ETV Bharat / bharat

যুৱতীৰ মূৰত দিলে ১৮ টা বেজী : তান্ত্ৰিকক গ্ৰেপ্তাৰ - Irrational Belief

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 6:35 PM IST

Superstitions affect : চিকিৎসকৰ পৰিৱৰ্তে তান্ত্ৰিকৰ কাষ চপাৰ ভয়ংকৰ পৰিণতি ৷ যুৱতীৰ মূৰত ১৮ টা বেজী ৷ গ্ৰেপ্তাৰ কৰা হ’ল বাবা সন্তোষ ৰাণাক ৷

Superstitions affect
যুৱতীৰ মূৰত দিলে ১৮ টা বেজী : তান্ত্ৰিকক গ্ৰেপ্তাৰ (ETV Bharat)

নিউজ ডেস্ক, ১৯ জুলাই : কেৱল জীৱনী শক্তিৰ বাদে প্ৰায়সমূহ অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে চিকিৎসা বিজ্ঞানে ৷ তথাপিও ভ্ৰান্ত ধাৰণা কিছুমান লৈ একাংশ লোক তান্ত্ৰিকৰ ওচৰলৈ যাবলৈ বাদ দিয়া নাই ৷ জীৱনদায়িনীৰ ৰূপত একাংশ লোকে এতিয়াও গ্ৰহণ কৰি আছে তন্ত্ৰ-মন্ত্ৰক ৷ তাৰেই কুফল প্ৰায়েই পৰিলক্ষিত হয় ৷

এগৰাকী কিশোৰীক আৰোগ্য কৰাৰ নামত তান্ত্ৰিকে কৰা অদ্ভুৎ কাণ্ড পোহৰলৈ আহিছে ৷ কিশোৰীগৰাকীক চিকিৎসাৰ নামত মূৰত দিয়া হ’ল কেবাটাও বেজী ৷ তাৰ পিচতে গ্ৰেপ্তাৰ কৰা হৈছে তান্ত্ৰিকগৰাকীক ৷ ঘটনাটো সংঘটিত হয় ওড়িশাত ৷ ওড়িশাৰ বোলাংগীৰত এগৰাকী ১৯ বছৰীয়া যুৱতীক আৰোগ্য কৰাৰ নামত একাধিক বেজী দিয়াৰ ফলত সম্প্ৰতি ভীমা ভোই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী ৷

ঘটনাৰ বিৱৰণি অনুসৰি ৰেশ্মা বেহেৰা নামৰ যুৱতীগৰাকী চাৰি বছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ আছিল ৷ পৰিয়ালৰ লোকে যুৱতীগৰাকীক বহু চিকিৎসা কৰোৱায়ো আৰোগ্য কৰোৱাব পৰা নাছিল ৷ অৱশেষত কাৰোবাৰ পৰামৰ্শ অনুসৰি যুৱতীগৰাকীৰ চিকিৎসাৰ দায়িত্ব দিয়া হ’ল সন্তোষ ৰাণা নামৰ তান্ত্ৰিকজনক ৷

সেই অনুসৰি ৰুগীয়া ৰেশ্মা বেহেৰাক লৈ যোৱা হ’ল সন্তোষ ৰাণাৰ ওচৰলৈ ৷ ইতিমধ্যে বহু ৰোগীক আৰোগ্য কৰা বুলি দাবী কৰা সন্তোষে আৰম্ভ কৰিলে তেওঁৰ অদ্ভুৎ চিকিৎসা ৷ ৰোগীৰ পিতৃ বিষ্ণু বেহেৰাই জনোৱা অনুসৰি ৰেশ্মাক তান্ত্ৰিকজনে প্ৰথমে যুৱতীগৰাকীক কোঠাৰ ভিতৰলৈ লৈ যায় আৰু এঘণ্টাৰ পিচতে বাহিৰলৈ লৈ আনি কয় যে আৰোগ্য হৈ যাব ৷

ঘৰলৈ যোৱাৰ পিচতো যুৱতীগৰাকী আৰোগ্য নোহোৱাত পুনৰ তান্ত্ৰিকগৰাকীৰ ওচৰলৈ লৈ যোৱা হয় ৷ এনেদেৰেই বহুবাৰ চলিল চিকিৎসা ৷ বহু ধন খৰচ কৰি পৰিয়ালৰ লোকে যুৱতীগৰাকীক তান্ত্ৰিকৰ ওচৰত চিকিৎসা কৰোৱাই থাকিল ৷ কিন্তু পূৰ্বতকৈ অধিক অসুস্থ হ’বলৈ ধৰিলে ৰোগী ৷

যুৱতীগৰাকী অধিক অসুস্থ হৈ পৰাত লৈ যোৱা হ’ল চিকিৎসায়লৈ ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচতে চিকিৎসকে দেখে যে তেওঁৰ মূৰত ১৮ টাতকৈও অধিক বেজী আছিল ৷ ইয়াৰ পিচতে দেউতাকে কান্তাবাঞ্জি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে তান্ত্ৰিক সন্তোষ ৰাণাৰ বিৰুদ্ধে ৷ ইতিমধ্য আৰক্ষীয়ে বাবা সন্তোষ ৰাণাক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : ভূতৰ ত্ৰাসত এটা পৰিয়াল; বেজ-তান্ত্ৰিকেও খেদিব পৰা নাই ভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.