটোত মহাৰাষ্ট্ৰৰ বাবে অ’ৰেঞ্জ সতৰ্কবাণী জাৰি কৰিছে ৷ এই দিনটোত বতৰৰ অধিক অৱনতি ঘটিব বুলি বতৰ বিজ্ঞানীয়ে আলোকপাত কৰিছে ।

লগতে পঢ়ক: ৰাসায়নিক কাৰখানাত বিস্ফোৰণ : বৰ্তমানলৈ মৃত্যু 9 জনৰ; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা - dombivli chemical factory blast

নাও ডুবি শিশুসহ সন্ধানহীন 6 : উদ্ধাৰ অভিযান অব্যাহত - PUNE BOAT CAPSIZE

নিৰ্মীয়মাণ অট্টালিকা খহি থিতাতে মৃত্যু দুজনৰ - Building collapses in Mumbai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.