তেজপুৰ, 5 আগষ্ট: সুদীৰ্ঘ 9 বছৰে সন্ধান নাই অৰুণাচল প্ৰদেশৰ তাপৰ পুলমৰ ৷ ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পৰা নিৰুদ্দিষ্ট এগৰাকী ভাৰতীয় হৈছে এই তাপৰ পুলম ৷ পৰিয়ালৰ দাবী মতে, চীনা সৈন্যই সীমান্তৰ পৰা অপহৰণ কৰি নিছে ব্যক্তিগৰাকীক ৷
এই বিষয়ে চৰকাৰৰ পৰা সহায় বিচাৰি হাবাথুৰি খাই আছে এটি দুৰ্ভগীয়া পৰিয়ালে ৷ অৰুণাচল প্ৰদেশৰ চি-য়মী জিলাৰ পৰা 9 বছৰ পূৰ্বে চীনা সৈন্যই তাপৰ পুলম নামৰ এজন লোকক অপহৰণ কৰি নিয়াৰ পিচত পৰিয়ালৰ লোকে কেন্দ্ৰীয় চৰকাৰক চীনৰ কবলৰ পৰা লোকজনক ঘূৰাই অনাৰ বাবে আবেদন কৰিও ব্যৰ্থ হৈ পৰিছে ৷ ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে এখনৰ পিচত আন এখন পত্ৰ বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী, সেনাবাহিনীৰ বিষয়া, সাংসদ, জিলা প্ৰশাসন আৰু ৰাজনৈতিক নেতালৈ প্ৰেৰণ কৰিও লাভ কৰা নাই সুফল ৷
![TAPOR PULLOM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-08-2024/22132610_d.jpg)
লগতে পঢ়ক: মেঘালয়ৰ পৰিৱৰ্তে এতিয়া পৰ্যটকৰ গন্তব্য স্থান তেজপুৰ-অৰুণাচল - Meghalaya Taxi Driver Protest
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ চি-য়মী জিলাৰ মনিগং অঞ্চলত আজিও সঘনাই আহ-যাহ হৈ থাকে চীনা পি এল এ সৈন্যৰ ৷ শেহতীয়াকৈও এই অঞ্চলত ধৰা পৰিছে চীনা সৈন্যৰ উপস্থিতি ৷
![TAPOR PULLOM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-08-2024/22132610_c.jpg)
পৰিয়ালৰ চেষ্টা: তথ্য অনুসৰি, 2015 চনত ভাৰত-চীন সীমান্তৰ চি-য়মী জিলাৰ মনিগং গাঁৱৰ পৰা তাপৰ পুলম নামৰ লোকজনক চীনা সৈন্যই সীমান্তৰ তাগি বগু পাছ নামৰ ঠাইখনৰ পৰা অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে পুলমৰ বোৱাৰীয়েক আমনী দিৰোৱে ৷
![TAPOR PULLOM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-08-2024/22132610_e.jpg)
বিগত 2022 বৰ্ষতো সংঘটিত হৈছিল একেধৰণৰ আন এক ঘটনা ৷ উজনি চিয়াং জিলাৰ যুৱক মিৰাম টেৰণক চীনা সৈন্যই অপহৰণ কৰি নিয়াৰ 12 দিনৰ পিচত তেওঁক ভাৰতীয় সেনাৰ হস্তক্ষেপত পুনৰ ঘৰলৈ ওভোতাই অনা হৈছিল ৷ এই ঘটনাৰ পাচত আমনীয়ে দেখিছিল এক আশাৰ ৰেঙণি আৰু পুনৰ বিভিন্ন বিষয়া-মন্ত্ৰীলৈ পত্ৰৰ জৰিয়তে এই বিষয়ে অৱগত কৰি অব্যাহত ৰাখিছিল যোগাযোগ ৷
![TAPOR PULLOM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-08-2024/22132610_b.jpg)
2022 চনৰ এপ্ৰিল মাহত পূৱ অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাৱে এই বিষয়ে সংসদত উত্থাপন কৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে গাৱক এখন পত্ৰৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা চীনা সৈন্যৰ লগত বিষয় সম্পৰ্কত আলোচনা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পিচত আমনীয়ে স্থানীয় সেনাৰ ব্ৰিগেডৰ ওচৰত খবৰ বিচাৰি হাবাথুৰি খায় ৷ চলিত বছৰৰ জুলাই মাহত যোৰহাটস্থিত সেনা ছাউনীত আমনী দিৰোৱে পুনৰ যোগাযোগ কৰে যদিও বিফল হয় ৷
