ETV Bharat / bharat

সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:25 PM IST

Updated : Jul 2, 2024, 9:42 PM IST

Hathras stampede tragedy: ধৰ্মীয় অনুষ্ঠানৰ মাজতে সংঘটিত হ’ল শোকাৱহ ঘটনা ৷ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী লোকে ৷ মৃতকৰ সংখ্যা 150 তকৈও অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা ৷

HATHRAS
STAMPEDE DURING SATSANG (ETV Bharat)

নিউজ ডেস্ক, ২ জুলাই: উত্তৰ প্ৰদেশৰ হাথৰছত মঙলবাৰে অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানৰ মাজতে সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ অনুষ্ঠানথলীত পদপিষ্ট হৈ মহিলা আৰু শিশুসহ কমেও 116 জন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিছে । ভগৱান শিৱৰ আৰাধনাৰ বাবে অনুষ্ঠিত কৰা ‘সৎসংগ’ (প্ৰাৰ্থনা সভা)ৰ সময়ত সংঘটিত হয় এই ভয়াৱহ ঘটনা ।

জিলা দণ্ডাধীশ আশীষ কুমাৰে জনোৱা মতে, ছিকন্দ্ৰৰাও তহচিলত ভগৱান শিৱৰ আৰাধনা অনুষ্ঠান চলি আছিল । সৎসংগ শেষ হোৱাৰ পিচতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ জিলা প্ৰশাসনে এই সন্দৰ্ভত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে । আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । মৃতকৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু চিকিৎসকে জনাইছে যে প্ৰায় 116 জন লোকৰ মৃত্যু হৈছে । মৃতকৰ সংখ্যা শতাধিক হোৱাৰ আশংকা কৰা হৈছে ৷

অনুমতিৰ বিষয় সন্দৰ্ভত তেওঁ কয় যে এই অনুমতি ছিকন্দ্ৰৰাওৰ এছডিএমে দিছিল । ব্যক্তিগত অনুষ্ঠান আছিল । আইন-শৃংখলা আৰু নিৰাপত্তাৰ দায়িত্বত আছিল জিলা প্ৰশাসন । ভিতৰৰ ব্যৱস্থা তেওঁৰ দ্বাৰাই কৰা হ’ল । এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে ।

হাথৰছত সংঘটিত ঘটনাৰ পিচতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব দীপক কুমাৰৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে । লগতে তেওঁ আৰক্ষী প্ৰশাসনৰ সৈতে জড়িত জ্যেষ্ঠ বিষয়াসকলক সাহায্য প্ৰদানৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে আৰু আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: ৰাম মন্দিৰত পুৰোহিতেও ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন : সকলো পুৰোহিতক দিয়া হ’ব বিশেষ পোচাক - Ayodhya Ram Mandir

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ততাতৈয়াকৈ মন্ত্ৰী লক্ষ্মী নাৰায়ণ চৌধুৰী সন্দীপ সিং, মুখ্য সচিব মনোজ কুমাৰ সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰক হাথৰছৰ ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে । ৰাজধানীৰ পৰা বিশেষ বিমানেৰে হাথৰছ অভিমুখে ৰাওনা হৈছে মন্ত্ৰীগৰাকীৰ লগতে আন সকলো উচ্চপদস্থ বিষয়া।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জ্যেষ্ঠ বিষয়াৰ পৰা নিয়মীয়াকৈ হৃদয় বিদাৰক হাথৰছৰ ঘটনাৰ আপডেট লৈছে । লগতে এই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ এখন কমিটী গঠন কৰা হৈছে । ঘটনাৰ কাৰণ তদন্তৰ বাবে এডিজি আগ্ৰা আৰু উপায়ুক্ত আলিগড়ৰ অধ্যক্ষতাত তদন্তকাৰী দল গঠন কৰা হৈছে ।

একে সময়তে হাথৰছ জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী আদিত্যনাথে । ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ লৈ গৈ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ সমান্তৰালকৈ তেওঁ আহতসকলৰ আশু আৰোগ্যও কামনা কৰে । মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: ট্ৰাক-বলেৰ'ৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে 9 জনে - Road Accident

সূত্ৰ অনুসৰি, আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । সূত্ৰটোৱে লগতে জনাই যে জিলাখনৰ ফুলৰাই গাঁৱত এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত বৃহৎ সংখ্যক ভক্ত উপস্থিত থাকে । শ শ ভক্তই একেলগে সভাস্থলী এৰি যাবলৈ চেষ্টা কৰাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । ফলত বহুলোক পদপিষ্ট হয় ৷

খবৰ অনুসৰি পাঁচ হাজাৰৰো অধিক ভক্ত সেই অনুষ্ঠানত সমবেত হৈছিল । অনুষ্ঠান আয়োজন কৰা হলটো সৰু আছিল আৰু বাহিৰলৈ ওলোৱা পথটোও অতি সংকীৰ্ণ আছিল ৷ যাৰ বাবে বহু লোক একেলগে ওলাই যাব পৰা নাছিল । সূত্ৰই জনোৱা মতে, অনুষ্ঠানটোক উপস্থিত থকা অধিকাংশ ভক্তই ওচৰৰ গাঁৱৰ পৰা আহিছিল ।

লগতে পঢ়ক: গ্ৰেটাৰ নয়ডাত নিৰ্মীয়মাণ ঘৰ খহি ৩ শিশুৰ মৃত্যু; আহত ৫ - GREATER NOIDA HOUSE COLLAPSED

আহতসকলক এটাহৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা বুলি সূত্ৰই জানিবলৈ দিয়ে ৷ জিলা প্ৰশাসনে ততাতৈয়াকৈ চিকিৎসকৰ দলক চিকিৎসালয়লৈ প্ৰেৰণ কৰি আহতসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে । সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ওচৰৰ থানাৰ আৰক্ষী বাহিনীকো ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে ।

জ্যেষ্ঠ বিষয়াসকল সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাবলৈ তদাৰক কৰে । ''আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক, চিকিৎসকে তেওঁলোকক চিকিৎসা প্ৰদান কৰি আছে,'' হাথৰছৰ এজন বিষয়াই কয় ।

লগতে পঢ়ক: অমৰনাথ যাত্ৰাৰ তৃতীয় দিন : ৬৪৬১ গৰাকী যাত্ৰীৰে আৰম্ভ অমৰনাথ গুহা দৰ্শনৰ যাত্ৰা - Amarnath Yatra 2024

Last Updated : Jul 2, 2024, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.