ETV Bharat / bharat

নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে পিতৃ-কন্যাক : ২৫ বছৰীয়া বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ - Telangana Rains - TELANGANA RAINS

Scientist dies in Telangana floods : পিতৃৰ সৈতে বিমান বন্দৰৰলৈ যোৱাৰ পথতে গাড়ীসহ উটি গ’ল এগৰাকী যুৱ-বিজ্ঞানী ৷ উদ্ধাৰ কৰা হ’ল ২৫ বছৰীয়া বিজ্ঞানীগৰাকীৰ মৃতদেহ ৷ পিতৃৰ সন্ধানত এতিয়াও অব্যাহত আছে অভিযান ৷

Flood in South India
অন্ধ্ৰপ্ৰদেশ-তেলেংগানাত বানৰ বিভীষিকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 4:02 PM IST

নিউজ ডেস্ক, ২ ছেপ্টম্বৰ : বিগত 30 বছৰৰ অভিলেখ ভংগ কৰি তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত অব্যাহত আছে ধাৰাসাৰ বৰষুণ ৷ প্ৰৱল বৰষুণৰ ফলত ৰাজ্য দুখনৰ প্ৰতিখন নৈ পানীৰে উফন্দি পৰিছে ৷ বিগত কেবাদিনো ধৰি দি থকা প্ৰৱল বতাহ-বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত দুয়োখন ৰাজ্যত এইপৰ্যন্ত মুঠ ২৫ গৰাকী লোকৰ প্ৰাণহানি হোৱাৰ তথ্য লাভ কৰা গৈছে ৷

Scientist dies in Telangana floods
ড৹ অশ্বিনীৰ সৈতে পিতৃ নুনাৱত মতিলাল (ETV Bharat)

কেবাটাও শোকাবহ ঘটনাই জোকাৰি গৈছে ৰাজ্য দুখনক ৷ ইয়াৰে এটা শোকাবহ ঘটনা হ’ল এগৰাকী ২৫ বছৰীয়া কৃষি বিজ্ঞানী আৰু তেওঁৰ পিতৃ গাড়ীসহ উটি যোৱা ঘটনা ৷ যি ঘটনাৰ পিছতে বিজ্ঞানীগৰাকীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে যদিও পিতৃগৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ তেলেংগানাৰ মহাবুবাবাদ জিলাত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

আই চি এ আৰ-নেচনেল ইনষ্টিটিউট অব্ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ ২৫ বছৰীয়া বিজ্ঞানী ড৹ নুনাৱত অশ্বিনী দেওবাৰে পুৱা গৃহচহৰ গংগাৰাম থাণ্ডাৰ পৰা দেউতাক নুনাৱত মতিলালৰ সৈতে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গৈ আছিল । পিতৃ-কন্যা দুয়ো দিল্লীলৈ যাত্ৰা কৰি আছিল ৷ দুয়ো নিজৰ গাড়ীৰে গৈ থকা অৱস্থাত একাৰুভাগু নদীৰ বাঢ়নী পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰে ৷ ফলত নদীখনৰ দলঙত গাড়ীখন উঠাৰ পিছতে পানীৰ সোঁতে দলংখন খহাই নিয়াৰ ফলত পিতৃ-কন্যাও বাহনসহ দ্ৰুত বেগেৰে উটি যায় ৷

Flood in Andhra Pradesh
অন্ধ্ৰপ্ৰদেশত বানৰ বিভীষিকা (ETV Bharat)

জানিব পৰা মতে ড৹ অশ্বিনীয়ে শেষ মুহূৰ্তৰ পূৰ্বে আত্মীয়ক ফোনযোগে জনাইছিল আৰু উদ্ধাৰৰ আহ্বান জনাইছিল ৷ কিন্তু সকলোপ্ৰকাৰে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা স্বত্বেও উদ্ধাৰ কৰিব পৰা নগ’ল ৷ ঘটনাৰ পিছত একাৰুভাগু দলঙৰ কাষৰীয়া এখন পথাৰত যুৱ-বিজ্ঞানীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইফালে এতিয়াও নিৰুদ্দিষ্ট দেউতাক মতিলালৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে ৷

