নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: সোমবাৰে পুৱতি নিশা নতুন দিল্লীত উপস্থিত হয় থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী পাৰ্ণপ্ৰী বাহিদ্ধ নুকাৰা । এইটোৱেই হ’ল থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী নুকাৰাৰ আনুষ্ঠানিকভাৱে প্ৰথম ভাৰত ভ্ৰমণ । মঙলবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ভাৰত-থাইলেণ্ড যুটীয়া আয়োগৰ দশম বৈঠকত উপস্থিত থাকিব নুকাৰা । সোমবাৰৰ পৰা আৰম্ভ হ’ব নুকাৰাৰ চাৰিদিনীয়া আনুষ্ঠানিক ভাৰত ভ্ৰমণ ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে X যোগে এটা পোষ্টত কয়, "আন্তৰিকতাৰে আদৰিছো ! থাইলেণ্ডৰ ডেপুটি পিএম এণ্ড এফএম @drparnpreeb ভাৰতলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত । ই এ এম @DrSJaishankar ৰ যুটীয়া আয়োগৰ দশম বৈঠকত উপস্থিত থাকিব ।"
মঙলবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰাৰ সম্ভাৱনা পাৰ্ণপ্ৰী বাহিদ্ধ-নুকাৰাৰ । 28 ফেব্ৰুৱাৰীত চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ সামৰণি পৰিব । উল্লেখযোগ্য যে, এম ই এৰ তথ্য অনুসৰি 2022 চনৰ 17 আগষ্টত নৱম ভাৰত-থাইলেণ্ড যুটীয়া আয়োগৰ বৈঠক বেংককত অনুষ্ঠিত হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
2022 চনৰ 16-18 আগষ্টৰ পৰা থাইলেণ্ডৰ তদানীন্তন উপ-প্ৰধানমন্ত্ৰী ডন প্ৰমুদ্বিনাইৰ সৈতে ভাৰত-থাইলেণ্ড যুটীয়া আয়োগৰ নৱম বৈঠকত উপস্থিত থকাৰ উদ্দেশ্যে বেংকক ভ্ৰমণ কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । 8 ফেব্ৰুৱাৰীত চিনেটৰ পিকুলকেও ক্ৰাইৰিক্ষৰ নেতৃত্বত থাইলেণ্ডৰ প্ৰতিনিধি দলে সংসদ ভৱনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে । বৈঠকৰ সময়ত বিৰলাই প্ৰতিনিধি দলটোক স্মৃতিগ্ৰন্থ আৰু ভাৰতৰ সংবিধানৰ প্ৰতিলিপি প্ৰদান কৰে ।
থাইলেণ্ডৰ সংসদীয় প্ৰতিনিধি দলটোৱে ভাৰতীয় সংসদ পৰিদৰ্শন কৰি থাইলেণ্ডে কিছুমান প্ৰকল্পত বিনিয়োগ কৰিব বিচাৰি বুলি উল্লেখ কৰে ভাৰত এই সন্দৰ্ভত আগ্ৰহী হোৱাৰ আশাৰে । ক্ৰাইৰিক্ষে ভাৰতত লাভ কৰা আতিথ্যৰ শলাগ লয় ।
লগতে পঢ়ক: অসমত গঢ়ি উঠিব থাইলেণ্ডৰ আৰ্হিৰ চিৰিয়াখানা