ETV Bharat / bharat

ৰাম মন্দিৰ চৌহদত চলিল গুলী; সেনা জোৱানৰ মৃত্যু - BULLET FIRED IN RAM TEMPLE

Ram Mandir in Ayodhya: ৰাম মন্দিৰ চৌহদত অঘটন । ৰাম মন্দিৰ চৌহদত ইয়াৰ পূৰ্বে সংঘটিত হৈছিল দুটাকৈ অঘটন । মন্দিৰ চৌহদত হঠাতেই শুনা গ'ল বন্দুকৰ গুলীৰ শব্দ ।

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 2:24 PM IST

Incident in Ram Temple
এছ এছ এফ জোৱানৰ মৃত্যু (ETV BHARAT)

নেশ্য়নেল ডেস্ক, ১৯ জুন: উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ নিৰাপত্তাত নিযুক্ত এজন এছ এছ এফ জোৱানৰ বুধবাৰে সন্দেহজনক পৰিস্থিতিত মৃত্যু হয় । বন্দুকৰ গুলীৰ আঘাতত জোৱানজনৰ মৃত্যু হয় ।

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে পুৱা ৫.২০ বজাত ৰাম মন্দিৰৰ উত্তৰ দিশত থকা চৌহদৰ গেটৰ ওচৰত কৰ্তব্যৰত জোৱান শত্ৰুঘ্ন বিশ্বকৰ্মাৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনাৰ লগে লগে নিৰাপত্তা বাহিনীৰ কৰ্মী আৰু বিষয়াসকল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ।

আহত জোৱানজনক নিৰাপত্তা বাহিনীৰ কৰ্মী আৰু বিষয়াসকলে চিকিৎসালয়লৈ নিয়ে, যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । অৱশ্যে, কোনো বিষয়াই এই বিষয়ত এতিয়ালৈকে কোনো মন্তব্য় কৰা নাই ।

সূত্ৰ অনুসৰি, পুৱা ৫.২০ বজাত ৰাম মন্দিৰৰ উত্তৰ দিশত থকা চৌহদৰ গেটৰ ওচৰত কৰ্তব্যৰত জোৱান শত্ৰুঘ্ন বিশ্বকৰ্মাৰ পৰা গুলীৰ শব্দ শুনাৰ লগে লগে চৌহদৰ নিৰাপত্তাত নিয়োজিত সকলো নিৰাপত্তাৰক্ষী সতৰ্ক হৈ এই স্থানলৈ দৌৰি যায় । নিৰাপত্তাৰক্ষীসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই জোৱানজন মাটিত বাগৰি পৰে । পিছত আহত জোৱানজনক এম্বুলেন্সেৰে দৰ্শন নগৰ ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক:ৰামলালাক দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত অমিতাভ বচ্চ

এই ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত আৰক্ষী মহাপৰিদৰ্শক, এছ এছ পি, আৰক্ষী অধীক্ষক, নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ইয়াৰ পিচতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । জোৱানজন হতাশগ্ৰস্ত আছিল বাবে আত্মহত্যাৰ সন্দেহ কৰা হৈছে । অৱশ্যে, বিষয়াসকলে চৌহদৰ চিচিটিভি ফুটেজ আৰু ওচৰত নিয়োজিত কৰ্মচাৰীসকলকো এই সন্দৰ্ভত সোধা-পোছা কৰিছে ।

লগতে পঢ়ক:ৰামলালা দৰ্শনত অভিলেখ; ১ কোটি ১২ লাখ ভক্তৰ অযোধ্যা আগমন - Ayodhya ram mandir

ৰাম মন্দিৰ চৌহদত এইটো তৃতীয় অঘটন । ইয়াৰ পূৰ্বে যোৱা ২৬ মাৰ্চত এজন পিএচি কমাণ্ডো নিহত হৈছিল । আনহাতে, যোৱা ২৫ আগষ্টতো ৰাম মন্দিৰৰ ৰামকোট বেৰিয়াৰত নিযুক্ত এজন সুৰক্ষাকৰ্মী গুলীচালনাৰ ফলত নিহত হৈছিল ।

আৰক্ষী মহাপৰিদৰ্শক প্ৰবীণ কুমাৰে এই প্ৰসংগত কয় যে, উক্ত ঘটনাটোৰ তদন্ত চলি আছে । ফৰেনছিক দলকে ধৰি নিৰাপত্তা বিষয়াসকলে বিষয়টো অনুসন্ধান চলাই আছে । ইপিনে, মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো পৰিয়ালক গতাই দিয়া হয় ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰাণ পিচত অযোধ্যাত প্ৰথম ৰাম নৱমী; ভক্তৰ ব্যাপক ভিৰ - Ram Navami in Ayodhya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.