ETV Bharat / bharat

এটা দুৰ্গন্ধময় বন্ধ বাসগৃহ, দুৱাৰ খুলি হতবাক আৰক্ষী.... - women dead body recovered

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:33 PM IST

Suspected Death in Nawada : বিহাৰৰ নৱাদাত এটা বন্ধ ঘৰে টোপনি হৰিছে সকলোৰে ৷ তিনিগৰাকী মহিলাৰ সন্দেহজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কেনেকৈ সংঘটিত হ’ল ঘটনা ?

Suspicious dead body of women recovered
এটা দুৰ্গন্ধময় বন্ধ বাসগৃহ, দুৱাৰ খুলি হতবাক আৰক্ষী.... (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 20 জুন : বিহাৰৰ নৱাদাত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ নৱাদাত, একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাৰ ৰহস্যজনকভাৱে ঘৰৰ কোঠাতে মৃত্যু হয় ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মৃত মহিলাসকলৰ ভিতৰত এগৰাকী চৰকাৰী শিক্ষকো আছিল । এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত জিলা প্ৰশাসন আৰু স্থানীয় আৰক্ষীয়ে বাহৰ পাতিছেহি ৷

নৱাদাত ৩ গৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু : বিহাৰৰ কাউয়াকোল আৰক্ষী থানা অঞ্চলৰ ভলুৱাহী গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হৈছে । মৃতসকলৰ ভিতৰত এগৰাকী মাতৃ আৰু দুগৰাকী তেওঁৰ কন্যা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে এগৰাকী মৃত যুৱতী পেছাত শিক্ষক ৷ তেওঁক খণ্ডটোৰ কেৱালী পঞ্চায়তৰ উন্নীত মধ্য বিদ্যালয় কৰ্মাত নিযুক্তি দিয়া হৈছিল । ঘটনাটোৰ পিচত অঞ্চলটোত বিশৃংখল পৰিৱেশে বিৰাজ কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মৃতসকল হৈছে আমনা খাতুন (85 বছৰ), কন্যা চাবানা খান (55 বছৰ) আৰু আন এগৰাকী কন্যা মঞ্জু খাতুন (56 বছৰ) ৷ তেওঁলোকে ভলুৱাহী বজাৰত অৱস্থিত অৱসৰপ্ৰাপ্ত অভিযন্তা স্বৰ্গীয় নিয়াজ আহমেদৰ ঘৰত বাস কৰে ৷ তিনিওগৰাকী মহিলাৰ মৃতদেহ ঘৰৰ তিনিটা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে ।

স্থানীয় লোকসকলে কোৱা অনুসৰি, মৃতদেহ কেইটা দেখি এদিন বা দুদিনৰ পূৰ্বে মৃত্যু হোৱা যেন লাগিছে ৷

বাসগৃহৰ চাৰিওফালে দুৰ্গন্ধ বিয়পি পৰিছিল:

স্থানীয় লোকসকলে সেই বাসগৃহটোৰ পৰা উৎকত দুৰ্গন্ধ বিয়পা দেখি লগে লগে আৰক্ষীক অৱগত কৰে । এই খবৰ লাভ কৰিয়েই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বিষয়ে বিতংকৈ তদন্ত কৰে ৷ কাউয়াকোল আৰক্ষী থানাৰ পৰিদৰ্শক আৰু আৰক্ষী পক্ৰিবাৰাৱানৰ এছ ডি পি অ' মহেশ চৌধুৰীয়ে ঘটনাস্থলীত বাহৰ পাতি সোধা-পোছা অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত ঘটনাৰ আঁৰৰ সকলো ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক: বিষাক্ত সুৰা সেৱন কৰি 33 জনৰ মৃত্যু, সংকটজনক অৱস্থাত 20 - Spurious liquor tragedy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.