ETV Bharat / bharat

মণিপুৰত ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ : ৫০ বিধায়কৰ পদত্যাগৰ দাবী - Students protests in Manipur

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 8:57 PM IST

Protest in Manipur : নৈতিক দায়িত্ব স্বীকাৰ কৰি ৫০ গৰাকী বিধায়কৰ পদত্যাগৰ দাবী উত্থাপিত হৈছে মণিপুৰত ৷ যাক লৈ সোমবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাজভৱনৰ সন্মুখত কন্দুৱা গেছ ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিওৱাৰ চেষ্টা ৷ আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য নিৰাপত্তা উপদেষ্টা ব্যৰ্থ হোৱাৰ অভিযোগ ৷

Protest in Manipur
মণিপুৰত ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

তেজপুৰ, ৯ ছেপ্টেম্বৰ : মণিপুৰত এতিয়াও অব্যাহত আছে অগ্নিগৰ্ভা পৰিস্থিতি । ৰাজ্যখনত সংঘটিত হৈছে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনা । সোমবাৰে ইম্ফলৰ ৰাজভৱনৰ সন্মুখত নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিয়াবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে কেবাটাও জটিল বিষয়ত জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল । কৰ্তব্য পালনত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য নিৰাপত্তা উপদেষ্টা ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি দুয়োকে শীঘ্ৰে অপসাৰণৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

Protest in Manipur
ৰাজ্যবাসীৰ স্বাৰ্থত কাম কৰাৰ দাবীৰে মণিপুৰৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ (ETV Bharat Assam)

হিংসাজৰ্জৰিত মণিপুৰত বন্ধৰ মাজতে সোমবাৰে মণিপুৰ ছাত্ৰ সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যখনত শেহতীয়াকৈ চলি থকা হিংসাত্মক কাৰ্যৰে মোকাবিলা আৰু মণিপুৰৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত মুখ্যমন্ত্ৰী সচিবালয় আৰু ৰাজভৱনত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সংগঠনৰ প্ৰতিবাদৰ মাজতে ছাত্ৰ-ছাত্ৰীয়ে চি আৰ পি এফ ৰ এখন গাড়ীতো আক্ৰমণ কৰে । উক্ত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীৰ যথেষ্টসংখ্যক লোকক মোতায়েন কৰাৰ লগে লগে এই বিক্ষোভৰ ফলত ইম্ফল চহৰত উত্তেজনা বৃদ্ধি পায় ।

ছাত্ৰ-সংগঠনৰ প্ৰতিবাদ :

প্ৰতিবাদকাৰীসকলে বেনাৰ লৈ ‘মণিপুৰ দীৰ্ঘজীৱী হওক’, ‘নৈতিক দায়িত্ব স্বীকাৰ কৰি ৫০ গৰাকী বিধায়কে পদত্যাগ কৰক’, ‘ৰাজ্য চৰকাৰক ইউনিফাইড কমাণ্ডৰ অধ্যক্ষতা দিয়ক’, ‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমান্তৰালভাৱে কাম কৰি যাওক, আদি শ্ল’গানৰ উপৰিও ৰাজ্যখনত চলি থকা সমস্যাসমূহৰ প্ৰতি কৰ্তৃপক্ষৰ সঁহাৰিৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে ৷ তদুপৰি অৰ্ধসামৰিক বাহিনী নীৰৱ দৰ্শক বুলি অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ কৰে ছাত্ৰ-ছাত্ৰীয়ে । এজন ছাত্ৰ প্ৰতিবাদকাৰীয়ে দাবী কৰে যে মণিপুৰ চৰকাৰে আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তি আৰু সাহায্য শিবিৰত থকা ছাত্ৰ-ছাত্ৰীক পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ দায়িত্ব ল’ব লাগিব । তদুপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু অসম ৰাইফলছক ৰাজ্যৰ পৰা শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

ইয়াৰোপৰি জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি নিৰাপত্তা উপদেষ্টা আৰু ডি জি পিয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী ছাত্ৰই ৷ ছাত্ৰসকলে সংবাদ মাধ্যমক কয় যে তেওঁলোক নিজৰ ঘৰতো নিৰাপদ নহয় ।