উল্লেখ্য, তেলেংগানাৰ বিভিন্ন অঞ্চলৰ পৰা লাভ কৰি খবৰ অনুসৰি, ৰাজ্যখনত ডুব যোৱা আৰু অন্যান্য বৰষুণ সম্পৰ্কীয় ঘটনাৰ ফলত কমেও 15 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ সমান্তৰালকৈ কাষৰীয়া অন্ধ্ৰপ্ৰদেশতো বানয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যখনৰ বিজয়ৱাড়াৰ প্ৰায় আধা অংশ জলমগ্ন হৈ আছে ৷ তদুপৰি বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী কেইদিনমানত অধিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে ।

ধাৰাসাৰ বৰষুণে উপচাই পেলোৱাৰ ফলত বিজয়ৱাড়াৰ বাসিন্দাসকল আতংকিত হৈ পৰিছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত শনিবাৰে মাজনিশাৰে পৰা বুদামেৰুৰ পানীৰ সোঁত বৃদ্ধি পাই বানৰ সৃষ্টি হয় ৷ বিজয়ৱাড়া পশ্চিম আৰু মধ্য অঞ্চল অধিকাংশ ঠায়েই বানৰ কৱলত পৰিছে । ফলত খাদ্যৰ খোৱাপীনীৰ অভাৱত পৰিছে প্ৰায় ২.৭৬ লাখ লোক ৷ সমগ্ৰ অঞ্চলটোৰ বাসগৃহসমূহ ছয় ফুটপৰ্যন্ত পানীৰ তলত আছে৷ অপ্ৰত্যাশিত এই বানৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৷ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে নাৱেৰে সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰিছে ৷

বিজয়ৱাড়া চহৰ, উপ-নগৰৰ উপৰিও বহু অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত চহৰখনৰ যান-বাহন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে । প্ৰায়সমূহত অঞ্চলত নাৱেৰে যাতায়ত কৰিবলগীয়া হৈছে ৷ কোনোলোক ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই ৷ ট্ৰেন্সফৰ্মাৰৰ চাৰিওফালে পানী হোৱাৰ ফলত বন্ধ কৰি দিয়া হৈছে বিদ্যুৎ যোগান । ফলত বহুতো অঞ্চল অন্ধকাৰত আছে । ওখ অট্টালিকাত আৱদ্ধ লোকসকলে অপেক্ষা কৰি আছে উদ্ধাৰৰ বাবে ৷

ইফালে এনে পৰিস্থিতিত দক্ষিণ মধ্য ৰে’লৱেই তেলুগু ৰাজ্যসমূহত ৮৬ খন ৰে'লৰ সেৱা বাতিল কৰিছে ৷ তদুপৰি 70 খন ৰে'লৰ গতিপথ সলনি কৰা হৈছে । বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে চুপাৰফাষ্ট আৰু এক্সপ্ৰেছ ৰে’ল । ইফালে বিজয়ৱাড়া উপ-নগৰ ৰায়নাপাডু ষ্টেচন সম্পূৰ্ণৰূপে পানীত ডুব যায় ৷ ছিকন্দৰাবাদৰ ৰে’লপথৰ বিজয়ৱাড়া-কোণ্ডাপল্লীৰ মাজত যথেষ্ট পানী জমা হোৱাৰ ফলত ৰে’লৰ ক্ষতি হৈছে ৷ ৰায়নাপাডু ষ্টেচনৰ যাত্ৰীসকলক ৰে’ল কৰ্তৃপক্ষই ট্ৰেক্টৰ আৰু বাছৰ জৰিয়তে স্থানান্তৰিত ককৰে ৷ বিজয়ৱাড়াৰ মাজেৰে চলাচল কৰা প্ৰায় ১২০ খন ৰে’ৰ সেৱাল বাতিল কৰা হৈছে ৷

লগতে পঢ়ক : ধাৰাসাৰ বৰষুণৰ ফলত তেলেংগানাত ১৫ জন আৰু অন্ধ্ৰপ্ৰদেশত ১০ জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.