ETV Bharat / bharat

জামিন পালে কেজৰিৱালে: মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী - Delhi CM Arvind Kejriwal

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 11:10 AM IST

Updated : Sep 13, 2024, 12:39 PM IST

Kejriwal Gets Bail : আজি সকলোৰে দৃষ্টি নিবদ্ধ আছিল উচ্চতম ন্যায়ালয়ৰ ওপৰত । কিয়নো উচ্চতম ন্যায়ালয়ে আবকাৰী নীতি সম্পৰ্কীয় চিবিআই গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ ওপৰত ৰায় দিয়াৰ সম্ভাৱনা আছিল । যোৱা সপ্তাহত আদালতে শুনানি সম্পূৰ্ণ কৰি ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল । অৱশেষত সৰ্বোচ্চ ন্যায়লয়ে জামিন মঞ্জুৰ কৰিলে কেজৰিৱালৰ ৷

Kejriwal Gets Bail
মুকলি আকাশৰ তললৈ কেজৰিৱাল (ETV Bharat)

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : অৱশেষত অপেক্ষাৰ অন্ত । মুকলি আকাশৰ তললৈ ওলাল কেজৰিৱাল । উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰে । তেওঁ ইতিমধ্যে ই ডি গোচৰত জামিন লাভ কৰিছে । কেজৰিৱাল বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে । এই গোচৰটোৰ শুনানি যোৱা সপ্তাহত সম্পূৰ্ণ হৈছে । ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জ্বল ভূঞাক লৈ গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে । উল্লেখ্য, উচ্চতম ন্যায়ালয়ে ৫ ছেপ্টেম্বৰত এই ৰায় সংৰক্ষিত ৰাখিছিল ।

Kejriwal Gets Bail
কেজৰিৱালৰ গোচৰৰ পৰিক্ৰমা (ETV Bharat Graphics)

ইয়াৰ পূৰ্বে, এই কেলেংকাৰীৰ ইডি গোচৰত উচ্চতম ন্যায়ালয়ে ১২ জুলাইত কেজৰিৱালক জামিন প্ৰদান কৰিছিল যদিও তেওঁ কাৰাগাৰৰ পৰা ওলাব নোৱাৰিলে । পূৰ্বৰ শুনানিত কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে কেজৰিৱালৰ হৈ যুক্তি দিছিল যে এইটো নিজেই এক অনন্য ঘটনা । পি এম এল এৰ কঠোৰ নিয়ম সত্ত্বেও কেজৰিৱালক দুবাৰ জামিন দিয়া হৈছিল । এনে পৰিস্থিতিত চি বি আই গোচৰত জামিন কিয় মঞ্জুৰ কৰিব নোৱাৰি ? একে সময়তে চি বি আয়ে নিজৰ যুক্তিত কয় যে কেজৰিৱালে সহযোগিতা কৰা নাই ।

অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা ওলাই আহিলে সৃষ্টি হ'ব পাৰে ৰাজনৈতিক ধুমুহা

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ দিনটোক এক অতি গুৰুত্বপূৰ্ণ সময় হিচাপে গণ্য কৰিব পাৰি । কিয়নো হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মূল পৰ্যায়ৰ প্ৰচাৰ ১৩ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব । ইতিমধ্যে মনোনয়ন দাখিল প্ৰক্ৰিয়া ১২ তাৰিখো অন্ত পৰিছে ।

আম আদমী পাৰ্টীয়ে হাৰিয়ানাৰ ৯০ খন আসনৰ আটাইকেইখনতে প্ৰাৰ্থী প্ৰদান কৰিছে । কিন্তু অৰবিন্দ কেজৰিৱালৰ অবিহনে প্ৰাৰ্থীসকলৰ বাবে শক্তিশালী প্ৰচাৰৰ সম্ভাৱনা ক্ষীণ যেন অনুভৱ হৈছিল । আনহাতে, দিল্লীত ৰাষ্ট্ৰপতি শাসনৰ গুজৱ উঠি থকাৰ মাজতে মুখ্যমন্ত্ৰী কেজৰিৱাল কাৰাগাৰৰ পৰা ওলাই অহাটো বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে প্ৰমাণিত হ'ব পাৰে ।

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবেও 4 মাহ সময় আছে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী কেজৰিৱাল মুকলি আকাশৰ তললৈ অহাৰ লগে লগে তেওঁ নিৰ্বাচনী ৰণকৌশলৰ সিদ্ধান্ত ল'ব পাৰিব । বিশেষকৈ কেৱল মহিলাসকলক দিয়া ১০০০ টকাৰ আঁচনিখনৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই । এনে পৰিস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী কাৰাগাৰৰ পৰা ওলাই অহাটো আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত এই সময়ত আপৰ বাবে এক জীৱনদায়িনী হিচাপে প্ৰমাণিত হ'ব ।

২৬ জুনত চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক ২৬ জুনত চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল । আনহাতে, শীৰ্ষ ন্যায়ালয়ে ১৪ আগষ্টত কেজৰিৱালক এই গোচৰটোত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল । লগতে তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত তদন্তকাৰী সংস্থাটোৰ পৰা সঁহাৰি বিচাৰিছিল ।

২১ মাৰ্চৰ পৰা কাৰাগাৰত আছে কেজৰিৱাল

দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে ই ডিয়ে তেওঁক গোচৰটোত সোধা-পোছাৰ বাবে নবাৰকৈ চমন জাৰি কৰিছিল । অৱশ্যে কেজৰিৱাল সকলো চমন এৰাই চলিছিল । কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে অভিযোগ কৰিছে যে তেওঁ কেলেংকাৰীটোৰ মূল ষড়যন্ত্ৰকাৰী আছিল আৰু সুৰা ব্যৱসায়ীসকলৰ পৰা উৎকোচ দাবী কৰাত পোনপটীয়াভাৱে জড়িত আছিল ।

কিন্তু সেয়া যিয়ে নহওক, অৱশেষত দেশৰ শীৰ্ষ ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে । এতিয়া তেওঁ কাৰাগাৰৰ কুঠৰীৰ পৰা কেতিয়া ওলাই আহে তাৰ অপেক্ষা ।

লগতে পঢ়ক :ছুইচ বেংকৰ একাউণ্ট ফ্ৰীজ সম্পৰ্কীয় অভিযোগক ভিত্তিহীন তথা মনেসজা আখ্যা আদানি গ্ৰুপৰ - Hindenburg Research
লগতে পঢ়ক :চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু নাই - SITARAM YECHURY PASSES AWAY

Last Updated : Sep 13, 2024, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.