ETV Bharat / bharat

মাজনিশা ভিডিঅ' কল ৰিছিভ কৰাৰ পূৰ্বে সাৱধান !

অচিনাকী নম্বৰৰ পৰা আপোনাৰ ফোনলৈ ভিডিঅ' কল আহে নেকি ? তেনে ভিডিঅ' কল ৰিছিভ কৰাৰ পূৰ্বে ১০০ বাৰ চিন্তা কৰিব ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Cyber Crime
মাজনিশা ভিডিঅ' কল ৰিছিভ কৰাৰ পূৰ্বে সাৱধান (ETV Bharat)

হায়দৰাবাদ: দেশত প্ৰতিদিনে চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পাইছে । শ শ লোক নিতৌ চাইবাৰ অপৰাধীৰ জালত পৰি কষ্টৰ ধন হেৰুৱাইছে । আৰক্ষীয়ে এনে অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও দুষ্টচক্ৰই নতুন নতুন কৌশল গ্ৰহণ কৰিছে । শেহতীয়াকৈ অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এগৰাকী এংলো ইণ্ডিয়ান বৃদ্ধাই চাইবাৰ অপৰাধীৰ জালত পৰি ৬০ লাখ টকা হেৰুৱাইছে । অতি কৌশলেৰে বৃদ্ধাগৰাকীৰ পৰা দুষ্টচক্ৰই ধন লুট কৰিছিল ।

চাইবাৰ অপৰাধীৰ লক্ষ্য তেলেংগানাৰ বিধায়ক

এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য ৰাজনৈতিক নেতা । মাজনিশা ভিডিঅ' কল ৰিছিভ কৰি বিপদত এজন বিধায়ক । ব্লেকমেইল বা মানহানিৰ সম্ভাৱ্য চিকাৰৰ সন্দেহত বিধায়কজনে আৰক্ষীৰ কাষ চাপিছে । কিন্তু ভিডিঅ' কলটোত কি আছিল ? যাৰ বাবে ভয়ত কঁপিছে এজন বিধায়ক !

ঘটনাটো তেলেংগানাৰ কৰিমনগৰ জিলাৰ । জিলাখনৰ এজন বিধায়কৰ ফোনত ১৪ অক্টোবৰৰ মাজনিশা এটা ভিডিঅ' কল আহিছিল । জানিব পৰা মতে বিধায়কজনে ভিডিঅ' কলটো ৰিছিভ কৰাৰ পিছতে মোবাইল স্ক্ৰীণত এগৰাকী মহিলা প্ৰত্যক্ষ কৰে । কিন্তু উলংগ অৱস্থাত আছিল মহিলাগৰাকী । বিধায়কজনে ষড়যন্ত্ৰৰ উমান পাই লগে লগে ভিডিঅ' কলটো বন্ধ কৰি দিয়ে ।

এই ঘটনাৰ পিছতে বিধায়কজনে নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপ'ৰ্টিং পৰ্টেলত অভিযোগ দাখিল কৰিছে । এনেদৰে ভিডিঅ' কল কৰি কোনো দুষ্টচক্ৰই তেওঁক ব্লেকমেইল বা মানহানিৰ অপচেষ্টা চলোৱাৰ সন্দেহ কৰিছে বিধায়কজনে । বৃহস্পতিবাৰে তেলেংগানা চাইবাৰ সুৰক্ষা ব্যুৰ' (টিজিচিএছবি)ৰ ওচৰত লিখিত অভিযোগো দাখিল কৰিছে বিধায়কজনে ।

টি জি চি এছ বিয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । ভিডিঅ' কলটো যিটো নম্বৰৰ পৰা আহিছিল, সেইটো কাৰ নামত আছে বা কোনে এই কাৰ্য সংঘটিত কৰিছে তাৰ অনুসন্ধান চলাই আছে আৰক্ষীয়ে ।

লগতে পঢ়ক :বাবা ছিদ্দিকীৰ শ্বুটাৰৰ ফোনত পুত্ৰৰ ফটো উদ্ধাৰ; উদ্বেগজনক স্নেপচাটৰ তথ্য প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.