ETV Bharat / bharat

বিগত ৩ বছৰত কিমান চেনেল চলি থাকিবলৈ দিয়া হোৱা নাই ? কেন্দ্ৰৰ পৰা জানিব বিচাৰিলে উচ্চতম ন্যায়ালয়ে - Prajwal Revanna sex scandal

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 10:49 PM IST

Supreme Court: ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পৰিয়ালৰ সৈতে জড়িত যৌন কেলেংকাৰী ব্যাপকভাৱে প্ৰচাৰ কৰা কানাড়া নিউজ চেনেল পাৱাৰ টিভিৰ আবেদনৰ শুনানি গ্ৰহণ কৰে । উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ বৃদ্ধি কৰে, য’ত পাৱাৰ টিভিক উপযুক্ত অনুজ্ঞাপত্ৰৰ অভাৱত সম্প্ৰচাৰ কৰাত বাধা আৰোপ কৰা হয় ।

SUPREME COURT
উচ্চতম ন্যায়ালয় (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১৫ জুলাই: সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ অধিবক্তাক প্ৰশ্ন কৰে যে যোৱা তিনি বছৰত কিমান চেনেলে অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে আবেদন কৰিছিল, কিন্তু সিদ্ধান্ত লোৱালৈকে চলি থাকিবলৈ দিয়া হোৱা নাছিল । জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পৰিয়ালৰ সৈতে জড়িত যৌন কেলেংকাৰীক ব্যাপকভাৱে টেলিকাষ্ট কৰা কানাড়া নিউজ চেনেলে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত এই কথা কোৱা হয় ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ বৃদ্ধি কৰে, য’ত পাৱাৰ টিভিক উপযুক্ত অনুজ্ঞাপত্ৰৰ অভাৱত সম্প্ৰচাৰ কৰাত বাধা আৰোপ কৰা হয় । পাৱাৰ টিভিয়ে ৰেভান্না আৰু তেওঁৰ পৰিয়ালৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা যৌন কেলেংকাৰীৰ বিষয়ে ব্যাপকভাৱে বাতৰি পৰিৱেশন কৰিছিল ।

লগতে পঢ়ক: যৌন নিৰ্যাতনৰ অভিযোগ, দলৰ পৰা নিলম্বিত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি - Prajwal Revanna Suspension

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰকো গঠিত বিচাৰপীঠখনে অতিৰিক্ত ছলিচিটৰ জেনেৰেল বিক্ৰমজিৎ বেনাৰ্জীক কয় যে যোৱা তিনি বছৰত কিমান গোচৰত এনে চেনেলসমূহে অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে আবেদন জনাইছিল, কিন্তু তেওঁলোকক চলি থাকিবলৈ দিয়া হোৱা নাছিল, যিহেতু সিদ্ধান্ত লোৱা হোৱা নাছিল । কেন্দ্ৰৰ অধিবক্তাই উত্তৰ দিয়ে যে চেনেলটোক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰা হৈছিল যদিও কোনো সঁহাৰি উলিয়াব পৰা নাছিল । বেঞ্চে প্ৰশ্ন কৰিলে, এনেকৈ চেনেল বন্ধ কৰিব পাৰিনে ? দাখিল কৰা তথ্য শুনানিৰ পিচত উচ্চতম ন্যায়ালয়ে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ২২ জুলাইত সময় নিৰ্ধাৰণ কৰে ।

১২ জুলাইত এপেক্স কৰ্টে কানাড়া নিউজ চেনেলটোক সকাহ প্ৰদান কৰিছিল যে তেওঁলোকে বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সুৰক্ষাৰ বাবে দৃঢ়তাৰে থিয় দিছে আৰু নিজৰ কৰ্তব্যত ব্যৰ্থ হোৱাৰ উদ্দেশ্য নাই । এপেক্স কৰ্টে কৈছিল যে বৰ্তমানৰ গোচৰটো ৰাজনৈতিক প্ৰতিশোধৰ সাধাৰণ গোচৰ যেন লাগে ।

লগতে পঢ়ক: প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে চিবিআইয়ে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰাৰ সম্ভাৱনা - Prajwal Revanna sex scandal

উচ্চ ন্যায়ালয়ে পাৱাৰ টিভিক ৯ জুলাইলৈকে কোনো ধৰণৰ সম্প্ৰচাৰ চলাবলৈ বাধা আৰোপ কৰিছিল । ২৫ জুনত উচ্চ ন্যায়ালয়ে আই পি এছৰ জ্যেষ্ঠ কাৰ্যকৰী বিষয়া ডাঃ বি আৰ ৰবিকান্ত গৌড়া আৰু জে ডি এছ নেতা আৰু এম এল চি এইচ এম ৰমেশ গৌড়া আৰু তেওঁৰ পত্নী ডাঃ এ ৰাম্য ৰমেশৰ দুখন আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰিছিল ।

লগতে পঢ়ক: যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ সাংসদ প্ৰজ্বল ৰেভান্না - MP Prajwal arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.