ETV Bharat / bharat

আজি কৃষক সংগঠনৰ সৈতে চৰকাৰৰ তৃতীয় পৰ্যায়ৰ বৈঠক - Rail Roko

Delhi Chalo march: দিল্লী চলো কাৰ্যসূচীৰ অংশ হিচাপে পাঞ্জাব-হাৰিয়ানা সীমান্তত বাহৰ পাতিছে শ শ কৃষকে । কৃষকসকলে ৰে'লপথ অৱৰোধ আৰু টোল প্লাজাত প্ৰতিবাদৰ ঘোষণা কৰিছে । ইয়াৰ মাজতে চৰকাৰে আজি কৃষকসকলক বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছে । ৮ আৰু ১২ ফেব্ৰুৱাৰীত হোৱাৰ বৈঠক অমীমাংসিত আছিল ।

Delhi Chalo march
আজি কৃষক সংগঠনৰ সৈতে চৰকাৰৰ তৃতীয় পৰ্যায়ৰ বৈঠক
author img

By PTI

Published : Feb 15, 2024, 10:15 AM IST

নেশ্যনেল ডেস্ক,১৫ ফেব্ৰুৱাৰী : পাঞ্জাব-হাৰিয়ানা সীমান্তত আন্দোলনকাৰী আৰু নিৰাপত্তাকৰ্মীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । প্ৰতিবাদৰ অংশ হিচাপে ভাৰতীয় কিষাণ ইউনিয়ন আৰু বিকেইউ দকৌণ্ডা (ধনেৰ)য়ে বৃহস্পতিবাৰে ৰাজ্যখনত 'ৰে'ল ৰোকো' কাৰ্যসূচীৰ ঘোষণা কৰিছে । কৃষকসকলে দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈ ৭ টা স্থানত ৰে'লপথ অৱৰোধ কৰিব বুলি ঘোষণা কৰিছে ।

ইফালে শম্ভু আৰু খানাউৰী সীমান্তত হাৰিয়ানাৰ নিৰাপত্তাকৰ্মীয়ে প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে কন্দুৱা গেছ নিক্ষেপ কৰাৰ প্ৰতিবাদত এই সিদ্ধান্ত লোৱা হৈছে । সংযুক্ত কিষাণ মৰ্চাইও পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ টোল প্লাজাত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছে । শ শ কৃষকে তেওঁলোকৰ 'দিল্লী চলো' আহ্বানৰ অংশ হিচাপে শম্ভু আৰু খানাউৰী সীমান্তত শিবিৰ পাতি আছে ।

সংযুক্ত কিষাণ মৰ্চা (অ-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই তেওঁলোকৰ দাবীৰ বাবে কেন্দ্ৰৰ ওপৰত হেঁচা দিয়াৰ বাবে 'দিল্লী চলো' আন্দোলনৰ নেতৃত্ব দি আছে । সমান্তৰালকৈ হাৰিয়ানা আৰক্ষীয়েও কৃষকসকলক ট্ৰেক্টৰ-ট্ৰলীত দিল্লীলৈ যাত্ৰা কৰাত বাধা দিয়াৰ বাবে বেৰিকেড স্থাপন কৰি সীমান্ত বন্ধ কৰি দিছে ।

সীমান্ত অঞ্চলত চলি থকা এনে অচলাৱস্থা আৰু কৃষকসকলে ঘোষণা কৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে তিনিজনীয়া কেন্দ্ৰীয় মন্ত্ৰীৰ এটা দলে বৃহস্পতিবাৰে চণ্ডীগড়ত প্ৰতিবাদকাৰী কৃষক নেতাসকলৰ সৈতে আন এক পৰ্যায়ৰ আলোচনাৰ সাজু হৈছে । কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কৃষক নেতাসকলক তেওঁলোকৰ বিভিন্ন দাবীৰ বাবে সন্ধিয়া ৫ বজাত সাক্ষাৎ কৰিব ।

কৃষক সংগঠন আৰু চৰকাৰৰ মাজত এয়া তৃতীয় পৰ্যায়ৰ আলোচনা হ'ব । পূৰ্বে ৮ আৰু ১২ ফেব্ৰুৱাৰীত হোৱা আলোচনা অমীমাংসিত হৈ আছিল । কৃষক নেতাসকলে কৈছে যে বৈঠক অনুষ্ঠিত নোহোৱালৈকে তেওঁলোকে দিল্লীৰ ফালে আগবাঢ়িবলৈ কোনো নতুন প্ৰয়াস নকৰে । কেন্দ্ৰৰ প্ৰস্তাৱৰ ভিত্তিত পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ'ব বুলিও কৃষক সংগঠনসমূহে দাবী কৰিছে ।

লগতে পঢ়ক :প্ৰৰোচিত মন্তব্য আৰু উৰা বাতৰি বিয়পোৱাক ৰোধ কৰিবলৈ কৰ্তন ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.