আনহাতে প্ৰতিবাদকাৰীসকলে ৰাজ্যপালৰ সৈতে বৈঠকৰ অনুমতি নোপোৱালৈকে ৰাজভৱনৰ সন্মুখত অৱস্থান কৰে । উল্লেখ্য যে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মণিপুৰৰো দায়িত্ব পালন কৰি আছে ৷ তেওঁ সোমবাৰে মণিপুৰত উপস্থিত থাকে । প্ৰতিবাদীকাৰী ছাত্ৰ-ছাত্ৰীসকলো থৌবাল জিলাৰ উপায়ুক্ত কাৰ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে সোমবাৰে ৯ ছেপ্টেম্বৰ আৰু ১০ ছেপ্টেম্বৰলৈ বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মণিপুৰ চৰকাৰে ।

মণিপুৰ কেতিয়াৰ পৰা অশান্ত :

২০২৩ বৰ্ষৰ মে' মাহৰ ৩ তাৰিখে ট্ৰাইবেল ছাত্ৰ সংগঠনৰ এটা সমদলৰ পিছতে নিশা উত্তপ্ত হৈ পৰে মণিপুৰ ৷ পৰস্পৰে পৰস্পৰৰ ঘৰ জ্বলাই দিয়াৰ ফলত হিংসাত্মক কাৰ্য বৃদ্ধি পাইছিল । ফলস্বৰূপে মণিপুৰত সেনা বাহিনীৰ অতিৰিক্ত দল আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকক মোতায়েন কৰা হয় ৷

বিগত ডেৰ বছৰ ধৰি নিৰাপত্তাহীনতাত ভুগি আছে ৰাজ্যখনৰ সাধাৰণ জনতা ৷ সুৰক্ষা প্ৰদান কৰিবলৈ যোৱা লোকো সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপিত হৈছে ৷ মণিপুৰত যোৱা ডেৰ বছৰত গোষ্ঠীগত সংঘৰ্ষত প্ৰায় ৬০,০০০ লোক গৃহহীন হয় আৰু প্ৰায় ৩০০ লোকৰ মৃত্যু হয় ৷ তদুপৰি দুগৰাকী নাৰীক বিবস্ত্ৰ কৰি ৰাজপথত সমদল কৰাও হৈছিল, যি ঘটনাৰ তদন্ত চি বি আয়ে কৰি আছে ৷

ইফালে আজিও অশান্ত হৈ আছে মণিপুৰৰ ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চল ৷ চুবুৰীয়া দেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনৰ ফলত গোপন অস্ত্ৰ-ভাণ্ডাৰ আৰু উগ্ৰপন্থীজনিত সমস্যাৰ সন্মুখীন হোৱা বুলিও স্থানীয় মেইটেই লোকসকলে অভিযোগ উত্থাপন কৰে ৷ চৰকাৰী তথ্য মতে এই হিংসাৰ ফলত ২১৯ জন লোকৰ মৃত্যু হৈছে আৰু ৬০,০০০ লোক গৃহহীন হৈছে ৷ ১০০০ৰো অধিক লোক আহত আৰু ৩২ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ লগতে ৪,৭৮৬ টা ঘৰ জ্বলাই দিয়া হৈছে ৷ মন্দিৰ আৰু গীৰ্জাকে ধৰি ৩৮৬টা ধৰ্মীয় অনুষ্ঠানো ভাঙি পেলোৱা হৈছে । কিন্তু বেচৰকাৰী তথ্য মতে ইয়াৰ সংখ্যা চৰকাৰী তথ্যতকৈ অধিক ৷

লগতে পঢ়ক : পুনৰ অশান্ত ৰাজ্য : ৯ আৰু ১০ ছেপ্টেম্বৰত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান

মণিপুৰৰ হিংসাত আমেৰিকা-চীনৰ দৰে তৃতীয় শক্তি জড়িত নেকি ?

পুনৰ জ্বলিছে মণিপুৰ : বোমা বিস্ফোৰণত কেবাগৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.