ঘটনাৰ বিৱৰণ: সেয়া আছিল 2015 চনৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ কাহিনী ৷ পুলমে বন্ধু তা'ক য়ৰচিৰ লগত চিকাৰৰ বাবে গৈছিল ৷ দুয়োজন 21 ছেপ্টেম্বৰত ঘৰলৈ ঘূৰি অহাৰ কথা আছিল যদিও কেৱল তা'ক য়ৰচিহে ঘূৰি আহিল ৷
![TAPOR PULLOM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-08-2024/22132610_a.jpg)
প্ৰথমাৱস্থাত পৰিয়ালৰ লোকে এই কথা সেনা আৰু পুলিচৰ ভয়ত ৰাজহুৱা কৰা নাছিল ৷ পৰৱৰ্তী সময়ত তাপৰ পুলমে চিকাৰ কৰিবলৈ যোৱা স্থানত পৰিয়ালৰ লোক উপস্থিত হৈ এটা কেম্পত খাদ্য বনোৱা দুখন চামুচ, কিছু পৰিমাণৰ চিকাৰ কৰি অনা শুকান মাংস দেখিবলৈ পায় ৷ ইয়াৰোপৰি পুলমে ব্যৱহাৰ কৰা এটা জেকেট আৰু চিকাৰ কৰা বন্দুকটোও উদ্ধাৰ কৰা হয় বুলি বোৱাৰীয়েক আমনী দিৰোৱে জানিবলৈ দিয়ে ৷
নিৰুদ্দিষ্ট তাপৰ পুলমৰ বন্ধুৱে পৰিয়ালক জনোৱা অনুসৰি, চীনা সৈন্যৰ কেইজনমান লোকে পুলমক মুখত কাপোৰ বান্ধি ধৰি লৈ যায় ৷ তাৰপিচত দিৰো আৰু পৰিয়ালৰ লোকে আলো অঞ্চলত থকা ভাৰতীয় সেনাক এই বিষয়ে অৱগত কৰে ৷ সেই বছৰৰে ডিচেম্বৰ মাহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকো পুলমৰ পৰিয়ালৰ লোকে সাক্ষাৎ কৰি ঘটনা সম্পৰ্কে লিখিত আবেদন দাখিল কৰে ৷
আমনী দিৰোৰ আহ্বান: নিৰুদ্দিষ্ট তাপৰ পুলমৰ বোৱাৰী তথা পেছাত এগৰাকী অধিবক্তা দিৰোৱে কয় যে,"মই যিখন গাঁৱত থাকো, সেই গাঁৱখন ভাৰত-চীন সীমান্তৰ একেবাৰে স্পৰ্শকাতৰ অঞ্চল ৷ এই অঞ্চলত সঘনাই চীনা পি এল এ সৈন্যই ভাৰতীয় সেনাৰ লগত মুখামুখি হৈ থাকে, বৰ্তমানেও চীনা সৈন্যৰ চাল-চলন ভাৰতীয় সেনাই লাভ কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰত চৰকাৰে বিষয়টোৰ সন্দৰ্ভত এতিয়াও পৰিয়ালৰ লোকৰ সৈতে কোনোধৰণৰ যোগাযোগ স্থাপন কৰা নাই ৷ এখনো পত্ৰৰ উত্তৰ দিয়া নাই, কিন্তু কিয় ? পৰিয়ালে চৰকাৰৰ উত্তৰ আৰু সঁহাৰিৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছে । মোৰ শহুৰৰ লগত যি ঘটনা সংঘটিত হৈছে, সেয়া যাতে কাৰো পৰিয়ালৰ লগত নহয় ৷"
শেহতীয়াকৈ ইটানগৰত বৰ্তমানৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি দিৰোৱে এই বিষয়ে এখন পত্ৰ দাখিল কৰিছিল যদিও তাৰেও কোনো সদুত্তৰ লাভ নকৰা বুলি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
আনহাতে, পূৰ্বতে অৰুণাচল প্ৰদেশৰ তথা বৰ্তমানৰ পাছিঘাটৰ বিধায়ক তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে এই ঘটনা সম্পৰ্কে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ এক পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ আমনী দিৰোৱে লগতে কয় যে, চৰকাৰে শহুৰেকৰ স্থিতিৰ সন্দৰ্ভত আলোচনা কৰি পৰিয়ালক উত্তৰ দিব লাগে ৷ বিগত 9 বছৰে তেওঁলোক এক বৃহৎ মানসিক সমস্যাৰ মাজত আছে ৷ ইতিমধ্যে পুলমৰ পত্নীৰো মৃত্যু ঘটিছে ৷
লগতে পঢ়ক: দুষ্প্ৰাপ্য পখিলাক পুনৰ আৱিষ্কাৰ পখিলা মানৱৰ - Rare species of butterfly